ট্ৰান্স মেন (ইংৰাজী: Trans man; ট্ৰান্সজেণ্ডাৰ পুৰুষৰ সংক্ষিপ্ত ৰূপ) হ'ল এনে এজন পুৰুষ যি জন্মৰ সময়ত মহিলাৰ শাৰীৰিক অৱয়বৰে জন্ম হৈছিল। ট্ৰান্স পুৰুষৰ 'সাংস্কৃতিক লিংগ' পৰিচয় পুৰুষ আৰু বহুতো ট্ৰান্স পুৰুষে তেওঁলোকৰ 'জৈৱ লিংগ' আৰু 'সামাজিক লিংগ' পৰিচয়ৰ সৈতে মিল নথকা বাবে বা লিংগ ডিছফ'ৰিয়া উপশম ঘটাবলৈ নিজৰ চেহেৰা সলনি কৰিবলৈ চিকিৎসা আৰু সামাজিক পৰিৱৰ্তনৰ সন্মুখীন হয়।[1]

A young Black man dressed in vest and tie, with leg crossed over his knee and his chin resting on his hand. He looks off-camera to the left.
নিজৰ লিংগ পৰিচয় মুকলিকৈ প্ৰকাশ কৰা এনচিএএ ডিভিজন-১ কলেজৰ প্ৰথমগৰাকী ট্ৰান্সজেণ্ডাৰ পুৰুষ কাই আলুমছ।

পৰিভাষা সম্পাদনা কৰক

ব্যাপক শব্দ ট্ৰান্স হৈছে ৰূপান্তৰিত লিংগ আৰু ৰূপান্তৰকামী উভয়ৰে সংক্ষিপ্ত ৰূপ, লগতে এই অভিধাটোৱে সামাজিক লিংগ পৰিচয় আৰু জৈৱ লিংগৰ সৈতে মিল নাথকা যিকোনো ব্যক্তিক বৰ্ণনা কৰে। ট্ৰান্স পুৰুষক সাধাৰণতে মহিলাৰ পৰা পুৰুষলৈ ৰূপান্তৰিত (FTM বা F2M) বুলি কোৱা হয়।[2]

ৰূপান্তৰকামী শব্দটোৰ উৎপত্তি চিকিৎসা আৰু মানসিক সম্প্ৰদায়ৰ পৰা হৈছিল, ইয়াক সাধাৰণতে ৰূপান্তৰিত লিংগৰ এটা উপগোট বুলি গণ্য কৰা হয় যদিও দুয়োটা শব্দ সদায় প্ৰতিশব্দ ৰূপত ব্যৱহাৰ কৰিব নোৱাৰি। ইয়াত প্ৰধানকৈ চিকিৎসা বিজ্ঞানৰ দ্বাৰা ধৰা পৰা লিংগ ডিছফ’ৰিয়া থকা আৰু যিসকলে চিকিৎসা বা অস্ত্ৰোপচাৰৰ জৰিয়তে স্থায়ীভাৱে বিপৰীত লিংগলৈ পৰিৱৰ্তন হ’ব বিচাৰে সেই লোকসকলৰ বৰ্ণনা কৰা হৈছে। বহুতো ট্ৰান্স লোকে ট্ৰান্সজেণ্ডাৰ বা ট্ৰান্স পৰিচয়টো পছন্দ কৰে, তেওঁলোকে ইয়াক অধিক সমেত আৰু কম কলংকিত বুলি বিবেচনা কৰে।[3][4] কিন্তু কোনোকোনোৱে যেনে বাক এঞ্জেলে তেওঁৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে ট্ৰান্সজেণ্ডাৰ পৰিচয়ক নাকচ কৰে।[5][6] GLAAD মিডিয়া ৰেফাৰেন্স গাইডে, নিজকে স্পষ্টভাৱে নিজকে ৰূপান্তৰিত লিংগৰ বুলি পৰিচয় নিদিয়া মানুহৰ ক্ষেত্ৰত ৰূপান্তৰকামী বা ট্ৰান্সচেক্সুৱেল অভিধাটো ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছে।[7]

ট্ৰান্সমেস্কুলাইন প্ৰধানকৈ পুৰুষতান্ত্ৰিক পৰিচয় বা লিংগ প্ৰকাশ থকা সকলো ট্ৰান্স ব্যক্তিক ব্যাপক অৰ্থত বুজোৱা এটা শব্দ, আৰু ইয়াত ট্ৰান্স পুৰুষৰ লগতে নন্-বাইনেৰী লোককো অন্তৰ্ভুক্ত কৰা হয় যিসকলক জন্মৰ সময়ত মহিলা হিচাপে চিনাক্ত কৰা হৈছিল তথা তেওঁলোকৰ পৰিচয় আংশিকভাৱে পুৰুষসুলভ হ'লেও সম্পূৰ্ণৰূপে পুৰুষ নাছিল।[8][9]

বিকল্প হিচাপে 'ট্ৰান্সমেন' শব্দটো কেতিয়াবা প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু ট্ৰান্সউমেনৰ দৰেই ইয়াকো প্ৰায়ে ট্ৰেন্স-এক্সক্লুছনেৰী মতামতৰ সৈতে জড়িত কৰা হয় যিয়ে ট্ৰান্স পুৰুষক পুৰুষৰ পৰা পৃথক বুলি বিবেচনা কৰে, আৰু সেয়েহে তেওঁলোকক বৰ্ণনা কৰিবলৈ এটা সুকীয়া শব্দৰ প্ৰয়োজন হয়।[10] এই কাৰণেই বহু ৰূপান্তৰিত লিংগৰ ব্যক্তিয়ে অভিধাটোক আপত্তিজনক বুলি বিবেচনা কৰে।[10]

ৰূপান্তৰ সম্পাদনা কৰক

 
সংগীৰ সৈতে এগৰাকী সন্তান সম্ভৱা ইকুৱেডৰিয়ান ট্ৰান্স মেন।

মূলতঃ ট্ৰান্স মেন শব্দটোৱে বিশেষভাৱে হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী (HRT) বা যৌনাংগৰ অস্ত্ৰোপচাৰ (SRS) বা দুয়োটা প্ৰক্ৰিয়াৰে মহিলাৰ পৰা পুৰুষলৈ পৰিৱৰ্তন হোৱা ৰূপান্তৰকামী লোকক বুজায়। এই পৰিৱৰ্তনৰ সংজ্ঞা বহল হৈ ইয়াত মানসিক বিকাশৰ তত্ত্ব বা আত্মগ্ৰহণৰ পৰিপূৰক পদ্ধতি অন্তৰ্ভুক্ত হৈছে।[11][12] ৰূপান্তৰিত লিংগ বুলি পৰিচয় দিয়া বহুতেই লিংগ ডিছফ’ৰিয়াৰ সন্মুখীন হ’ব পাৰে।

ৰূপান্তৰকামী আৰু ৰূপান্তৰিত লিংগৰ পুৰুষে তেওঁলোকৰ শৰীৰক তেওঁলোকৰ লিংগ উপস্থাপনৰ সৈতে যিমান পাৰি সামঞ্জস্যপূৰ্ণ কৰিবলৈ হৰম’ন সংস্থাপন আৰু অস্ত্ৰোপচাৰৰ দৰে চিকিৎসাৰ ওচৰ চাপিব পাৰে। কিন্তু বহু ৰূপান্তৰিত লিংগৰ আৰু ৰূপান্তৰকামী পুৰুষৰ অস্ত্ৰোপচাৰ বা হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী কৰাৰ সামৰ্থ্য নাই বা নকৰে। শীৰ্ষভাগৰ অস্ত্ৰোপচাৰ নকৰা বহুতেই নিজৰ স্তন বান্ধি ৰাখে।

এই ৰূপান্তৰৰ ক্ষেত্ৰত তলত দিয়া কিছুমান বা সকলোবোৰ পদক্ষেপ জড়িত হ'ব পাৰে:[13][ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন]

  • সামাজিক পৰিৱৰ্তন: পছন্দৰ নাম আৰু সৰ্বনাম ব্যৱহাৰ কৰা, লিংগ উপযুক্ত বুলি ধাৰণা কৰা কাপোৰ পিন্ধা, পৰিয়াল, বন্ধু-বান্ধৱী আৰু সাধাৰণতে কৰ্মক্ষেত্ৰ/বিদ্যালয়ত নিজৰ লিংগ পৰিচয় প্ৰকাশ কৰা।
  • চিকিৎসা: হৰম'ন প্ৰতিষ্ঠাপন চিকিৎসা (HRT), আৰু/বা অস্ত্ৰোপচাৰ (SRS)[14]
  • আইনী দৃঢ়তা: আইনী চিনাক্তকৰণ নথিপত্ৰত নিজৰ নাম আৰু (কেতিয়াবা) লিংগ চিহ্নিতকাৰী চিহ্নৰ সংশোধন।[15][16]

সামাজিকভাৱে পুৰুষ হিচাপে গ্ৰহণৰ ক্ষেত্ৰত এইচ আৰ টি আৰু/বা অস্ত্ৰোপচাৰ নকৰা ট্ৰান্স পুৰুষৰ বাবে প্ৰত্যাহ্বানজনক হ'ব পাৰে।[15][16] কিছুমান ট্ৰান্স পুৰুষে কিছুমান সামাজিক পৰিস্থিতিত (যেনে কৰ্মক্ষেত্ৰত) মহিলা হিচাপেই উপস্থাপন কৰিব পাৰে।[15][16] শাৰীৰিক পৰিৱৰ্তনৰ পিছত ট্ৰান্স পুৰুষসকলে সাধাৰণতে পুৰুষ হিচাপে পূৰ্ণকালীনভাৱে জীয়াই থাকে।[15][16] কিন্তু কিছুমান ট্ৰান্সমেস্কুলাইন ব্যক্তিয়ে সন্তান সম্ভৱা হ'বলৈ, সন্তান জন্ম দিবলৈ আৰু স্তনপান কৰাবলৈ নিজৰ শৰীৰক নিয়োজিত কৰাৰো সিদ্ধান্ত লয়।[17][18]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Bariola, Emily; Lyons, Anthony; Leonard, William; Pitts, Marian; Badcock, Paul; Couch, Murray (October 2015). "Demographic and Psychosocial Factors Associated With Psychological Distress and Resilience Among Transgender Individuals". American Journal of Public Health খণ্ড 105 (10): 2108–2116. doi:10.2105/AJPH.2015.302763. PMID 26270284. 
  2. Swann, William B.; Gómez, Ángel; Vázquez, Alexandra; Guillamón, Antonio; Segovia, Santiago; Carillo, Beatriz (10 February 2015). "Fusion with the Cross-Gender Group Predicts Genital Sex Reassignment Surgery". Archives of Sexual Behavior খণ্ড 44 (5): 1313–1318. doi:10.1007/s10508-014-0470-4. PMID 25666854. 
  3. Polly, Ryan; Nicole, Julie (March 2011). "Understanding transsexual patients: culturally sensitive care in emergency nursing practice". Advanced Emergency Nursing Journal খণ্ড 33 (1): 55–64. doi:10.1097/TME.0b013e3182080ef4. PMID 21317698. https://pubmed.ncbi.nlm.nih.gov/21317698/। আহৰণ কৰা হৈছে: 2022-05-14. "The use of terminology by transsexual individuals to self-identify varies. As aforementioned, many transsexual individuals prefer the term transgender, or simply trans, as it is more inclusive and carries fewer stigmas. There are some transsexual individuals, however, who reject the term transgender; these individuals view transsexualism as a treatable congenital condition. Following medical and/or surgical transition, they live within the binary as either a man or a woman and may not disclose their transition history.". 
  4. A Swenson, Medical Care of the Transgender Patient, in Family Medicine (2014): "While some transsexual people still prefer to use the term to describe themselves, many transgender people prefer the term transgender to transsexual."
  5. "Transsexualism". Gender Centre. March 2014. http://www.gendercentre.org.au/। আহৰণ কৰা হৈছে: 2016-07-05. "Transsexualism is often included within the broader term 'transgender', which is generally considered an umbrella term for people who do not conform to typically accepted gender roles for the sex they were assigned at birth. The term 'transgender' is a word employed by activists to encompass as many groups of gender diverse people as possible. However, many of these groups individually don't identify with the term. Many health clinics and services set up to serve gender variant communities employ the term, however most of the people using these services again don't identify with this term. The rejection of this political category by those that it is designed to cover clearly illustrates the difference between self-identification and categories that are imposed by observers to understand other people." 
  6. @BuckAngel (Apr 9, 2019). "Transsexual is my identity and where I came from. [... Transgender does not represent me."]. https://twitter.com/BuckAngel/status/1115768669798141952. 
  7. "GLAAD Media Reference Guide – Transgender Terms". 22 February 2022. https://www.glaad.org/reference/trans-terms. 
  8. MacDonald, Trevor; Noel-Weiss, Joy; West, Diana; Walks, Michelle; Biener, MaryLynne; Kibbe, Alanna; Myler, Elizabeth (16 May 2016). "Transmasculine individuals' experiences with lactation, chestfeeding, and gender identity: a qualitative study". BMC Pregnancy and Childbirth খণ্ড 16 (1): 106. doi:10.1186/s12884-016-0907-y. PMID 27183978. 
  9. "Definition of transmasculine". Dictionary.com. http://www.dictionary.com/browse/transmasculine। আহৰণ কৰা হৈছে: 8 September 2016. 
  10. 10.0 10.1 German Lopez, Why you should always use "transgender" instead of "transgendered", Vox, February 18, 2015
  11. "Hudson's Guide: FTM Basics: Terminology". Hudson's FTM Resource Guide. http://www.ftmguide.org/terminology.html। আহৰণ কৰা হৈছে: 22 February 2015. 
  12. "Glossary of Terms and Usage". Hebrew Union College – Jewish Institute of Religion. Archived from the original on 19 May 2014. https://web.archive.org/web/20140519234810/http://www.huc.edu/ijso/glossary/। আহৰণ কৰা হৈছে: 22 February 2015. 
  13. "What is transition?". FTM Australia. 14 April 2007. Archived from the original on 25 July 2008. https://web.archive.org/web/20080725044946/http://www.ftmaustralia.org/treatment/whatis.html। আহৰণ কৰা হৈছে: 4 June 2022. 
  14. Meriggiola, Maria Cristina; Gava, Giulia (25 March 2015). "Endocrine care of transpeople part I. A review of cross-sex hormonal treatments, outcomes and adverse effects in transmen". Clinical Endocrinology (Wiley) খণ্ড 83 (5): 597–606. doi:10.1111/cen.12753. ISSN 0300-0664. PMID 25692791. 
  15. 15.0 15.1 15.2 15.3 Lev, Arlene Istar (2004). Transgender Emergence: Therapeutic Guidelines for Working with Gender-Variant People and their Families. The Haworth Clinical Practice Press. ISBN 978-0-7890-2117-5. OCLC 51342468. https://archive.org/details/transgenderemerg0000leva. 
  16. 16.0 16.1 16.2 16.3 Eno, Amanda S. (21 June 2013). "The Misconception of Sex in Title VII: Federal Courts Reevaluate Transsexual Employment Discrimination Claims". Tulsa Law Review খণ্ড 43 (3): 765–792. ISSN 1942-986X. https://digitalcommons.law.utulsa.edu/tlr/vol43/iss3/10/. 
  17. MacDonald, Trevor; Noel-Weiss, Joy; West, Diana; Walks, Michelle; Biener, MaryLynne; Kibbe, Alanna; Myler, Elizabeth (16 May 2016). "Transmasculine individuals' experiences with lactation, chestfeeding, and gender identity: a qualitative study". BMC Pregnancy and Childbirth খণ্ড 16 (1): 106. doi:10.1186/s12884-016-0907-y. PMID 27183978. 
  18. Bonnington, Adam; Dianat, Shokoufeh; Kerns, Jennifer; Hastings, Jen; Hawkins, Mitzi; Haan, Gene De; Obedin-Maliver, Juno (1 August 2020). "Society of Family Planning clinical recommendations: Contraceptive counseling for transgender and gender diverse people who were female sex assigned at birth" (English ভাষাত). Contraception (Elsevier BV) খণ্ড 102 (2): 70–82. doi:10.1016/j.contraception.2020.04.001. ISSN 0010-7824. PMID 32304766. https://www.contraceptionjournal.org/article/S0010-7824(20)30104-9/abstract.