ঠগা
ঠগা অসমীয়া হস্ত শিল্পৰ উৎকৃষ্ট নিদৰ্শন। চন্দ্ৰকান্ত অভিধান মতে ঠগা হ’ল (সংস্কৃতত স্থগী)পুথি থোৱা এঠেঙীয়া কাঠৰ আধাৰ। পুথি থোৱা আন এক প্ৰকাৰৰ আধাৰ পোৱা যায়। ৩০ৰ পৰা ৪৫ ছেমিঃ দীঘল তক্তা এখনৰ মাজভাগত বিশেষ প্ৰক্ৰিয়াৰে কাটি মাজেদি ফালি দুভাগ কৰা হয়। দেখিবলৈ দুখন তক্তা সংযোগ কৰি তৈয়াৰ কৰা যেন লাগে অথচ এখন তক্তাৰ পৰাই দুখন তক্তা কৰি ঠগাখন সজোৱা হয়। তক্তাখন বহলাই পুথি মেলিবলৈ সুবিধা হয়। নামঘৰ, গোসাঁইঘৰ আদিত ধৰ্মপুথি থ’বলৈ এনে ঠগাৰ ব্যৱহাৰ কৰা দেখা যায়। [1]
তথ্যসংগ্ৰহ
সম্পাদনা কৰক- ↑ অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনাৰ- ড॰ পৰমানন্দ ৰাজবংশী, ড॰ নাৰায়ন দাস (পৃষ্ঠা- ১৫৯)