মাইলছ ব্ৰনছন

আমেৰিকান বেপ্তিষ্ট মিছনেৰী
(ডক্তৰ মাইলছ ব্ৰন্ছনৰ পৰা পুনঃনিৰ্দেশিত)

মাইলছ ব্ৰনছন (১৮১২-৮৩) এগৰাকী আমেৰিকান বেপ্তিষ্ট মিছনেৰী আছিল আৰু অসম, ভাৰতৰ উত্তৰপূৰ্ব আৰু বিশেষকৈ অসমীয়া ভাষাৰ বাবে তেখেতে প্ৰভুত কাম কৰি গৈছে।[1] তেখেতৰ কাৰ্যৰ ভিতৰত তেখেতে ১৮৬৭ চনত প্ৰণীত কৰা অসমীয়া অভিধানখন মুখ্য। ১৮৩৮ চনৰ ৪ জুলাই তাৰিখে অসমৰ শদিয়ালৈ অহা ব্ৰনছনে তাৰ এবছৰ আগতেই অহা নাথান ব্ৰাউন ‌আৰু অলিভাৰ টি. কট্টৰৰ প্ৰমুখ সহযোগী আছিল।

মাইলছ ব্ৰনছন
জন্ম ২০ জুলাই, ১৮১২
নৰৱে চহৰ, নিউয়ৰ্ক মহানগৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ৯ নৱেম্বৰ, ১৮৮৩
ইটন ৰেপিডচ, মিচিগান
ধৰ্ম বেপ্তিষ্ট
Denomination আমেৰিকান বেপ্তিষ্ট

১৮১২ খ্ৰীষ্টাব্দত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কত ডক্টৰ ব্ৰনছনৰ জন্ম হয়।

বংশ পৰিচয়

সম্পাদনা কৰক

১৮৩৬ চনত বন্ধু জেকব থমাচ আৰু নিজ পৰিয়ালৰ সৈতে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসম অভিমুখে আমেৰিকাৰ পৰা ৰাওনা হৈ ১৮৩৭ চনত অসমত ভৰি দিয়েহি। পথত ব্ৰহ্মপুত্ৰইদি উজাই আহোঁতে নাও ডুবি জেকব থমাচক হেৰুৱায়। এই অসমতে দ্বিতীয় পত্নী, ভনীয়েক ৰোড, জীয়ককে আদি কৰি কেইবাজনো আত্মীয়ক চিৰদিনৰ কাৰণে হেৰুৱায়, কিন্তু আত্মীয়ৰ বিয়োগজনিত শোক তল পেলাই আশাশুধীয়াভাৱে তেওঁৰ ধৰ্ম প্ৰচাৰ আৰু সাহিত্য ৰচনাৰ কাম কৰি যায়।

তেওঁ কিছুদিন নামচঙীয়া নগাৰ মাজত বিশেষকৈ নক্তে নগাৰ মাজত ধৰ্ম প্ৰচাৰ কৰি সুবিধা যেন নেদেখি জয়পুৰলৈ উভতি আহে ১৮৪০ চনত। জয়পুৰতো প্ৰচাৰৰ উপযুক্ত পৰিবেশ নাপাই বাৰ্কাৰ পৰিয়াল, ব্ৰাউন পৰিয়াল আৰু কাট্ৰাৰে শিৱসাগৰলৈ কেন্দ্ৰ স্থানান্তৰ কৰাত ১৮৪১ চনত ব্ৰনছনেও নগাঁৱত নতুন সত্ৰ পাতিবলৈ ভটিয়াই যায়। তাত প্ৰচাৰৰ লগে লগে ল'ৰা- ছোৱালীৰ এখন বিদ্যালয় স্থাপন কৰি শিক্ষাদানত সহায় কৰে আৰু অনাথ শিশুৰ কাৰণে এখন আশ্ৰম খোলে। ১৮৪৮ চনত স্বাস্থ্যলাভৰ কাৰণে আমেৰিকালৈ উভতি গৈ তিনিবছৰৰ মূৰত ১৮৫১ চনত পুনৰ আহি পূৰ্বৰ দৰে মিছনেৰী কৰ্তব্যত ৰত হয়হি। ১৮৬৮ চনত দ্বিতীয়বাৰ স্বাস্থ্যলাভৰ উদ্দেশ্যে আমেৰিকালৈ গৈ ১৮৭১ চনত পুনৰ ঘূৰি আহে। আমেৰিকাত প্ৰথমা পত্নীৰ মৃত্যু হয়। অসমতে দ্বিতীয়বাৰ ডেনফোৰ্থৰ বিধৱা বিয়া কৰায়; কিন্তু দুবছৰমানৰ পাছতে দ্বিতীয়া পত্নী আৰু জীয়েক মেৰীয়াৰ মৃত্যু হয়। ১৮৭৮ খ্ৰীষ্টাব্দত অকলশৰে আমেৰিকালৈ উভতি যায় আৰু ১৮৮৩ চনত কৰ্মময় জীৱনৰ অৱসান ঘটে।

ব্ৰনছন চাহাবে বাইবেলৰ ভালেখিনি গুটীয়া অনুবাদ, কিছুমান স্ততি অসমীয়ালৈ অনুবাদ কৰাৰ উপৰিও তেওঁৰ যুগান্তকাৰী অৱদান হ'ল ' অসমীয়া অভিধান'। এই অভিধান ১৮৬৭ চনত ছপা হৈ ওলায়। এই অভিধানত নিভাঁজ অসমীয়া শব্দবোৰেহে ঠাই পাইছে আৰু ১৪,০০০ শব্দ সংকলিত হৈছে। সংস্কৃত বা তৎসম শব্দৰ সংখ্যা কিছু কম। এই অভিধানত যি আখৰ জোঁটনি বা বানান প্ৰণালী প্ৰয়োগ কৰিছে সেইটো উচ্চাৰণ- ৰীতিৰ ফালে দৃষ্টি ৰাখি কৰা হৈছে। ব্ৰনছনৰ আভিধানেই প্ৰথম প্ৰকাশিত অভিধান আৰু ১৯০০ খ্ৰীষ্টাব্দ পৰ্যন্ত ইয়ে ভাষাৰ একমাত্ৰ পদ- প্ৰদৰ্শক আছিল। হেমচন্দ্ৰ বৰুৱাই সংস্কৃত ব্যাকৰণভিত্তিক বানান প্ৰদ্ধতি প্ৰবৰ্তন কৰাত আৰু ১৯০০ চনত 'হেমকোষ' ছপা হোৱাত ব্ৰনছনৰ অভিধান অপ্ৰচলিত হৈ পৰে। অসমৰ শিক্ষাধিকাৰ ৰবিন্সন চাহাবে বঙলা ভাষা চলোৱাৰ সপক্ষে ওকালতি কৰাত ব্ৰনছনে অকাট্য যুক্তিসহ তাৰ তীব্ৰ প্ৰতিবাদ কৰিছিল। [2]}}

১৮৮৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগানত তেওঁৰ মৃত্যু হয়।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. গোস্বামী, লক্ষ্মীচন্দ্ৰ, মইনাৰ ড॰ মাইলছ ব্ৰনছন, প্ৰথম প্ৰকাশ, জানুৱাৰী, ১৯৯১, সৰস্বতী প্ৰকাশন, গোলাঘাট।
  2. অসমৰ সমীক্ষাত্মক ইতিবৃত্ত, সম্পাদক: সতেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ, পৃষ্ঠা: ২৫৩, ২৫৪

লগতে চাওক

সম্পাদনা কৰক

জাদুৰাম ডেকা বৰুৱা