ডাঃ নিৰ্মলা বৰুৱা হৈছে এগৰাকী অসমীয়া মহিলা চিকিৎসক। তেখেত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা।[1][2]

নিৰ্মলা বৰুৱা
জন্ম অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা চিকিৎসক
পিতৃ-মাতৃ

ব্যক্তিগত জীৱন সম্পাদনা কৰক

তেওঁৰ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।[2]

শিক্ষাজীৱন সম্পাদনা কৰক

১৯৪৭ চনৰ নৱেম্বৰ মাহৰ তিনি তাৰিখে অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিক ভাৱে প্ৰতিষ্ঠা কৰা হয়। নিৰ্মলা বৰুৱাই এই ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰে।[1]

কৰ্মজীৱন সম্পাদনা কৰক

অসমৰ ডিব্ৰুগড়, গুৱাহাটী আৰু শিলচৰ, এই তিনিওখন চিকিৎসা মহাবিদ্যালয়ত ডাঃ নিৰ্মলা বৰুৱাই সেৱা আগবঢ়ায়।[1] তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্ত্ৰী-ৰোগ আৰু প্ৰসূতি বিভাগৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।[2]

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "বিজ্ঞানৰ জগতত অসমীয়া মহিলা". http://srotaswini.in/#our-volumes। আহৰণ কৰা হৈছে: 27 May 2020. 
  2. 2.0 2.1 2.2 ডাঃ মিহিৰ কুমাৰ গোস্বামী (আগষ্ট ২০০৪). ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী. ed. "চিকিৎসাক্ষেত্ৰত অসমীয়া নাৰী". কথা গুৱাহাটী.