অসমৰ প্ৰচলিত ডাকৰ বচন অসমীয়া জনজীৱনৰ লগত সংলগ্ন মৌখিক সাহিত্যৰ এলানি উল্লেখযোগ্য প্ৰৱচন বা নীতিবাক্য। সাধাৰণ মানুহেও বুজিপোৱাকৈ বৰ্ণোৱা এই যোজনাবোৰে অসমীয়া জনজীৱনৰ লগত খাপ খোৱাকৈ বিভিন্ন বিষয়ত গভীৰ উপদেশ প্ৰদান কৰে। অসমীয়া মানুহে, বিশেষকৈ অতীতত এই বহুচৰ্চিত বাস্তৱিক উপদেশৰ ভাণ্ডাৰৰ ৰচোতাৰ ওপৰত দাৰ্শনিক ব্যক্তিত্ব আৰোপ কৰি তেওঁক ডাকপুৰুষ বোলে। অসমীয়া সাহিত্যত ডাক পুৰুষৰ নামত চলিত বা জড়িত ‘ডাকৰ বচন’ৰূপে প্ৰসিদ্ধ প্ৰৱচনসমূহক আটাইতকৈ প্ৰাচীন এনেধৰণৰ মৌখিক সাহিত্যৰূপে আখ্যা দিয়া হয়। বৰ্তমান যুগ, ভাষা আৰু জীৱন প্ৰসংগ সলনি হোৱাৰ বাবে অনেক ডাকৰ বচনৰ প্ৰয়োগ কমি গৈছে যদিয়ো কিছুসংখ্যক ডাকৰ বচন এতিয়াও প্ৰচলিত আৰু জনপ্ৰিয়।

     এই বচনবোৰ যুগ যুগ ধৰি মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে। ডাকৰ বচনবোৰত মানুহৰ সামাজিক আৰু ব্যৱহাৰিক জীৱনত পালন কৰিব পৰা কিছুমান পৰামৰ্শমূলক উক্তি, য'ত ৰাজনীতি, সমাজনীতি, ধৰ্মনীতি, অৰ্থনীতি, কৃষিনীতি, ৰন্ধন প্ৰক্ৰিয়া, যাত্ৰাৰ ফল, ৰোগৰ বিৱৰণ আদিৰ উল্লেখ আছে ।

নামৰ উৎপত্তিসম্পাদনা কৰক

ডাকপুৰুষ এজন সাধাৰণ গাঁৱলীয়া অথচ জীৱনৰ বিষয়ে গভীৰ অনুভৱ থকা ব্যক্তি হিচাপে উত্থাপন কৰা হয়। তেখেত বোলে জন্ম হোৱাৰ সময়ৰে পৰা বাস্তব জ্ঞানৰ অনুভৱশীল ব্যক্তি আছিল। প্ৰচলিত আছে, কেঁচুৱা অৱস্থাতে তেওঁক সেক দিবলৈ মাকে জুই জ্বলাবলৈ লৈ চুঙাৰে ফুৱাই ফুৱাইও নোৱাৰা দেখি মাকক কৈছিল "দীঘলকৈ মাৰিবাঁ ফু, তেতিয়াহে পাবা জুইৰ ভূ"।

জনপ্ৰৱাদত ডাকৰ বচনসম্পাদনা কৰক

ডাকক চতুৰ্থ-ষষ্ঠ শতিকাৰ বৰাহ-মিহিৰৰ সমসাময়িক বুলি ভৱা হয় আৰু বৰপেটা অঞ্চলৰ লোহি বা লোহিডঙৰা তেওঁৰ জন্ম হয় বুলি অনুমান কৰা হয়। জনপ্ৰৱাদ অনুসৰি এক কুমাৰণীৰ ঘৰত ডাকৰ জন্ম হৈছিল। উপজিয়েই মাত(ডাক) দিয়া বাবে তেওঁৰ নাম ডাক হয়। ল’ৰাকালতে ভেঁট ফুল তুলিবলৈ যাওঁতে লগৰ লগৰীয়াই পানীত পেলাই মাৰে। আন এক প্ৰৱাদমতে ডাকে হেনো মাত্ৰ ‘এদিন-এনিশা’লৈ জন্ম গ্ৰহণ কৰিছিল। এনে সামঞ্জস্যহীন প্ৰৱাদৰ পৰা ডাকক ঐতিহাসিক ব্যক্তি বুলি মানিবলৈ টান। সেয়েহে বহু পণ্ডিতে ডাকক এটা কাল্পনিক নাম বুলিয়ে গ্ৰহণ কৰিছে।[1]

ডাকৰ বচন সম্বন্ধে বিভিন্ন মতসমূহসম্পাদনা কৰক

ডাক শব্দৰ অৰ্থ হ’ল উচ্চাৰণ কৰা, সম্বোধন কৰা বা আহ্বান কৰা; গতিকে যিবোৰ উপদেশে সমাজত কেনেকৈ চলিব লাগে, সকীয়াই দিয়ে, সিয়ে হয়তো ডাকৰ বচন ৰূপে প্ৰসিদ্ধি লাভ কৰে। আন এক মত অনুসৰি আগৰে পৰা যিবোৰ ৰীতি-নীতিৰ কথা বা জ্ঞানীৰ উপদেশ জনসাধাৰণৰ মাজত ছন্দৰ মাজেদি চলি আহিছিল, সিবোৰকে হয়তো ডাক নামে কাল্পনিক পুৰুষ এজনৰ নামত প্ৰচাৰ কৰা হ’ল। হয়তো চহা জীৱনৰ গুৰুত্বপূৰ্ণ আৰু ব্যৱহাৰিক জ্ঞানৰ কথাবোৰেই ডাকৰ নামত সমাজত প্ৰচলিত হৈছিল। সম্ভৱতঃ এনেও হ’ব পাৰে যে অসমীয়া প্ৰৱচনৱলীৰ বাছকবনীয়া ভাগ ডাকৰ বচনৰূপে খ্যাত হৈছে।[2] বংগদেশৰ বাঙালীসকলে দাবী কৰিছিল যে ডাক আৰু তেওঁৰ প্ৰবচন সমূহ তেওঁলোকৰহে সম্পত্তি। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই এই কথা মানি ল'ব নোৱাৰি "বাঁহী"(২য় বৰ্ষ,প্ৰথম সংখ্যা,১৯১০)ত এটা "ডাকৰ পুথি" নামৰ এটি প্ৰবন্ধৰে সেই দাবী নাকচ কৰিছিল।[3]

বৈশিষ্ট্যসম্পাদনা কৰক

ডাকৰ বচনবোৰত কৃষি, বতৰ, ভেষজ বিদ্যা, ৰাজনীতি আদি জীৱনৰ সকলো ধৰণৰ অভিজ্ঞতা, বৰ্হিজগতৰ আৰু মানৱ জীৱনৰ ঘনিষ্ঠ জ্ঞানকে ধৰি সকলো ধৰণৰ বিষয়েই ঠাই পাইছে। পয়াৰ ছন্দত ৰচিত ডাকৰ বচনবোৰৰ ভাষাৰ মনোগ্ৰাহিতা আৰু প্ৰকাশিকা শক্তি চমকপ্ৰদ। কি মাটিত খেতি কৰিব লাগে, কেনে গৰু কিনিব লাগে, কেনে মাকৰ ছোৱালী অনা যুগুত, সু-নাৰী, কু-নাৰীৰ লক্ষণ, কেনেকৈ ৰন্ধা-বঢ়া কৰিব লাগে, কেতিয়া কোনফালে যাত্ৰা কৰিব লাগে-নালাগে, শৰীৰ ভালে ৰখাৰ নানা উপায়; এনেধৰণৰ দিহা ডাকৰ বচনবোৰত পোৱা যায়।

নাগৰিক জীৱন বা সভ্যতাৰ আঁচোৰ ডাকৰ বচনত নাই। ৰজাৰ উল্লেখ আৰু ৰাজধৰ্মৰ সামান্য আঁচোৰ কোনো কোনো বচনত চকুত পৰে যদিও ৰজাৰ ওপৰত কোনো গুৰুত্ব ডাকৰ বচনত দিয়া হোৱা নাই। 'ডাক' কথাটি তিব্বতী ভাষাতো প্ৰচলিত; অৰ্থ জ্ঞানী। গতিকে ডাকৰ বচন মানে জ্ঞানীৰ বচন বুলিয়ে ঠাৱৰ কৰিব পাৰি।

বংগদেশৰ খনাৰ বচনৰ লগতো ডাকৰ কেতবোৰ বচনৰ সাদৃশ্য দেখা যায়। জনসাধাৰণৰ মাজত চলা এই বচনবিলাক বিশ্লেষণ কৰিলে অনাখৰি চহা লোকৰো যে সৎ-অসৎ জ্ঞান আছে, ধনী-দুখীয়া নাইবা বলী-নিৰ্বলীৰ মাজত থকা পাৰ্থক্যৰ বোধ আছে তাক আছে তাক উপলব্ধি কৰিব পাৰি।[4]

ডাকৰ বচনৰ সংগ্ৰহসম্পাদনা কৰক

বিভিন্ন বিষয়ৰসম্পাদনা কৰক

  1. যদি বৰিসে জল ধাৰে।
    কি কৰিব তাক গণিতি কাৰে॥
  2. তথাপিতো তিথি বাৰক চাই।
    ডাকে বোলে কিচো বোলা জাই॥
  3. আসাঢ়ৰ নৱমি শুক্ল পক্ষত।
    যদি বৰিষে ভূমি তলত॥
  4. হাল ফাল বেচি চিন্তিয়ো দেৱ।
    ৰাজ গৃহত কৰিয়ো সেৱ॥
  5. যদি বৰষে জলৰ কণা।
    ৰঙ্গ কৰি নাচে কৃষক জনা॥
  6. বোলন্ত ডাকে ঢিল মাটি পাই।
    কান্ধে নাঙ্গাল ধৰিয়া যাই॥
  7. মেঘক দেখি হালক বাই।
    জানা শস্যৰ লাভাক পাই॥
  8. এহাত এমুঠন কলৰ পোত।
    তেহে চাবা কলৰ গোট॥
  9. ডাকে বোলে কেনে ধৰণি চহ।
    কঠীয়া নাঙ্গল নষ্ট নকৰহ॥
  10. পৌষ মাসে যদি মেঘ গৰ্জন।
    মাঘ মাহতে মেঘ সোসন॥
  11. চৈত্ৰত কেন্দু ফল নিৰন্তৰ।
    বৈসাগ মাহত পৰে পাথৰ॥
  12. ৰিনি ৰিনি জল পৰে জৈষ্ঠত।
    চাৰি মাহ বৃষ্টি হোৱে লোকত॥
  13. চৈত্ৰৰ চতুৰ্দ্দশি যদি সমতুল।
    ডাকে বোলে বৰ্ষা হোৱে বহুল॥
  14. তিথি বৃদ্ধিয়ে শয্যক নাশে।
    ঋক্ষ বৃদ্ধিয়ে তিল বিনাশে॥
  15. শ্ৰাৱন মাসত ৰোহিনি ঋক্ষত।
    যদি নবৰষে দেৱ।
  16. হাল ফাল বেচি কৰ সব লোক।
    দেৱি মহাদেৱ সেৱ॥
  17. বাৰিষা কালত বেঙ্গৰ ৰাৱ।
    হাল গৰু লৈ পথাৰক যাৱ ॥
  18. মাঘত ৰ’দ বহাগত শীত।
    চাৰি মাহে অল্প বৃষ্টি ভূমিত॥
  19. তিনিশ ষাঠী জোপা ৰুবা কল
    মাহেকে পষেকে চিকুনাবা তল।
    পচলা লাভত খাবা
    লঙ্কাৰ বনিজ ঘৰতে পাবা॥

ৰন্ধন প্ৰকৰণ সম্বন্ধীয়সম্পাদনা কৰক

  1. চিত জেৰোৱা চলি কাতি।
    বতা হেঙ্গেৰা খাগৰা মুঠি ॥
  2. স্বাস দীৰ্ঘ কৰি দিবা ফু।
    তেহে দেখিবা জুইৰ মু ॥
  3. সোকোতাৰ পাত বেসুয়াৰৰ ঝোল।
    তৈলৰ ওপৰে দিয়া তোল ॥
  4. পোৰোলা শাক ৰোহিত মাছ।
    ডাকে বোলে সেই ব্যঞ্জন সাচ ॥
  5. মাগুৰ মাছক কচি কুটিয়া।
    হালধি মৰিচ হিঙ্গক দিয়া ॥
    তৈল লোণ দি কৰিবা পাক।
    এই ব্যঞ্জন সাৰ বোলে ডাক ॥
  6. কায়ৈ মাছক কচি কুটিয়া।
    হালধি মৰিচ হিঙ্গক দিয়া ॥
    ওলোট পালট কৰিবা পিঠি।
    খাই পাইবা তেবে দৄষ্টি ॥
    ( উলট পালট কৰিয়া পিঠ,
    খায়া পাবা ভোজন মিষ্ঠ )
  7. চেঙ্গা চেঙ্গলী জামিৰৰ ৰসে।
    কাহুদি দিয়া জেবে পৰিসে॥
    মুখৰ অৰুচি দূৰক যায়।
    আচোক নৰ দেবো মোহ পাই ॥
  8. ইলিহ মাছক কচি কুটিয়া।
    ত্ৰিকুট দিয়া তৈল ভাজিয়া ॥
    এই বেঞ্জন যি জনে খাই।
    আম্ৰৰ সদৄশ মুখ গন্ধাই ॥
  9. কচ বচ চিতলৰ আদ খান।
    নেমু লোণ দি বুঝি পৰিমাণ ॥
  10. আকে খাই পাই সন্তোষ প্ৰচুৰ।
    আন বেঞ্জঁনক ক ৰিব দূৰ ॥
  11. চাউল দিবা যেতেক তেতেক।
    পানী দিবা তিনি তেতেক ॥
  12. পাগ আহিলে দিবা কাঠি।
    তেবে কৰিবা জুই ভাঠি ॥
  13. জেবে নিসিজে চাউল।
    তেবে বুলিবা ডাকক বাউল ॥
  14. পকা তেতেলী বুঢ়া বৰালী।
    বিস্তৰ কৰি দিবাহা জালি ॥
  15. বাঢ়ি দিবা টেঙাৰ ঝোল।
    খাবৰ বেলা মুণ্ড নোতোল ॥[5]

বিষয়সমূহসম্পাদনা কৰক



গ্ৰাম্যজীৱন সম্পগ্ৰাম্যয়সম্পাদনা কৰক


ব্যক্তিজীৱন সম্পৰ্কীয়সম্পাদনা কৰক


কৃষি সম্পৰ্কীয়সম্পাদনা কৰক


সংস্কৃতি সম্পৰ্কীয়সম্পাদনা কৰক


ৰাজনীতি সম্পৰ্কীয়সম্পাদনা কৰক


অন্যান্যসম্পাদনা কৰক


প্ৰভাব আৰু প্ৰাসংগিকতাসম্পাদনা কৰক


অতীতসম্পাদনা কৰক


বৰ্তমানসম্পাদনা কৰক


ভৱিষ্যতেসম্পাদনা কৰক


গৱেষণাসম্পাদনা কৰক



বাহিৰা লিংকসম্পাদনা কৰক


তথ্যসূত্ৰসম্পাদনা কৰক

  1. অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা,২০০১,পৃষ্ঠা-১০৪ (১)
  2. অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা,২০০১,পৃষ্ঠা-১০৪ (২)
  3. বাঁহী,ডাকৰ পুথি,লক্ষ্মীনাথ বেজবৰুৱা ১৯১০,
  4. অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা,২০০১,পৃষ্ঠা-১০৪ (৩)
  5. ডাকৰ-বচন publisher=xahitya.org | accessdate=16 October,2011 | author=বৰ্ণালি দেউৰী-বৰা