ডানেলিয়া টুলেশ্বোভা (ইংৰাজী: Daneliya Tuleshova, কাজাখ : Данэлия Төлешова , ৰোমানিক: Danelia Töleşova), (জন্ম ১৮ জুলাই ২০০৬) [1] [2] [3] [4] [5] এগৰাকী কাজাখস্তানী গায়িকা। ২০১৮ চনত বেলাৰুছৰ মিনস্কত অনুষ্ঠিত হোৱা জুনিয়ৰ ইউৰোভিছন গীত প্ৰতিযোগিতাত কাজাখাস্তানক প্ৰতিনিধিত্ব কৰি তেওঁৰ গীত "Ózińe sen" ৰ জৰিয়তে ষষ্ঠ স্থান দখল কৰে। জুনিয়ৰ ইউৰোভিছনৰ পূৰ্বে তেওঁ দ্য ভইচ কিডছ ইউক্ৰেইনৰ চতুৰ্থ ছিজনত জয়লাভ কৰিছিল আৰু ২০১৫ চনৰ চিলড্ৰেনছ নিউ ৱেভত চূড়ান্ত প্ৰতিযোগী আছিল।২০১৯ চনত তেওঁ ডিমাছ কুডাইবাৰ্গেনৰ সৈতে নিজৰ দেশক প্ৰতিনিধিত্ব কৰি দ্য ৱৰ্ল্ডছ বেষ্টত অংশগ্ৰহণ কৰিছিল। আমেৰিকা গট টেলেণ্টৰ ১৫ নং ছিজনৰ ফাইনেলিষ্ট আছিল।

Daneliya Tuleshova

Daneliya at Barboza 2024
প্ৰাথমিক তথ্য
আন নাম DANELIYA, Da NeL
জন্ম ১৮ জুলাই, ২০০৬ (১৮ বছৰ)
Astana, Kazakhstan
মূল Almaty, Kazakhstan
সংগীতৰ প্ৰকাৰ
পেচা Singer, Songwriter
বাদ্যযন্ত্ৰ Vocals
কাৰ্যকাল 2015–present
ৰেকৰ্ড লেবেল
  • Daneliya Tuleshova Production
  • 4 Chords Records
  • DT Music Group
  • VANNS Music
ৱেবছাইট https://www.daneliya.co

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

ডানেলিয়াৰ জন্ম হৈছিল ২০০৬ চনৰ ১৮ জুলাইত কাজাখস্তানৰ ৰাজধানী আস্তানাত। [1] তেওঁৰ মাতৃৰ নাম এলেনা টুলেশ্বোভা আৰু পিতৃৰ নাম আলেকজেণ্ডাৰ টুলেশ্বোভা।দুয়ো গৰাকী কাজাখস্তানৰ অতি পুৰনি বাসীন্দা যথাক্ৰমে কাজাখ আৰু টাটাৰ পৰিয়ালৰ খিলঞ্জি লোক। ডানেলিয়াৰ দুগৰাকী সৰু ভাই-ভনী আছে। [6] চাৰি বছৰ বয়সতে জিমনাষ্টিকছৰ অনুশীলনত পোৱা আঘাতৰ পৰা সুস্থ হৈ উঠা পিছত ডানেলিয়াই বলৰুম নৃত্যৰ অনুশীলন আৰম্ভ কৰে। তাৰ পিছত আলমাটিত নৃত্যৰ ক্লাছৰ লগতে একে সময়তে অভিনয় আৰু গায়কীৰ ক্লাছতো অংশ লৈছিল। ২০১৮ চনত ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতে তেওঁ ইউক্ৰেইনৰ পদাৰ্থ বিজ্ঞান আৰু গণিত লাইচিয়ামত গণিত বিষয়ত গুৰুত্ব আৰোপ কৰিছিল। [1] টুলেশ্বোভাৰ জন্ম আস্তানাত হৈছিল যদিও, ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ইউটিউবত ৰখা এটা সাক্ষাৎকাৰত তেওঁৰ গৃহ চহৰ আলমাটি বুলি কৈছিল। [7]

সঙ্গীত জীৱনৰ আৰম্ভণি

সম্পাদনা কৰক

ৰাছিয়াৰ ছোচিত অনুষ্ঠিত হোৱা শিশুৰ নিউ ৱেভত অনুষ্ঠান পৰিৱেশন কৰি থকা টুলেশ্বোভা। আঠ বছৰ বয়সত ৰাছিয়াত প্ৰতি বছৰে অনুষ্ঠিত হোৱা যুৱ কলা-কুশলীৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বিখ্যাত শিশু নিউ ৱেভৰ বাছনি ৰাউণ্ড কাজাখ গায়ন প্ৰতিযোগিতা আয়াগ্লাগান আস্তানাৰ আয়োজকসকলে তেওঁক দেখা পায়। ২০১৫ চনত ডেনেলিয়াই এই প্ৰতিযোগিতাত জয়লাভ কৰে আৰু শিশুৰ নিউ ৱেভৰ ফাইনেলত প্ৰৱেশ কৰি দৰ্শক বঁটা লাভ কৰে। [1]

২০১৭–২০১৮: দ্য ভইচ কিডছ ইউক্ৰেইন আৰু জুনিয়ৰ ইউৰোভিজন

সম্পাদনা কৰক

দ্য ভইচ কিডছ ইউক্ৰেইন জয় কৰাৰ পিছত পৰিবেশন কৰা টুলেশ্বোভা। ২০১৭ চনৰ জানুৱাৰী মাহত টুলেশ্বোভাই আন্তঃৰাষ্ট্ৰীয় গায়ন প্ৰতিযোগিতা হোপছ অৱ ইউৰোপত অংশগ্ৰহণ কৰিছিল আৰু তাত তেওঁ গ্ৰেণ্ড প্ৰাইজ লাভ কৰিছিল। সেই বছৰৰ শেষৰ ফালে তেওঁ দ্য ভইচ কিডছ ইউক্ৰেইনৰ ৪ৰ্থ ছিজনৰ বাবে অডিচন দিয়ে। ব্লাইণ্ড অডিচনৰ সময়ত তেওঁ ডেমি লোভাটোৰ গীত "ষ্টোন কল্ড" পৰিবেশন কৰে। তিনিওজন প্ৰশিক্ষক; মনাটিক, নাটালিয়া মহাইলেভস্কা আৰু ভ্ৰেমিয়া আই ষ্টেক্লোৱে তাইৰ বাবে "নিজৰ চকী ঘূৰাই দিলে"; তাই মনাটিক বাছি লৈছিল। আটাইকেইটা মঞ্চ পাছ কৰি গ্ৰেণ্ড ফাইনেলত স্থান লাভ কৰে। তাত "Ne tvoya viyna" গীতটো পৰিবেশন কৰি শেষত ১০ বছৰ বয়সত প্ৰতিযোগিতাখনৰ বিজয়ী হিচাপে ঘোষণা কৰা হয়। সেই সময়ত তেওঁ প্ৰথমগৰাকী অ-ইউক্ৰেইনীয় বিজয়ী আছিল, [1] কিন্তু ২০১৯ চনত জৰ্জিয়াৰ গায়ক অলেক্সেণ্ড্ৰ জাজাৰাছভিলিয়ে পঞ্চম ছিজনত জয়লাভ কৰে। [8]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 1.2 1.3 1.4 [junioreurovision.tv. "Daneliya Tuleshova".] Check |url= value (help). Retrieved 16 August 2019.  Check date values in: |date= (help)
  2. ["Daneliya Tuleshova Official Web Site". iamdaneliya.com. Archived from the original] Check |url= value (help). on 19 June 2019. Retrieved 16 August 2019.  Check date values in: |date= (help)
  3. ["Danelia Tuleshova (Kazakhstan)" (in Russian). Krasavin, Oleg (8 August 2015).] Check |url= value (help). Retrieved 16 August 2019.  Check date values in: |date= (help)
  4. ["Artist Management and Booking – Daneliya Tuleshova – Biography". Keane, Ed (11 February 2019). "Artist Management and Booking – Daneliya Tuleshova – Biography".] Check |url= value (help). Retrieved 16 August 2019.  Check date values in: |date= (help)
  5. ["Daneliya Tuleshova discusses her 13th Birthday (with English captions)". Tuleshova, Daneliya (17 July 2019).] Check |url= value (help). YouTube. Retrieved 17 August 2019.  Check date values in: |date= (help)
  6. ["Danelia Tuleshova: "I did not have a goal to win"".X "Danelia Tuleshova: "I did not have a goal to win"".] Check |url= value (help). Kukaeva, Antonina (12 February 2018). on 28 July 2019. Retrieved 28 July 2019.  Check date values in: |date= (help)
  7. "Kokumbaeva, Rauana (22 February 2019). "Danelia Tuleshova about The World's Best project, creativity and development (closed-captioned in English)". YouTube.". Retrieved 16 August 2019.. 
  8. ["Олександр Зазарашвілі – переможець шоу Голос Діти 5: біографія і відео виступів". "maximum.fm (in Ukrainian)."]. 8 July 2019. Retrieved 8 July 2019.. "Олександр Зазарашвілі – переможець шоу Голос Діти 5: біографія і відео виступів".। আহৰণ কৰা হৈছে: 17 November 2024.