ডিব্ৰুগড় পলিটেকনিক

ভাৰতীয় উচ্চ শিক্ষানুষ্ঠান

ডিব্ৰুগড় পলিটেকনিক অসমৰ ডিব্ৰুগড় জিলাৰ লাহোৱালত অৱস্থিত এখনি প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠান। অসম চৰকাৰে ১৯৬৫ চনত এই প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছিল।[1] এইখন প্ৰতিষ্ঠান ৰাজ্যিক প্ৰযুক্তি শিক্ষা পৰিষদ, অসমৰ অন্তৰ্ভুক্ত। ৰাজ্যিক প্ৰযুক্তি শিক্ষা পৰিষদ অসম প্ৰযুক্তি শিক্ষা সঞ্চালকালয়ে পৰিচালনা কৰে। উক্ত প্ৰতিষ্ঠান সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ স্বীকৃৰ্তি প্ৰাপ্ত।

ডিব্ৰুগড় পলিটেকনিক
Dibrugarh Polytechnic
মূলমন্ত্ৰ Duty is Beauty (কৰ্তব্যয়ে সৌন্দৰ্য)
স্থাপিত ১৯৬৫
ধৰণ ৰাজহুৱা
অধ্যক্ষ প্ৰণৱ কুমাৰ বৰঠাকুৰ
স্থান , লাহোৱাল, ডিব্ৰুগড়, অসম, ভাৰত
27°28′08″N 94°59′18″E / 27.4688°N 94.9884°E / 27.4688; 94.9884স্থানাংক: 27°28′08″N 94°59′18″E / 27.4688°N 94.9884°E / 27.4688; 94.9884
চৌহদ উপ-চহৰাঞ্চল
ভুক্তি ৰাজ্যিক প্ৰযুক্তি শিক্ষা পৰিষদ, অসম
সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ (AICTE)
ৱেবছাইট dibrugarhpolytechnic.org

এই প্ৰতিষ্ঠানখন ডিব্ৰুগড়ৰ লাহোৱালত অৱস্থিত। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাত্ৰ ১.৮ কিঃমিঃ নিলগত ডিব্ৰুগড় পলিটেকনিক অৱস্থিত। ইয়াৰ চাৰিওফালে সেউজীয়া চাহ বাগিচা আৰু ধুনীয়া প্ৰাকৃতিক পৰিৱেশ বিদ্যমান। ই ডিব্ৰুগড় ৰেল ষ্টেচন ৫ কিঃমিঃ আৰু ডিব্ৰুগড় বিমানবন্দৰ ৬ কিঃমিঃ নিলগত অৱস্থিত।

প্ৰতিষ্ঠানখনে ব্যৱহাৰিক, যান্ত্ৰিক, আৰু বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগত ৩ বছৰীয়া ডিপ্ল'মা পাঠ্যকম আগবঢ়ায়। এই সকলো পাঠ্যক্ৰম অসম প্ৰযুক্তি শিক্ষা সঞ্চালকালয় অধীনৰ ৰাজ্যিক প্ৰযুক্তি শিক্ষা পৰিষদৰ অন্তৰ্ভুক্ত।

ইয়াৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে প্ৰতিবছৰে প্ৰযুক্তি শিক্ষা সঞ্চালকালয়, অসমে পলিটেকনিক প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে।

বিভাগ সমূহ

সম্পাদনা কৰক
  • ব্যৱহাৰিক অভিযান্ত্ৰিক বিভাগ (Department of Civil Engineering)
  • বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগ (Department of Electrical Engineering)
  • যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ (Department of Mechanical Engineering)
  • পদাৰ্থ বিজ্ঞান বিভাগ (Department of Physics)
  • ৰসায়ন বিজ্ঞান বিভাগ (Department of Chemistry)
  • গণিত বিভাগ (Department of Mathematics)
  • মানৱিকি বিভাগ (Department of Humanities)
  • কৰ্মশালা (Workshop Departments)
  1. "Director of technical education, Assam". dteassam.in. Archived from the original on 2017-06-17. https://web.archive.org/web/20170617091312/http://www.dteassam.in/। আহৰণ কৰা হৈছে: 2017-06-17. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক