ডিম্পু বৰুৱা

অসমীয়া ইউ টিউবাৰ

ডিম্পু বৰুৱা (ইংৰাজী: Dimpu Baruah) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এজন ইউটিউবাৰ। অসমীয়া ভাষাত ভিডিঅ’ আপল’ড কৰা তেওঁৰ ডিম্পু বৰুৱা (Dimpu Baruah) আৰু ডিম্পুছ ভ্লগ্‌ছ (Dimpu's Vlogs) ইউটিউব চেনেলদুটাই ইতিমধ্যে ২ মিলিয়ন ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। তেওঁৰ Diiimpu নামেৰে হিন্দী ভাষাতো এটা ইউটিউব চেনেল আছে। বৰ্তমান তেওঁৰ দ্বিতীয়টো চেনেলৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হ’ল ২৮,৮০০০০৷[3][ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন]

ডিম্পু বৰুৱা
ব্যক্তিগত তথ্য
জন্ম ৬ আগষ্ট, ১৯৯৫ (২৮ বছৰ)
পাঠশালা
জাতীয়তা ভাৰতীয়
বাসস্থান নলবাৰী, অসম
ইউটিউবৰ তথ্য
চেনেলসমূহ
সক্ৰিয় হৈ থকা সময় ২০১৭ ৰ পৰা বৰ্তমানলৈ
চাবস্ক্ৰাইবাৰৰ সংখ্যা Dimpu Baruah (২ মিলিয়নতকৈ অধিক)[1], Dimpu's Vlogs (২ মিলিয়নতকৈ অধিক)[2]
১,০০,০০০ চাবস্ক্ৰাইবাৰ Dimpu Baruah (২০১৮) Dimpu's Vlogs (২০১৮)
১০,০০,০০০ চাবস্ক্ৰাইবাৰ Dimpu's Vlogs (২০২০), Dimpu Baruah (২০২১)

ব্যক্তিগত জীৱন সম্পাদনা কৰক

তেওঁৰ পিতৃৰ নাম পিতাম্বৰ বৰুৱা আৰু মাতৃৰ নাম লতিকা বৰুৱা। তেওঁ ঘৰৰ একমাত্ৰ সন্তান। মোমায়েকৰ ঘৰত ডিম্পুৱে শৈশৱ অতিবাহিত কৰিছিল। তেওঁ সৰুৰে পৰা লাজুক স্বভাৱৰ আছিল৷ ইউটিউবত অসমীয়া ভাষাত ভ্লগিং কৰাটো বৰ্তমান তেওঁৰ পেচা।[4]

শিক্ষা সম্পাদনা কৰক

দেবীৰাম পাঠশালা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ডিম্পু বৰুৱা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমী জুনিয়ৰ কলেজৰ পৰা তেওঁ উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত উত্তীৰ্ণ হৈ ইংৰাজী বিষয়ত নলবাৰী কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[4] পৰৱৰ্তী সময়ত তেওঁ D.El.Ed.-ও সম্পন্ন কৰে।

কৰ্মজীৱন সম্পাদনা কৰক

প্ৰথম অৱস্থাত তেওঁ নলবাৰীৰ এখন বিদ্যালয়ত অংশকালীনভাৱে শিক্ষকতা কৰিছিল। বৰ্তমান ইউটিউবকে পেছা হিচাপে লৈছে৷[5]

সামাজিক কাম সম্পাদনা কৰক

বৰুৱাই ২০২০ চনৰ অসম বানপীড়িতসকলৰ বাবে ৪৩,০০০ টকা সংগ্ৰহ কৰি গৃহহীন বানপীড়িতৰ মাজত বিতৰণ কৰিছিল৷ ইয়াৰোপৰি বৰ্তমান তেওঁ অসমীয়া সংস্কৃতিৰ বিভিন্ন বিষয়ত ইউটিউবত জনমত গঠন বা জনাজাতৰ বাবে কাম কৰি আহিছে৷[6]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Dimpu Baruah" (as ভাষাত). YouTube. https://youtube.com/c/DimpuBaruah. 
  2. "Dimpus Vlogs" (as ভাষাত). YouTube. https://youtube.com/c/DimpusVlogs. 
  3. "Dimpu baruah biography". fandom.com. https://youtube.fandom.com/wiki/Dimpu_Baruah। আহৰণ কৰা হৈছে: 18 December 2022. 
  4. 4.0 4.1 Bhaskar Jyoti Das (8 January 2022). "Dimpu Baruah Biography, Wiki, Youtube, Income". www.amazing-assam.com. https://www.amazing-assam.com/2020/05/dimpu-baruah-biography-wiki-youtube-income.html। আহৰণ কৰা হৈছে: 9 July 2022. 
  5. Jk Bhradwaj (2 September 2021). "Dimpu Baruah". www.jonackassam.com. https://www.jonackassam.com/2021/09/dimpu-baruah-10-interesting-facts-about.html। আহৰণ কৰা হৈছে: 9 July 2022. 
  6. "Assam YouTube personality Dimpu Baruah raises Rs 43,000 for flood victims". www.sentinelassam.com. 21 July 2020. https://www.sentinelassam.com/north-east-india-news/assam-news/assam-youtube-personality-dimpu-baruah-raises-rs-43000-for-flood-victims-490125?infinitescroll=1। আহৰণ কৰা হৈছে: 9 July 2022. 

বাহ্যিক সংযোগ সম্পাদনা কৰক