৬ আগষ্ট
তাৰিখ
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২৪ |
৬ আগষ্ট (ইংৰাজী: 6 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৮তম (অধিবৰ্ষত ২১৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪৭টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
উল্লেখযোগ্য ঘটনাৱলী
সম্পাদনা কৰক- ১৮২৫ - বলিভিয়াই পেৰুৰ পৰা স্বাধীনতা লাভ কৰে।
- ১৯০৬ - স্বাধীনতা সংগ্ৰামী চিত্ৰৰঞ্জন দাসে বন্দেমাতৰম বাতৰি কাকত প্ৰকাশ কৰে।
- ১৯৪৫ - আমেৰিকাই জাপানৰ হিৰোচিমাত পৰমাণু বোমা নিক্ষেপ কৰিছিল।
- ১৯৬২ - জামাইকাই ব্ৰিটিছৰ পৰা ৩০০ বছৰ শাসনৰ পিছত স্বাধীনতা লাভ কৰে।
জন্ম
সম্পাদনা কৰক- ১৮৫৯ - আলফ্ৰেড হেটনাৰ, জাৰ্মান ভূগোল বিজ্ঞানী। (জন্মঃ ৩১ আগষ্ট,১৯৪১)
- ১৮৮১ - বিখ্যাত জীৱ বিজ্ঞানী আৰু পেনিচিলিনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰ ফ্লেমিং।
- ১৯১৫ - ভাৰতৰ পঞ্চম লোকসভাৰ অধ্যক্ষ গুৰুদয়াল সিং ধিলনৰ জন্ম হৈছিল।
- ১৯২১ - স্বাধীনতা সংগ্ৰামী আৰু মধ্যপ্ৰদেশ ভূতপূৰ্ব ৰাজ্যপাল কে এম চান্দীৰ জন্ম হয়।
- ১৯৩৩ – এ. জি. কৃপাল সিং, ভাৰতীয় ক্ৰিকেটাৰ। (মৃত্যু ১৯৮৭)
মৃত্যু
সম্পাদনা কৰক- ১৬৩৭ - ইংৰাজ কবি আৰু নাট্য়কাৰ বেন জনছন।
- ১৯২৫ - ভাৰতীয় কংগ্ৰেছৰ নেতা সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ মৃত্যু হয়।
- ১৯৯৭ - ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, প্ৰথমজন অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী, সাহিত্যিক -ঔপন্যাসিক।
- ২০০৩ - ৰবীন বেনাৰ্জী, অসমৰ এগৰাকী বিশিষ্ট প্ৰকৃতিবিদ, চিত্ৰশিল্পী, ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা।
- ২০১৯ - বিজেপিৰ শীৰ্ষ নেতা, কেন্দ্ৰীয় মন্ত্ৰী আৰু দিল্লীৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী সুষমা স্বৰাজৰ মৃত্যু হয়।
দিৱস
সম্পাদনা কৰক- হিৰোচিমা দিৱস।
- বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ ষষ্ঠ দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)