ডিম্ব কোষ

অসমজননকোষী প্ৰাণীৰ স্ত্ৰী জনন কোষ

ডিম্ব কোষ, ব ডিম্বাণু বেছিভাগ অসমজননকোষী প্ৰাণীৰ স্ত্ৰী জনন কোষ। অসমজননকোষী প্ৰাণীয়ে এটা ডাঙৰ "স্ত্ৰী" জননকোষ আৰু এটা "সৰু" পুং জননকোষেৰে যৌন প্ৰজনন কৰে। স্ত্ৰী জননকোষ চলনশীল নহ'লে ডিম্বাণু শব্দটো ব্যৱহাৰ কৰা হয়। পুং জননকোষ চলনশীল হ'লে এনে যৌন প্ৰজননক "ওগেমাছ" বোলা হয়।

ডিম্ব কোষ
Gray3.png
চাৰিওকাষৰ ক'ৰণা ৰেডিয়াটাৰে এটা মানৱ ডিম্ব কোষ
লেটিন Ovum
মানৱ ডিম্ব কোষ

নিষেচন প্ৰক্ৰিয়াৰ দ্বাৰা ডিম্বাণু আৰু শুক্ৰাণু লগ হ'লে ভ্ৰূণ নামৰ দ্বিগুণ কোষৰ সৃষ্টি হয়। এই কোষৰ বৰ্ধন হৈ নতুন জীৱ হৈ পৰে।

ইতিহাসসম্পাদনা কৰক

অস্তন্যপায়ী প্ৰাণী ডিম্বৰ পৰা উদ্ভৱ হোৱাটো জনাজাত আছিল, কিন্তু ৱিলিয়াম হাৰ্ভিৰ (১৫৭৮-১৬৫৭) মতবাদ ex ovo omne vivum ("সকলো জীৱিত প্ৰাণী ডিম্বৰ পৰা আহে") প্ৰচলিত ধাৰণা স্বয়ংক্ৰিয় উৎপত্তি আৰু প্ৰাক্‌-উদ্ভৱবাদৰ বিপৰীত আছিল। কাৰ্ল আৰ্নেষ্ট ভন বাৰএ ১৮২৭ চনত স্তন্যপায়ী প্ৰাণীৰ ডিম্ব আৱিষ্কাৰ কৰে।[1][2] ১৮৭৬ চনত অস্কাৰ হাৰ্টৱিগে তৰামাছৰ শুক্ৰাণুৱে ডিম্বাণুৰ লগত যোজন কৰা প্ৰত্যক্ষ কৰে।[3][4]

প্ৰাণীসম্পাদনা কৰক

প্ৰাণীৰ ক্ষেত্ৰত ডিম্বকোষক ইংৰাজীত ova (একক ovum, লেটিন শব্দ ovum ৰ পৰা) বোলে। মেৰুদণ্ডী প্ৰাণীৰ স্ত্ৰীয়ে ডিম্বাশয় নামৰ জননাংগত ডিম্ব উৎপাদন কৰে। স্তন্যপায়ী প্ৰাণীৰ জন্মৰেপৰাই বহুসংখ্যক ডিম্ব থাকে যিবোৰ অণ্ডজননৰ জৰিয়তে পূৰঠ হয়। হোৱাইট আৰু সহকৰ্মীসকলে সকলো ডিম্ব জন্মৰ আগৰেপৰাই থাকে বোলা বিশ্বাসটো খণ্ডন কৰে। মাছাচুছেট্‌ছৰ এই দলটোৱে প্ৰমাণ কৰে যে প্ৰজননক্ষম মহিলাৰ ডিম্বাশয়ত অণ্ডক উৎপন্ন হয়।[5][6] স্তন্যপায়ী স্ত্ৰীয়ে সীমিত সংখ্যক ডিম্ব লৈ জন্মগ্ৰহণ কৰে আৰু ৰজোনিবৃত্তিত এয়া শেষ হয় বুলি ১৯৫০ চনমানৰ পৰা চলি অহা বিশ্বাস এই প্ৰতিবেদনে নাকচ কৰে।[7]

মানুহকে ধৰি স্তন্যপায়ী প্ৰাণীসম্পাদনা কৰক

 
মানৱ ডিম্বকোষৰ চিত্ৰ
 
শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন
 
ডিম্বাণুৰ নিষেচন প্ৰক্ৰিয়া (ওপৰৰ পৰা তললৈ)

সকলো স্তন্যপায়ী প্ৰাণীতে ডিম্বাণুৰ নিষেচন স্ত্ৰী দেহৰ ভিতৰত হয়।

মানুহৰ ডিম্বাণু ডিম্বাশয়ত থকা প্ৰাথমিক জনন কোষৰ পৰা হয়। প্ৰত্যেকটোৱেই বাৰে বাৰে বিভাজিত হৈ ব্লাষ্ট'চিষ্ট গঠন কৰে।[8]

ডিম্বাণু মানুহৰ দেহৰ ডাঙৰ কোষবোৰৰ এটা। অণুবীক্ষণ যন্ত্ৰ নোহোৱাকৈয়ে ইয়াক দেখা পোৱা যায়।[9] মানৱ ডিম্বৰ ব্যাস প্ৰায় ০.১ মিমি (০.০০৩৯ ইঞ্চি)।[10]

ওপ্লাজমসম্পাদনা কৰক

ওপ্লাজম (Ooplasm বা oöplasm) ডিম্বৰ পীতক কোষ য'ত কোষকেন্দ্ৰ আৰু অতিকেন্দ্ৰ থাকে।[11]

ওপ্লাজমত সাধাৰণ কোষৰ দৰে কোষপ্ৰৰস থকাৰ লগতে ফেটী এচিড আৰু এল্‌বুমিনৰ দৰে পদাৰ্থৰে গঠিত স্প'ঞ্জিয়'প্লাজম বা গাঁথনিক পীত আৰু হায়াল'প্লাজম বা পুষ্টি পীত থাকে।[11]

স্তন্যপায়ীৰ ডিম্বত ভ্ৰূণৰ প্ৰাৰম্ভিক বিকাশৰ বাবে সামান্য পৰিমাণৰ পুষ্টি পীত থাকে। ইয়াৰ বিপৰীতে চৰাইৰ ডিম্বত উমনিৰ গোতেই সময়ছোৱাত পোৱালিটোক পুষ্টি যোগাবৰ বাবে যথেষ্ট পীত থাকে।[11]

ডিম্বজ প্ৰাণীত ডিম্বাণুসম্পাদনা কৰক

ডিম্বজ প্ৰাণীবোৰত (সকলো চৰাই, বেছিভাগ মাছ, উভচৰ আৰু সৰীসৃপ) ডিম্বাণুৰ সুৰক্ষা আৱৰণ গঢ় লয় আৰু ই ডিম্বনলীয়েদি শৰীৰৰ বাহিৰলৈ ওলাই আহে। পুৰুষ শুক্ৰাণুৱে এই ডিম্ব কোষক স্ত্ৰী শৰীৰৰ ভিতৰত (চৰাইৰ ক্ষেত্ৰত) বা বাহিৰত (বহু মাছত) নিষেচন কৰে। নিষেচনৰ পাছত ডিম্বত থকা পুষ্টি দ্ৰব্যৰ সহায়ত ভ্ৰূণৰ বিকাশ হয়। তাৰ পাছত ই মাকৰ শৰীৰৰ বাহিৰত কণীৰ পৰা ওলাই আহে।

ডিম্ব কোষৰ কেৱল কোষপ্ৰৰস আৰু মাইট'কণ্ড্ৰিয়াৰ সহায়তহে ই মাইট'ছিছৰ জৰিয়তে বিভাজন কৰিব পাৰে আৰু শেষত নিষেচনৰ পাছত ব্লাষ্ট'চীষ্টলৈ ৰূপান্তৰ হয়।

আৰু চাওকসম্পাদনা কৰক

তথ্যসূত্ৰসম্পাদনা কৰক

  1. "An amazing 10 years: the discovery of egg and sperm in the 17th century". Reprod Domest Anim খণ্ড 47 (Suppl 4): 2–6. 2012. doi:10.1111/j.1439-0531.2012.02105.x. PMID 22827343. 
  2. ""Conclusio" from Carl Ernst von Baer's De Ovi Mammalium et...". http://commons.wikimedia.org/wiki/File:%22Conclusio%22_from_Carl_Ernst_von_Baer%27s_De_Ovi_Mammalium_et..._Wellcome_L0013369.jpg. 
  3. Needham, Joseph (1959). A History of Embryology (2d revised সম্পাদনা). প্ৰকাশক Cambridge: Cambridge University Press. 
  4. Lopata, Alex (April 2009). "History of the Egg in Embryology". Journal of Mammalian Ova Research খণ্ড 26 (1): 2–9. doi:10.1274/jmor.26.2. 
  5. White, Yvonne A R (26 February 2012). "Oocyte formation by mitotically active germ cells purified from ovaries of reproductive-age women". Nature Medicine খণ্ড 18 (3): 413–421. doi:10.1038/nm.2669. PMID 22366948. 
  6. Woods, Dori C (18 April 2013). "Isolation, characterization and propagation of mitotically active germ cells from adult mouse and human ovaries". Nature Protocols খণ্ড 8 (5): 966–988. doi:10.1038/nprot.2013.047. PMID 23598447. 
  7. Massachusetts General Hospital. "Egg-producing stem cells isolated from adult human ovaries.". https://www.sciencedaily.com/releases/2012/02/120226153641.htm। আহৰণ কৰা হৈছে: 28 March 2017. 
  8. Regan, Carmen L. (2001). "Pregnancy". In Worell, Judith. Encyclopedia of Women and Gender: Sex Similarities and Differences and the Impact of Society on Gender, Volume 1. Academic Press. পৃষ্ঠা. 859. ISBN 9780122272455. https://books.google.com/books?id=7SXhBdqejgYC&pg=PA859। আহৰণ কৰা হৈছে: 2013-11-03. 
  9. Alexander, Rachel; Davies, Mary-Ann; Major, Vicky; Singaram, S. Veena; Dale-Jones, Barbara (2006) (en ভাষাত). X-kit Anatomy. Pearson South Africa. পৃষ্ঠা. 3. ISBN 978-1-86891-380-0. https://books.google.com/books?id=ycuCJGCL75EC&pg=PA3. 
  10. Alberts, Bruce; Johnson, Alexander; Lewis, Julian; Raff, Martin; Roberts, Keith; Walter, Peter (2002). "Eggs". Molecular Biology of the Cell (4th সম্পাদনা). প্ৰকাশক New York: Garland Science. ISBN 0-8153-3218-1. https://www.ncbi.nlm.nih.gov/books/NBK26842/. 
  11. 11.0 11.1 11.2 "The Ovum". Gray's Anatomy. http://www.theodora.com/anatomy/the_ovum.html। আহৰণ কৰা হৈছে: 2010-10-18. 

বাহ্যিক সংযোগসম্পাদনা কৰক