ডগলাছ ষ্টুৱাৰ্ট

(ডুগ্লাছ ষ্টুৱাৰ্টৰ পৰা পুনঃনিৰ্দেশিত)

ডগলাছ ষ্টুৱাৰ্ট (ইংৰাজী: Douglas Stuart; জন্ম: ১৯৭৬)[1]এজন স্কটিছ-আমেৰিকান লেখক আৰু ফেশ্বন ডিজাইনাৰ। তেওঁৰ প্ৰথমখন উপন্যাস শ্বাগি বেইন হৈছে ২০২০ চনত বুকাৰ বঁটা লাভ কৰা গ্ৰন্থ।

ডগলাছ ষ্টুৱাৰ্ট
জন্ম ১৯৭৬ (বয়স ৪৭–৪৮)
চাইটহিল, গ্লাছগ্ল, স্কটলেণ্ড
নাগৰিকত্ব
  • ব্ৰিটিছ
  • আমেৰিকান
শিক্ষা
  • Scottish College of Textiles (কলাৰ স্নাতক)
  • Royal College of Art (কলাৰ স্নাতকোত্তৰ)
পেচা
  • ঔপন্যাসিক
  • ফেশ্বন ডিজাইনাৰ
উল্লেখযোগ্য কৰ্ম শ্বাগি বেইন (২০২০)
বঁটা, সন্মান, পুৰস্কাৰ আদি ২০২০ চনৰ বুকাৰ বঁটা
ৱেবছাইট
www.douglasdstuart.com

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

ষ্টুৱাৰ্টৰ জন্ম হৈছিল ছাইটহিল, স্কটলেণ্ডৰ গ্লাছগোৰ এটা হাউছিং এষ্টেটত।[1] তিনিজন ভাই-ভনীৰ ভিতৰত তেওঁৱেই সকলোতকৈ সৰু আছিল। তেওঁ সৰু হৈ থাকোঁতেই দেউতাকে পৰিয়ালটোক এৰি যায় আৰু তেওঁক সুৰাপান আৰু আসক্তিৰ সৈতে যুঁজ দি থকা একক মাতৃয়ে তেওঁক ডাঙৰ-দীঘল কৰে।[2]

কৰ্মজীৱন সম্পাদনা কৰক

ফেশ্বন ডিজাইনিঙত কেৰিয়াৰ আৰম্ভ কৰিবলৈ ২৪ বছৰ বয়সত ষ্টুৱাৰ্ট নিউয়ৰ্ক চহৰলৈ যায়। ২০ বছৰ ধৰি তেওঁ কেলভিন ক্লেইন, ৰাল্ফ ল'ৰেন, বানানা ৰিপাব্লিক আৰু জেক স্পেডকে ধৰি কেইবাটাও ব্ৰেণ্ডত কাম কৰে।[3] ডিজাইনিঙৰ কামৰ মাজে মাজে তেওঁ লিখা-মেলাৰ কামো কৰিছিল। উল্লেখযোগ্য যে তেওঁ তেওঁৰ প্ৰথমখন উপন্যাস লিখিবলৈ আৰম্ভ কৰিছিল বানানা ৰিপাব্লিকত জেষ্ঠ্য নিৰ্দেশক হিচাপে বাৰঘণ্টীয়া চিফ্ট কৰি থকাৰ সময়ত।[4]

প্ৰথমখন উপন্যাস প্ৰকাশ হোৱাৰ আগতে তেওঁৰ বিভিন্ন লেখা দ্য নিউ ইয়ৰ্কাৰ আৰু লিটহাবত প্ৰকাশ হৈছিল।[5]

তেওঁৰ প্ৰথমখন উপন্যাস ছুঘী বেইনৰ বাবে মাৰ্গাৰেট বাছবি, লী চাইল্ড,সমীৰ ৰহিম, লেম চিচে আৰু ইমিলি উইলছনেৰে গঠিত এখন বিচাৰালয়ৰ দ্বাৰা ২০২০ চনৰ বুকাৰ বঁটা লাভ কৰে।[6][7]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

ষ্টুৱাৰ্টৰ দ্বৈত ব্ৰিটিছ আৰু আমেৰিকান নাগৰিকত্ব আছে।[8] তেওঁ মানহাটনাৰ ইষ্ট ভিলেজত তেওঁৰ স্বামী মাইকেল কেৰি, যি হৈছে এগৰাকী গাগোচিয়ান গেলেৰীৰ কলা কিউৰেটৰ, লগত বাস কৰে।[4]

গ্ৰন্থপঞ্জী সম্পাদনা কৰক

  • Shuggie Bain: A Novel. প্ৰকাশক New York: Grove Press. 2020. ISBN 978-0-8021-4804-9. . UK, Picador.

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 Millen, Robbie (15 September 2020). "Why Douglas Stuart's Shuggie Bain deserves to win the Booker prize". The Times. https://www.thetimes.co.uk/article/douglas-stuarts-shuggie-bain-truly-deserves-a-shot-at-the-booker-prize-9lfwgtzck। আহৰণ কৰা হৈছে: 29 October 2020. 
  2. Alter, Alexandra (23 October 2020). "How 'Shuggie Bain’ Became This Year's Breakout Debut" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2020/10/23/books/douglas-stuart-shuggie-bain.html. 
  3. Alter, Alexandra (23 October 2020). "How 'Shuggie Bain' Became This Year's Breakout Debut". The New York Times. https://www.nytimes.com/2020/10/23/books/douglas-stuart-shuggie-bain.html। আহৰণ কৰা হৈছে: 29 October 2020. 
  4. 4.0 4.1 Alter, Alexandra (19 November 2020). "Douglas Stuart Wins Booker Prize for 'Shuggie Bain'" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2020/11/19/books/booker-prize-winner-douglas-stuart-shuggie-bain.html. 
  5. "Douglas Stuart | The Booker Prizes". thebookerprizes.com. https://thebookerprizes.com/author/douglas-stuart। আহৰণ কৰা হৈছে: 24 November 2020. 
  6. Flood, Alison (19 November 2020). "Douglas Stuart wins Booker prize for debut Shuggie Bain". The Guardian. http://www.theguardian.com/books/2020/nov/19/douglas-stuart-wins-booker-prize-for-debut-shuggie-bain। আহৰণ কৰা হৈছে: 19 November 2020. 
  7. Shuggie Bain, The Booker Prizes website.
  8. Allfree, Claire (15 September 2020). "The Booker Prize has abandoned Britain". The Daily Telegraph. https://www.telegraph.co.uk/books/booker-prize/booker-prize-has-abandoned-britain/। আহৰণ কৰা হৈছে: 29 October 2020. 

বাহ্যিক সংযোগ সম্পাদনা কৰক