ডেনিছ মুকৱেগে
ডেনিছ মুকেংগেৰে মুকৱেগে এজন গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ কংগো দেশৰ মানৱ অধিকাৰকৰ্মী তথা স্ত্ৰীৰোগ বিশেষজ্ঞ। তেওঁ বুকাভুত পাঞ্জি চিকিৎসালয় স্থাপন কৰিছিল। তেওঁ কংগো দেশত সন্ত্ৰাসবাদীয়ে যৌন নিৰ্যাতন চলাই ধৰ্ষণ কৰা মহিলা সকলক চিকিৎসা প্ৰদান কৰিছিল।[1] কংগো দ্বিতীয় যুদ্ধৰ পৰা তেওঁ হাজাৰ হাজাৰ ধৰ্ষিত মহিলাক চিকিৎসা প্ৰদান কৰি আহিছে। তেওঁ কিছুমান দিনত ১৮ ঘণ্টা কাম কৰি দিনটোত প্ৰায় ১০টাকৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল।[1] দা গ্লোৱেল মেলৰ মতে মুকৱেগে ধৰ্ষণৰ আঘাতৰ চিকিৎসা কৰা বিশ্বৰ এজন আগশাৰীৰ বিশেষজ্ঞ।[2]
ডেনিছ মুকৱেগে Denis Mukwege | |
---|---|
![]() | |
জন্ম | ডেনিছ মুকেংগেৰে মুকৱেগে ০১ মাৰ্চ, ১৯৫৫ (৬৭ বছৰ) বুকাভু, বেলজিয়ান কংগো |
ৰাষ্ট্ৰীয়তা | ![]() |
শিক্ষানুষ্ঠান | বুৰুণ্ডি বিশ্ববিদ্যালয় এঞ্জাৰছ বিশ্ববিদ্যালয় |
পেচা | চিকিৎসক, স্ত্ৰীৰোগ বিশেষজ্ঞ |
সক্ৰিয় হৈ থকা সময় | ১৯৮৩ - বৰ্তমানলৈ |
বঁটা, সন্মান, পুৰস্কাৰ আদি | চাখৰ্ভ প্ৰাইজ চিউল শান্তি বঁটা ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ বঁটা ব্লফ পাল্ম প্ৰাইজ গুলবেকিকান প্ৰাইজ শান্তিৰ নোবেল বঁটা (২০১৮) |
তেওঁক "যৌন নিৰ্যাতনক যুদ্ধৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ বন্ধ কৰা অৱদান"ৰ প্ৰতি স্বীকৃতি জনাই নাদিয়া মুৰাদৰ সৈতে যুটীয়া বাবে ২০১৮ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়।[3]
তথ্য উৎসসম্পাদনা কৰক
- ↑ 1.0 1.1 "Doctor and Advocate: One Surgeon's Global Fight for the Rights of Rape Survivors" (en ভাষাত). Pacific Standard. https://psmag.com/social-justice/one-doctors-fight-for-the-rights-of-rape-victims.
- ↑ Nolen, Stephanie. "Where repairing rape damage is an expertise," The Globe and Mail, October 22, 2008.
- ↑ "Announcement". The Nobel Peace Prize. https://old.nobelprize.org/pea-press.pdf?_ga=2.201315175.873660876.1538722964-1765660518.1538398809.
বাহ্যিক সংযোগসম্পাদনা কৰক
- ৱিকিমিডিয়া কমন্সত ডেনিছ মুকৱেগে সম্পৰ্কীয় মিডিয়া ফাইল।