ডেভিদ জুলিয়াছ

আমেৰিকান বিজ্ঞানী

ডেভিদ জুলিয়াছ (ইংৰাজী: David Julius, জন্ম: ৪ নৱেম্বৰ, ১৯৫৫) এজন আমেৰিকান শৰীৰতত্ত্ববিদ। তেওঁ বিষ সংবেদন আৰু তাপৰ আণৱিক প্ৰণালীৰ ওপৰত তেওঁৰ গৱেষণাৰ বাবে জনাজাত। টিআৰপিভি১ আৰু টিআৰপিএম৮ ৰিচেপ্টৰৰ চিনাক্ত কৰিছিল। এই ৰিচেপ্টৰে কেপচাইচিন, মেন্থল আৰু উষ্ণতা চিনাক্ত কৰে। তেওঁ বৰ্তমান চান ফ্ৰান্সিস্কোৰ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক। জুলিয়াছে ২০১০ চনত জীৱ বিজ্ঞান আৰু ঔষধৰ শ্ব বঁটা আৰু ২০২০ চনত জীৱ বিজ্ঞানৰ ব্ৰেকথ্ৰু পুৰস্কাৰ লাভ কৰিছিল।[2][3] ২০২১ চনত তেওঁ উষ্ণতা আৰু স্পৰ্শৰ বাবে ৰিচেপ্টৰৰ আৱিষ্কাৰৰ বাবে আৰ্ডেম পাটাপুটিয়ানৰ সৈতে যুটীয়াভাৱে শৰীৰতত্ত্ব বা ঔষধৰ ন'বেল বঁটা লাভ কৰে।[4]

ডেভিদ জুলিয়াছ

জন্ম ৪ নৱেম্বৰ, ১৯৫৫ (৬৮ বছৰ)
ব্ৰাইটন বীচ, ব্ৰুকলিন, নিউয়ৰ্ক
জাতীয়তা আমেৰিকান
ক্ষেত্ৰ শৰীৰতত্ত্ব, জৈৱ ৰসায়ন, স্নায়ুবিজ্ঞান
কৰ্মস্থান কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, চান ফ্ৰান্সিস্কো
শিক্ষানুষ্ঠান মেচাচুচেটছ ইনষ্টিটিউট অৱ টেকনলজী
কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলে
ডক্তৰেল পৰামৰ্শদাতা জেৰেমি থৰ্ণাৰ
ৰেণ্ডি শ্বেকমেন
আন শৈক্ষিক পৰামৰ্শদাতা ৰিচাৰ্ড এক্সেল[1]
আলেকজেণ্ডাৰ ৰিচ
জনা যায় কেক্স২ প্ৰ'হৰমন কনভাৰ্টেজ চিনাক্ত কৰণ; চেৰোটনিন আৰু পিউৰিনাৰ্জিক ৰিচেপ্টৰৰ ক্ল'নিং; ক্ষতিকাৰক গৰম, ঠাণ্ডা আৰু বিৰক্তিকৰ ৰিচেপ্টৰৰ আৱিষ্কাৰ
উল্লেখনীয় বঁটা শৰীৰতত্ত্ব আৰু ঔষধৰ ন'বেল বঁটা (২০২১)
দাম্পত্যসঙ্গী হলি ইনগ্ৰাহাম

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

১৯৫৫ চনৰ ৪ নৱেম্বৰ তাৰিখে ডেভিদ জুলিয়াছৰ জন্ম হৈছিল। ব্ৰাইটন বীচৰ বাসিন্দা জুলিয়াছে ১৯৭৭ চনত মেচাচুচেটছ ইনষ্টিটিউট অফ টেকন'লজীৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল। তেওঁ ১৯৮৪ চনত জেৰেমি থৰ্ণাৰ আৰু ৰেণ্ডি শ্বেকমেনৰ যুটীয়া তত্ত্বাৱধানত কেলিফৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলেৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। পিএইচডিৰ গৱেষণাৰ সময়ত তেওঁ কেক্স২ ক ফুৰিনসদৃশ প্ৰ'প্ৰ'টিন ৰূপান্তৰৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে চিনাক্ত কৰিছিল। ১৯৮৯ চনত তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ত ৰিচাৰ্ড এক্সেলৰ সৈতে তেওঁৰ পোষ্ট-ডক্টৰেল প্ৰশিক্ষণ সম্পূৰ্ণ কৰে। ইয়াত তেওঁ চেৰোটনিন ১চি ৰিচেপ্টৰ চিহ্নিত কৰে আৰু প্ৰতিৰূপ সৃষ্টি কৰে।[5]

গৱেষণা সম্পাদনা কৰক

১৯৯৭ চনত জুলিয়াছৰ পৰীক্ষাগাৰে টিআৰপিভি১ৰ বিশেষত্ব আৱিষ্কাৰ কৰি প্ৰতিৰূপ সৃষ্টি কৰিছিল। টিআৰপিভি১ হৈছে কেপচাইচিন চিনাক্ত কৰা ৰিচেপ্টৰ। এইবিধ ৰিচেপ্টৰে জলকীয়াত ৰাসায়নিক পদাৰ্থ কেপচাইচিন চিনাক্ত কৰে। কেপচাইচিনৰ বাবে জলকীয়া জ্বলা হয়।[6] তেওঁলোকৰ গৱেষণাত টিআৰপিভি১-য়ে ক্ষতিকাৰক তাপ বা থাৰ্মোচেপচন চিনাক্ত কৰে বুলিও প্ৰকাশিত হয়।[6][7] টিআৰপিভি১ গাঁথনিগতভাৱে সম্পৰ্কিত টিআৰপি বা ক্ষণস্থায়ী ৰিচেপ্টৰ সম্ভাৱনাৰ কেচন চেনেলৰ এক বৃহৎ পৰিয়ালৰ অংশ। এইবিধ নথকা প্ৰাণীবোৰে প্ৰ'টিনৰ আনুবংশিক নকআউট ব্যৱহাৰ কৰি ক্ষতিকাৰক তাপ আৰু কেপচাইচিনৰ প্ৰতি সংবেদনশীলতা হেৰুৱায়।[8]

জুলিয়াছৰ পৰীক্ষাগাৰে টিআৰপিএম৮ বা চিএমআৰ১ আৰু টিআৰপিএ১ক চিনাক্ত কৰি প্ৰতিৰূপ সৃষ্টি কৰিছে। দুয়ো টিআৰপি চুপাৰফেমিলিৰ সদস্য। তেওঁলোকে প্ৰদৰ্শন কৰিছিল যে টিআৰপিএম৮য়ে মেন্থল আৰু শীতল তাপমাত্ৰা চিনাক্ত কৰে[9][10] আৰু টিআৰপিএ১য়ে সৰিয়হৰ তেল বা ৰাসায়নিক ভাবে এলিল আইচোথিওচাইনেট চিনাক্ত কৰে।[11] এই পৰ্যৱেক্ষণসমূহৰ পৰা বুজা যায় যে টিআৰপি চেনেলবোৰে বিভিন্ন উষ্ণতা আৰু ৰাসায়নিক পদাৰ্থ চিনাক্ত কৰে। বিভিন্ন প্ৰজাতিৰ চেনেলবোৰৰ অনন্য অভিযোজন বৰ্ণনা কৰি[12] আৰু অসংখ্য চেনেলৰ ক্ৰিও-ইএম গাঁথনি সমাধান কৰি ডেভিদ জুলিয়াছৰ পৰীক্ষাগাৰে এই চেনেলবোৰ নিয়ন্ত্ৰণ কৰা বিষাক্ত পদাৰ্থ আৱিষ্কাৰ কৰি নচিচেপচন অধ্যয়নত অৱদান আগবঢ়াইছে।[13][14][15]

বঁটা আৰু সন্মান সম্পাদনা কৰক

২০০০ চনত জুলিয়াছক কেপচাইচিন ৰিচেপ্টৰ প্ৰতিৰূপৰ ওপৰত কৰা গৱেষণাৰ বাবে উদ্বোধনী পাৰল-ইউএনচি স্নায়ুবিজ্ঞান বঁটা প্ৰদান কৰা হৈছিল। ২০১০ চনত তেওঁ নচিচেপচনৰ বিভিন্ন দিশৰ সৈতে জড়িত আয়ন চেনেলবোৰ চিনাক্ত কৰা তেওঁৰ গৱেষণাৰ বাবে শ্ব পুৰস্কাৰ লাভ কৰিছিল। ২০১৪ চনত তেওঁক জনছন এণ্ড জনছনে বিষ আৰু তাপসংবেদনৰ আণৱিক আধাৰ আৱিষ্কাৰ কৰাৰ বাবে জৈৱ চিকিৎসা গৱেষণাৰ বাবে ড. পল জেনচেন বঁটাৰে সন্মানিত কৰিছিল। ২০১৭ চনত তেওঁ গেইৰ্ডনাৰ ফাউণ্ডেচন আন্তঃৰাষ্ট্ৰীয় বঁটা[16] আৰু এইচএফএছপি নাকাচোন বঁটা লাভ কৰিছিল।[17] তেওঁ ২০১০ চনৰ প্ৰিন্স অৱ আস্তুৰিয়াছ এৱাৰ্ড ফৰ টেকনিকেল এণ্ড চাইণ্টিফিক ৰিচাৰ্ছ, ২০২০ চনৰ জীৱন বিজ্ঞানৰ ব্ৰেকথ্ৰু পুৰস্কাৰ,[18] আৰু ২০২০ চনৰ কাৱলী প্ৰাইজ ইন নিউৰোচাইন্স (আৰ্ডেম পাটাপুটিয়ানৰ সৈতে)[19] আৰু ২০২০ বিবিভিএ ফাউণ্ডেচন ফ্ৰণ্টিয়াৰ্ছ অৱ নলেজ বঁটা লাভ কৰিছে।[20]

২০২১ চনত তেওঁ উষ্ণতা আৰু স্পৰ্শৰ বাবে ৰিচেপ্টৰৰ আৱিষ্কাৰৰ বাবে আৰ্ডেম পাটাপুটিয়ানৰ সৈতে যুটীয়াভাৱে শৰীৰতত্ত্ব বা ঔষধৰ ন'বেল বঁটা লাভ কৰে।[21]

তথ্য উৎস সম্পাদনা কৰক

  1. "Julius Lab at UCSF Mission Bay | David Julius Lab". http://physio.ucsf.edu/julius/julius.html। আহৰণ কৰা হৈছে: November 30, 2013. 
  2. "Julius Named to Receive the Shaw Prize". ucsf.edu. http://www.ucsf.edu/news/2010/05/5991/julius-named-receive-shaw-prize। আহৰণ কৰা হৈছে: December 5, 2016. 
  3. "David Julius, PhD 49th Faculty Research Lecture Award". senate.ucsf.edu. http://senate.ucsf.edu/2005-2006/frl-2005-2006.html। আহৰণ কৰা হৈছে: December 5, 2016. 
  4. "The Nobel Prize in Physiology or Medicine 2021". NobelPrize.org. https://www.nobelprize.org/prizes/medicine/2021/summary/। আহৰণ কৰা হৈছে: October 4, 2021. 
  5. Julius, D.; MacDermott, A. B.; Axel, R.; Jessell, T. M. (July 29, 1988). "Molecular characterization of a functional cDNA encoding the serotonin 1c receptor". Science খণ্ড 241 (4865): 558–564. doi:10.1126/science.3399891. ISSN 0036-8075. PMID 3399891. 
  6. 6.0 6.1 Caterina, M. J.; Schumacher, M. A.; Tominaga, M.; Rosen, T. A.; Levine, J. D.; Julius, D. (October 23, 1997). "The capsaicin receptor: a heat-activated ion channel in the pain pathway". Nature খণ্ড 389 (6653): 816–824. doi:10.1038/39807. ISSN 0028-0836. PMID 9349813. 
  7. Tominaga, M.; Caterina, M. J.; Malmberg, A. B.; Rosen, T. A.; Gilbert, H.; Skinner, K.; Raumann, B. E.; Basbaum, A. I. et al. (September 1998). "The cloned capsaicin receptor integrates multiple pain-producing stimuli". Neuron খণ্ড 21 (3): 531–543. doi:10.1016/S0896-6273(00)80564-4. ISSN 0896-6273. PMID 9768840. 
  8. Caterina, M. J.; Leffler, A.; Malmberg, A. B.; Martin, W. J.; Trafton, J.; Petersen-Zeitz, K. R.; Koltzenburg, M.; Basbaum, A. I. et al. (April 14, 2000). "Impaired nociception and pain sensation in mice lacking the capsaicin receptor". Science খণ্ড 288 (5464): 306–313. doi:10.1126/science.288.5464.306. ISSN 0036-8075. PMID 10764638. 
  9. McKemy, David D.; Neuhausser, Werner M.; Julius, David (March 7, 2002). "Identification of a cold receptor reveals a general role for TRP channels in thermosensation". Nature খণ্ড 416 (6876): 52–58. doi:10.1038/nature719. ISSN 0028-0836. PMID 11882888. 
  10. Bautista, Diana M.; Siemens, Jan; Glazer, Joshua M.; Tsuruda, Pamela R.; Basbaum, Allan I.; Stucky, Cheryl L.; Jordt, Sven-Eric; Julius, David (July 12, 2007). "The menthol receptor TRPM8 is the principal detector of environmental cold". Nature খণ্ড 448 (7150): 204–208. doi:10.1038/nature05910. ISSN 1476-4687. PMID 17538622. 
  11. Jordt, Sven-Eric; Bautista, Diana M.; Chuang, Huai-Hu; McKemy, David D.; Zygmunt, Peter M.; Högestätt, Edward D.; Meng, Ian D.; Julius, David (January 15, 2004). "Mustard oils and cannabinoids excite sensory nerve fibres through the TRP channel ANKTM1". Nature খণ্ড 427 (6971): 260–265. doi:10.1038/nature02282. ISSN 1476-4687. PMID 14712238. 
  12. Bohlen, Christopher J.; Chesler, Alexander T.; Sharif-Naeini, Reza; Medzihradszky, Katalin F.; Zhou, Sharleen; King, David; Sánchez, Elda E.; Burlingame, Alma L. et al. (November 16, 2011). "A heteromeric Texas coral snake toxin targets acid-sensing ion channels to produce pain". Nature খণ্ড 479 (7373): 410–414. doi:10.1038/nature10607. ISSN 1476-4687. PMID 22094702. 
  13. Gracheva, Elena O.; Ingolia, Nicholas T.; Kelly, Yvonne M.; Cordero-Morales, Julio F.; Hollopeter, Gunther; Chesler, Alexander T.; Sánchez, Elda E.; Perez, John C. et al. (April 15, 2010). "Molecular basis of infrared detection by snakes". Nature খণ্ড 464 (7291): 1006–1011. doi:10.1038/nature08943. ISSN 1476-4687. PMID 20228791. 
  14. Liao, Maofu; Cao, Erhu; Julius, David; Cheng, Yifan (December 5, 2013). "Structure of the TRPV1 ion channel determined by electron cryo-microscopy". Nature খণ্ড 504 (7478): 107–112. doi:10.1038/nature12822. ISSN 1476-4687. PMID 24305160. 
  15. Cao, Erhu; Liao, Maofu; Cheng, Yifan; Julius, David (December 5, 2013). "TRPV1 structures in distinct conformations reveal activation mechanisms". Nature খণ্ড 504 (7478): 113–118. doi:10.1038/nature12823. ISSN 1476-4687. PMID 24305161. 
  16. "David Julius – Gairdner Foundation" (en-US ভাষাত). Gairdner Foundation. https://gairdner.org/award_winners/david-julius/. 
  17. "The 2017 HFSP Nakasone Award goes to David Julius | Human Frontier Science Program" (en ভাষাত). www.hfsp.org. Archived from the original on November 9, 2018. https://web.archive.org/web/20181109070822/http://www.hfsp.org/awardees/hfsp-nakasone-award/2017-award। আহৰণ কৰা হৈছে: November 9, 2018. 
  18. "Breakthrough Prize – Winners Of The 2020 Breakthrough Prize In Life Sciences, Fundamental Physics And Mathematics Announced". breakthroughprize.org. https://breakthroughprize.org/News/54। আহৰণ কৰা হৈছে: October 4, 2021. 
  19. 2020 Kavli Prize in Neuroscience Archived June 15, 2020, at the Wayback Machine www.kavliprize.org. Retrieved 2020-27-05.
  20. "homepage". Premios Fronteras. https://www.frontiersofknowledgeawards-fbbva.es/। আহৰণ কৰা হৈছে: October 4, 2021. 
  21. "The Nobel Prize in Physiology or Medicine 2021" (en-US ভাষাত). NobelPrize.org. https://www.nobelprize.org/prizes/medicine/2021/summary/। আহৰণ কৰা হৈছে: October 4, 2021. 

বাহ্যিক সংযোগ সম্পাদনা কৰক