৪ নৱেম্বৰ
তাৰিখ
৪ নৱেম্বৰ (ইংৰাজী: 4 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০৮ তম (অধিবৰ্ষত ৩০৯ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্মসম্পাদনা কৰক
- ১৯২৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা ঋত্বিক ঘটকৰ জন্ম হয়।
- ১৯৩৬ চনৰ আজিৰ দিনটোতে মানৱ কম্পিউটাৰ নামে খ্যাত শকুন্তলা দেৱীৰ জন্ম হয়।
- ১৯৫২ চনৰ আজিৰ দিনটোতে কৰিমগঞ্জৰ কালিনগৰ চাহ বাগিচাত কবি সনন্ত তাঁতীৰ জন্ম হয়।
- ১৯৫৪ চনৰ আজিৰ দিনটোত অভিনেত্ৰী চেতনা দাসৰ জন্ম হৈছিল।
৭/ ১৮৮৯ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী তথা বাজাজ গ্ৰুপ অব্ ইণ্ডাষ্ট্ৰিজৰ অন্যতম প্ৰতিষ্ঠাপক যমনলাল বাজাজৰ জন্ম হয়।
মৃত্যুসম্পাদনা কৰক
- ১৯৭০ চনৰ আজিৰ দিনটোতে ভাৰতৰ কথক সম্ৰাট ৰূপে খ্যাত পণ্ডিত শম্ভু মহাৰাজৰ মৃত্যু হয়।
- ২০০২ চনৰ আজিৰ দিনটোতে সাহিত্যিক , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীৰেন বৰকটকীৰ মৃত্যু হয়।
অন্যান্যসম্পাদনা কৰক
- ২০০৮ চনৰ আজিৰ দিনটোতে হিন্দুস্তানী ধ্ৰুপদী সংগীতৰ পুৰোধা ব্যক্তি , প্ৰখ্যাত সংগীত সাধক ভীমসেন যোশীলৈ ভাৰতৰ সব্বোৰ্চ অসামৰিক সন্মান ভাৰতৰত্ন সন্মান আগবঢ়োৱা হয়।
- ২০০৪ চনৰ আজিৰ দিনটোতে মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱগোস্বামী আৰু শাস্ত্ৰীয় সংগীত শিল্পী পাৰবীন চুলতানালৈ সেই বছৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হয়।
- ১৯৯২ চনৰ আজিৰ দিনটোতে বিল ক্লিণ্টন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪২ তম ৰাষ্ট্ৰপতি হয়।
- ১৯৫৪ চনৰ আজিৰ দিনটোতে দাৰ্জিলিঙত হিমালয়ান মাউণ্টেনিয়াৰিং প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হয়
বাহ্যিক সংযোগসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৪ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |