দেৰাডুন
দেৰাডুন ভাৰতৰ এখন মহানগৰ আৰু ই উত্তৰাখণ্ডৰ ৰাজধানী। এই চহৰ খন ভাৰতবৰ্ষৰ ৰাজধানী চহৰ দিল্লীৰ পৰা প্ৰায় ২৩৬ কিলোমিটাৰ উত্তৰে গিৰিৰাজ হিমালয়ৰ পাদদেশত অৱষ্ঠিত। চহৰখনৰ পশ্চিমে গংগানদী আৰু পূবে যমুনা নদী আছে। দেৰাডুন চহৰৰ জলবাযু প্ৰায়ে শীতল হৈ থাকে। চহৰখনৰ অন্যতম আকৰ্ষনীয় ঠাইবোৰ হল, মচুৰি, নাইনিতাল, হিন্দু ধৰ্মীয় স্থান হৰিদ্বাৰ আৰু ঋষিকেশ। দেৰাডুন চহৰ খন প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে প্ৰশাসনিক আৰু ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠানৰ বাবে জনাজাত। ভাৰতীয় সৈন্য একাদেমী, অৰণ্য গৱেষণা প্ৰতিষ্ঠান, দেৰাডুন প্ৰাদ্যোগিক বিশ্ববিদ্যালয়, ভাৰতীয় পেট্ৰলিয়াম প্ৰতিষ্ঠান, তেল আৰু প্ৰাকৃতিক গেছ প্ৰতিষ্ঠান, তেল আৰু শক্তি অধ্যয়ন বিশ্ববিদ্যালয়, দেৰাডুন আইন মহাবিদ্যালয়, ভাৰতীয় জৰীপ প্ৰতিষ্ঠান, ৱাদিয়া হিমালয়ান ভূ-তত্ব প্ৰতিষ্ঠান, ভাৰতীয় ৰিমট চেনচিঙ প্ৰতিষ্ঠান, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ দৰে এঘাৰখন ৰাষ্টীয় শিক্ষানুষ্ঠানৰ বাবে জনপ্ৰিয়।[উদ্ধৃতিৰ প্ৰয়োজন]
দেৰাডুন देहरादून |
|
---|---|
— মেট্ৰ'পলিটান — | |
Front View of F.R.I., Dehradun.jpgঅৰণ্য গৱেষণা প্ৰতিষ্ঠান | |
ভৌগোলিক স্থানাংক: 30°19′05″N 78°01′44″E / 30.318°N 78.029°Eস্থানাংক: 30°19′05″N 78°01′44″E / 30.318°N 78.029°E | |
Country | ![]() |
State | উত্তৰাখণ্ড |
District | দেৰাডুন |
উচ্চতা | ৮৩৫ মিটাৰ (২,৭৩৯.৫০ ফুট) |
জনসংখ্যা (২০১১)[1] | |
- মেট্ৰ'পলিটান | ৫,৭৮,৪২০ জন |
- মহানগৰ[2] | ৭,১৪,২২৩ জন |
ভাষা | |
- আনুষ্ঠানিক | হিন্দী |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
পিন | ২৪৮০০১ |
টেলিফোন কোড | ৯১–১৩৫ |
যানবাহনৰ নম্বৰ | UK-07,UA-07,UP-07 |
ৱেবছাইট | dehradun |
বাণিজ্যসম্পাদনা কৰক
কম জনবহুল আৰু শিক্ষানুষ্ঠানেৰে ভৰপুৰ চহৰ খনৰ প্ৰতিজন নাগৰিকৰ মুঠ জনমূৰী আয় $২৪০০।[উদ্ধৃতিৰ প্ৰয়োজন] দেৰাডুন চহৰখন চ'ফ্টৱেৰ প্ৰাদ্যোগিক পাৰ্ক স্থাপনৰ পিচৰ পৰা বাণিজ্যক আৰু তথ্য প্ৰযুক্তিৰ মুল কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। ৰাষ্টীয় ৰাজধানী আৰু চহৰখনৰ মাজৰ চাৰি লাইন যুক্ত ৰাষ্টীয় ঘাইপথ নিৰ্মানৰ পিছত চহৰখনৰ বাণিজ্য আৰু উন্নত হব বুলি আশা কৰা হৈছে।
পৰ্যটনসম্পাদনা কৰক
পৰ্যটন ক্ষেত্ৰ হিচাপে টাপকেশ্বৰ মন্দিৰ, মালচি হৰিন পাৰ্ক, চেন্টেল ব্ৰেইল প্ৰেচ, ৱাদিয়া হিমালয়ান ভূ-তত্ব প্ৰতিষ্ঠান, মচুৰি আদি বিখ্যাত। ক্ৰীড়া পৰ্যটন হিচাপে মহাৰানা প্ৰতাপ ক্ৰীড়া কমপ্লেক্সত ভাৰতৰ প্ৰথমটো বৰফত খেলা ষ্টেডিয়াম আছে।[উদ্ধৃতিৰ প্ৰয়োজন]
যাতায়তসম্পাদনা কৰক
বিমান, ৰেল আৰু বাছ এই তিনিও ধৰনৰ যাতায়তৰ সূ-ব্যৱস্থা আছে। এয়াৰ ইন্ডিয়া, স্পাইচ জেট আৰু জেট এয়াৰৱেজে নিয়মীয়া যাাত্ৰা কৰে। দেৰাডুনত ৰেলৱে ষ্টেচন খনেই হল উত্তৰাখণ্ডৰ শেষ ৰেল ষ্টেচন। এই ৰেল ষ্টেচনৰ পৰা নিয়মিতভাৱে দিল্লী, মুম্বাই কলিকতা, লক্ষ্ণৌ, তিৰুবন্থপুৰম, ভদোদৰা আৰু বাৰাণসীলৈ নিক্ষমিত ভাবে ৰেল চলাচল কৰে। তাৰোপৰি দিল্লী আৰু দেৰাডুনৰ মাজত জন শতাব্দী এক্সপ্ৰেচ আৰু কেইবাখনো দ্ৰুতবেগী ৰেল চলাচল কৰে।
সংস্কৃতিসম্পাদনা কৰক
দেৰাডুন অঞ্চলখন গৰহাল ক্ষেত্ৰত পৰা বাবে গৰহাল সংস্কৃতিৰ প্ৰভাৱ বেছি।
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "Provisional Population Totals, Census of India 2011; Cities having population 1 lakh and above" (pdf). Office of the Registrar General & Census Commissioner, India. http://www.censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_2_PR_Cities_1Lakh_and_Above.pdf। আহৰণ কৰা হৈছে: 26 March 2012.
- ↑ "Provisional Population Totals, Census of India 2011; Urban Agglomerations/Cities having population 1 lakh and above" (pdf). Office of the Registrar General & Census Commissioner, India. http://www.censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_3_PR_UA_Citiees_1Lakh_and_Above.pdf। আহৰণ কৰা হৈছে: 26 March 2012.