তপোধীৰ ভট্টাচাৰ্য (১২ ফেব্ৰুৱাৰী, ১৯৪৯) অসমবাসী এজন বাঙালী বুদ্ধিজীৱী।[1] সমকালীন মননশীল প্ৰাবন্ধিকসকলৰ ভিতৰৰ এজন হিচাপে পঢ়ুৱৈ সমাজত পৰিচিত।[2]

জন্ম আৰু পৰিয়াল

সম্পাদনা কৰক

তপোধীৰ ভট্টাচাৰ্যৰ জন্ম শিলচৰৰ কাছাৰত।[3] পিতৃ তাৰাপদ ভট্টাচাৰ্য স্বাধীনতা সংগ্ৰামী আৰু একালৰ শিলচৰ পৌৰসভাৰ সদস্য।[3] পৰৱৰ্তী সময়ত অৰ্থাৎ ১৯৬২ চনত তাৰাপদ ভট্টাচাৰ্য সন্মিলিত ব‍িৰোধী দলৰ প্ৰাৰ্থী হিচাপে অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল।[1] আনহাতে একালত তাৰাপদ ভট্টাচাৰ্যই কাছাৰ হাইস্কুল (শিলচৰ)ৰ শি‍ক্ষকতা কৰিছিল।[3] মাতৃ অৰুণা ভট্টাচাৰ্য আছিল সংস্কৃতৰ শি‍ক্ষয়িত্ৰী। চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা পাছত বাংলা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে‍।[3] গৌহাটি বিশ্ববিদ্যালয়ে মৰণোত্তৰভাৱে অৰুণা ভট্টাচাৰ্যক পিএইচডি ডিগ্ৰী প্ৰদান কৰিছে‍।[1] ১৯৭৭ চনৰ ১০ ফেব্ৰুৱাৰীত স্বপ্না ভট্টাচাৰ্যৰ সৈতে তপোধীৰ ভট্টাচাৰ্য বিবাশপাশত আৱদ্ধ হয়।[3]

শি‍ক্ষা আৰু কৰ্মজীৱন

সম্পাদনা কৰক

জয়কুমাৰ বিদ্যালয় আৰু অভয়াচৰণ ভট্টাচাৰ্য পাঠশালাত তপোধীৰ ভট্টাচাৰ্যৰ শি‍ক্ষাজীৱন আৰম্ভ। পৰৱৰ্তী পৰ্যায়সমূহ যথাক্ৰমে কাছাড় হাইস্কুল, শিলচৰ (মাধ্যমিক), কাছাড় কলেজ আৰু শিলচৰৰ গুৰুচৰণ কলেজৰ পৰা ইংৰাজী সাহিত্যত সন্মানসহ স্নাতক।[1] সংস্কৃত (বৈদিক সাহিত্য) বিষয়ত এম.এ.পঢ়াৰ বাবে‍ গৌহাটি বিশ্ববিদ্যালয়ত নামভৰ্ত্তি। কিন্তু পাৰিবাৰিক কাৰণত শি‍ক্ষা অসমাপ্ত কৰি ঘৰলৈ উভতি‍ আহিব লগা হ'ল আৰু ১৯৭১ চনত গৌহাটি বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত (বৈদিক সাহিত্য) বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ আৰু যোগীৰাজ বসু, শৰৎচন্দ্ৰ গোস্বামী আৰু বিদ্যায়তনিক স্বৰ্ণপদক লাভ।[1] [3] ১৯৭০ চনত গৌহাটি বিশ্ববিদ্যালয়ৰ পৰা বিটি আৰু ১৯৭২ চনত বাৰাণসীৰ পৰমাৰ্থ সাধক সংঘৰ পৰা গীতা বিশাৰদ।[1] ১৯৭৩ গৌহাটি বিশ্ববিদ্যালয়ৰ পৰা বাংলা (সাহিত্য) বিষয়ত আৰু ১৯৭৬ চনত বাংলা (ভাষাবি‍জ্ঞান) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ।[1] [3] তপোধীৰ ভট্টাচাৰ্যই ১৯৬৯ চনত নৰসিংহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সহকাৰী শি‍ক্ষক হিচাপে যোগদান কৰি ১৯৭৩ চনত সংস্কৃতৰ শি‍ক্ষকৰূপে পদোন্নতি লাভ কৰে।[1] [3] ১৯৭৪ চনত কাছাৰ কলেজত সংস্কৃতৰ প্ৰবক্তা হিচাপে যোগদান।[1] [3] ১৯৭৮ চনত কাছাৰ কলেজৰ বাংলা বিভাগত অংশকালীন প্ৰবক্তা হিচাপে যোগদান।[1] [3] ১৯৮২ চনত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা ভাৰততত্ত্ববিদ সুকুমাৰী ভট্টাচাৰ্যৰ তত্ত্বাৱধানত গৱেষণা-কৰ্ম সম্পাদন কৰি পিএইচডি লাভ কৰে আৰু ১৯৮৫ চনত গৌহাটী বিশ্ববিদ্যালয়ৰ বাংলা বিভাগত প্ৰবক্তা হিচাপে যোগদান।[1] [3] ১৯৮৬ চনত উত্তৰবঙ্গ বিশ্ববিদ্যালয়ৰ বাংলা বিভাগত প্ৰবক্তা হিচাপে যোগদান আৰু ১৯৮৭ চনত সেই বিশ্ববিদ্যালয়তে‍ অধ্যাপক পদল‍ৈ পদোন্নতি লাভ।[1] [3] ১৯৯৪ চনত অসম বিশ্ববিদ্যালয়ৰ বাংলা বিভাগত প্ৰাধ্যাপক হিচাপে যোগদান।[1] [3] ২০০৬ চনত দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগত ৰবীন্দ্ৰ অধ্যাপক পদত যোগদান।[1] ২০০৭ চনত অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত যোগদান কৰি ইতিমধ্য‍ে অৱসৰ গ্ৰহণ কৰিছে।[1]

সাহিত্য কৰ্ম[1] [3]

সম্পাদনা কৰক

এতিয়ালৈকে তপোধীৰ ভট্টাচাৰ্যৰ প্ৰায় ১৩৪খন গ্ৰন্থ প্ৰকাশিত হৈছে‍। ‘তুমি সেই পীড়িত কুসুম’ তেওঁৰ প্ৰথম কাব্যগ্ৰন্থ। তেওঁৰ ১৩৪খন গ্ৰন্থৰ প্ৰায় ৩২খন কাব্যসঙ্কলন।[4]

  • আধুনিকতা, জীবনানন্দ ও পৰাবাস্তব (স্বপ্না ভট্টাচাৰ্যৰ সৈতে যুগ্মভাৱে), নৰ্বাক, কলকাতা, ১৯৮৭।
  • আধুনিকতা, পৰ্ব থেকে পৰ্বান্তৰ (পুস্তক বিপনী, কলকাতা, ১৯৯৫)।
  • বাখতিন : তত্ত্ব ও প্ৰয়োগ (পুস্তক বিপনী, কলকাতা, ১৯৯৬)।
  • প্ৰতীচ‍্যেৰ সাহিত্য তত্ত্ব (অমৃতলোক সাহিত্য পৰিষদ, মেদিনীপুৰ, ১৯৯৭)।
  • ঐতিহ্য‍েৰ পুনৰ্নিৰ্মাণ (প্ৰমা, কলকাতা, ১৯৯৭)।
  • মিশেল ফুকো : তাঁৰ তত্ত্ববিশ্ব (অমৃতলোক সাহিত্য পৰিষদ, মেদিনীপুৰ, ১৯৯৭)।
  • জাক দেৰিদা : তাঁৰ বিনিৰ্মাণ (অমৃতলোক সাহিত্য পৰিষদ, মেদিনীপুৰ, ১৯৯৮)।
  • ৰোঁলা বাৰ্ত : তাঁৰ পাঠকৃতি‍ (অমৃতলোক সাহিত্য পৰিষদ, মেদিনীপুৰ, ১৯৯৮)।
  • ছ‍োটগল্পেৰ অন্তৰ্ভূবন (মহাজাতি প্ৰকাশনী, কলকাতা, ১৯৯৮)।
  • উপন্যাসেৰ প্ৰতিবেদন (ৰাডিকেল, কলকাতা, ১৯৯৯)।
  • উপন্যাসেৰ সময় (এবং মুশায়েৰা, কলকাতা, ১৯৯৯)।
  • টেৰি ঈগলটন (অমৃতলোক সাহিত্য পৰিষদ, মেদিনীপুৰ, ২০০০)।
  • জাঁ বদ্ৰিলাৰ (অমৃতলোক সাহিত্য পৰিষদ, মেদিনীপুৰ, ২০০১)।
  • অদ্বৈতমল্লবৰ্মণ (পশ্চিমবঙ্গ বাংলা অকাডেমি‍, কলকাতা, ২০০১)।
  • সময়েৰ নতুন সমিধ (মনোবীজ, আগৰতলা, ২০০১)।
  • আধুনিকতাৰ উন্মেষপৰ্বে সিলেটে কাব্যচৰ্চা (সাহজালাল বিশ্ববিদ্যালয়, সিলেট, বাংলাদেশ, ২০০২)।
  • জীবনানন্দ : কবিতাৰ সংকেত বিশ্ব (প্ৰতিভাস, কলকাতা, ২০০২)।
  • সুধীন্দ্ৰনাথ : ভাববিশ্ব ও কাব্যবীক্ষা (এবং মুশায়েৰা, কলকাতা, ২০০২)।
  • ছ‍োটগল্পেৰ বিনিৰ্মাণ (আবহমান, আগৰতলা, ২০০২)।
  • নিবিড় পাঠেৰ নন্দন (অক্ষৰ, আগৰতলা, ২০০২)।
  • বাখতিন (অনুষ্টুপ, কলকাতা, ২০০২)।
  • কবিতাৰ ৰূপান্তৰ (সাহিত্যলোক, কলকাতা, ২০০৩)।
  • কালবেলাৰ কথকতা (প্ৰতিভাস, কলকাতা, ২০০৪)।
  • সময়েৰ প্ৰত্নতত্ত্ব ও অন্যান্য (জ্ঞানবিচিত্ৰা, আগৰতলা, ২০০৫)।
  • আখ্যানেৰ সাতকাহন (অমৃতলোক সাহিত্য পৰিষদ, মেদিনীপুৰ, ২০০৫)।
  • উপন্যাসেৰ ভিন্ন পাঠ (বঙ্গীয় সাহিত্য সংসদ, কলকাতা, ২০০৫)।
  • সময়-সমাজ-সাহিত্য (বিশ্ববাণী সাহিত্য সংসদ, কলকাতা, ২০০৫)।
  • আখ্যানেৰ স্বৰান্তৰ (দিবাৰাত্ৰিৰ কাব্য, কলকাতা, ২০০৬)।
  • চিত্ৰকলাৰ দুই কিংবদন্তি গখ ও পিকাসো (অক্ষৰ, আগৰতলা, ২০০৯)।
  • আশাপূণা : নাৰী পৰিসৰ (বঙ্গীয় সাহিত্য সংসদ, কলকাতা)।
  • আমাদেৰ চিন্তাবিশ্ব (বঙ্গীয় সাহিত্য সংসদ, কলকাতা)।
  • অসীমেৰ চিৰবিস্ময় (বঙ্গীয় সাহিত্য সংসদ, কলকাতা)।
  • কথাৰ সময় সময়েৰ কথা (বঙ্গীয় সাহিত্য সংসদ, কলকাতা)।
  • প্ৰবন্ধেৰ ভুবন : ব্যক্তি ও সৃষ্টি‍ (বঙ্গীয় সাহিত্য সংসদ, কলকাতা)।
  • কবিতা : নন্দন ও সময় (বঙ্গীয় সাহিত্য সংসদ, কলকাতা, ২০২২)।
  • ভাৰতীয় নন্দনচিন্তা (বঙ্গীয় সাহিত্য সংসদ, কলকাতা, ২০২২)।
  • আসামে বাঙালি মৃগয়া (একুশ শতক, কলকাতা)।
  • নব্য তোতাকাহিনী ও অন্যান্য (একুশ শতক, কলকাতা)।
  • পশ্চিমেৰ জানালা (একুশ শতক, কলকাতা)।
  • পড়ুয়াৰ ছোট গল্প (একুশ শতক, কলকাতা)।
  • বাঙালিৰ সৃষ্টি ও মনন : কালে কালান্তৰে‍ (একুশ শতক, কলকাতা)।
  • সমবায়ী পাঠ (একুশ শতক, কলকাতা)।
  • সময় অসময় নিঃসময় (একুশ শতক, কলকাতা)।
  • অবসান, অবিৰাম, পদধ্বনি ও অন্যান্য (বঙ্গীয় সাহিত্য সংসদ, কলকাতা)।
  • শঙ্খ ঘোষ : সৃষ্টি ও নিৰ্মাণ (বঙ্গীয় সাহিত্য সংসদ, কলকাতা)।
  • উপন্যাসেৰ আলো আঁধাৰ (বঙ্গীয় সাহিত্য সংসদ, কলকাতা)।
  • কথাপৰি‍সৰ বাংলাদেশ (বঙ্গীয় সাহিত্য সংসদ, কলকাতা)।
  • উৎসে অববাহিকায় (বঙ্গীয় সাহিত্য সংসদ, কলকাতা)।
  • নয়ানজুলিৰ জীবন (বঙ্গীয় সাহিত্য সংসদ, কলকাতা)।
  • নাৰীচেতনা মননে ও সাহিত্যে (বঙ্গীয় সাহিত্য সংসদ, কলকাতা)।
  • ছোটগল্পেৰ সুলুক-সন্ধান (পূবাৰ্ধ) (দে'জ পাবলিশিং, কলকাতা, ২০১৭)।
  • ছোটগল্পেৰ সুলুক-সন্ধান (উত্তৰাৰ্ধ) (দে'জ পাবলিশিং, কলকাতা)।
  • বাংলা কবিতাৰ ছায়াতপ (পূবাৰ্ধ) (দে'জ পাবলিশিং, কলকাতা)।
  • বাংলা কবিতাৰ ছায়াতপ (উত্তৰাৰ্ধ) (দে'জ পাবলিশিং, কলকাতা)।

আলোচনী সম্পাদনা[3]

সম্পাদনা কৰক

১৯৭৩ চনৰ পৰা ১৯৮৪ চনলৈকে তপোধীৰ ভট্টাচাৰ্যই প্ৰায় এটা দশক গল্পকাৰ মিথিলেশ ভট্টাচাৰ্যৰ সৈতে যৌথভাৱে গল্পৰ আলোচনী শতক্ৰতু সম্পাদনা কৰিছিল। উত্তৰ-পূব ভাৰতত বাংলা ভাষাত চুটিগল্প চৰ্চাত 'শতক্ৰতু ভূমিকা গুৰুত্বপূৰ্ণ। বৰ্তমান তপোধীৰ ভট্টাচাৰ্য দ্বিৰালাপ নামৰ আলোচনী এখনৰ সম্পাদনাৰ সৈতে জডি়ত।

সংৱৰ্ধনা আৰু পুৰস্কাৰ[3]

সম্পাদনা কৰক
  • ২০০০ চনত সাহিত্যতত্ত্ব আৰু সমালোচনাৰ ক্ষেত্ৰত আগ বঢে়াৱা অসামান্য অৱদানৰ বাবে অমৃতলোক সাহিত্য পৰিষদৰ তৰফৰ পৰা প্ৰদান কৰা জীবনানন্দ পুৰস্কাৰ লাভ।
  • ২০০৩ চনত বাংলাদেশৰ চিলেটৰ অকাডেমি অফ থ্ৰি আৰচ-ৰ তৰফৰ পৰা আগ বঢে়াৱা লিজেণ্ডাৰি পাৰ্চনেলিটি অফ দি ৰিজিয়ন সন্মান লাভ।
  • ২০০৪ চনত বাংলা সমালোচনা সাহিত্যলৈ‍ আগ বঢে়াৱা অসামান্য অৱদানৰ বাবে শৰিক সাহিত্য গোষ্ঠীৰ তৰফৰ পৰা জনোৱা হয় নাগৰিক সংৱৰ্ধনা।
  • ২০০৬ চনত অমৃতলোক সাহিত্য পৰিষদৰ তৰফৰ পৰা জনোৱা হয় সংৱৰ্ধনা।
  • ২০০৬ চনত জীৱন দৰ্পণ আলোচনীৰ তৰফৰ পৰা জনোৱা হয় সংৱৰ্ধনা।
  • ২০০৬ চনত মেদিনীপুৰ পৌৰসভাৰ তৰফৰ পৰা চহৰৰ চাবিকাঠী হাতত তুলি দি‍ জনোৱা হয় সংৱৰ্ধনা।

তপোধীৰ ভট্টাচাৰ্য সম্পৰ্কত অসমীয়া বুদ্ধিজীৱীৰ অভিমত

সম্পাদনা কৰক

অসমীয়া বুদ্ধিজীৱী নগেন শইকীয়াই তপোধীৰ ভট্টাচাৰ্যৰ সাহিত্য-কৰ্ম সম্পৰ্কে অভিমত প্ৰকাশ কৰি কৈছে-[5]

ড° তপোধীৰ ভট্টাচাৰ্যৰ লগত মোৰ চাক্ষুষ পৰিচয় এতিয়াও হোৱা নাই; কিন্তু তেখেতৰ লেখাৰ লগত মোৰ কিছু পৰিচয় হৈছে। বিশেষকৈ উত্তৰ আধুনিকতাবাদ আৰু ইয়াৰ প্ৰবক্তাসকলৰ সম্পৰ্কে ডক্টৰ ভট্টাচাৰ্যৰ বাহিৰে অসমৰ দ্বিতীয় কোনো এগৰাকী ব্যক্তিয়ে ইমান বিস্তৃত অধ্যয়ন কৰা নাই। ডক্টৰ ভট্টাচাৰ্যৰ লেখাৰ মাজত মই এগৰাকী পক্ষপাতহীন, তত্ত্বজি‍জ্ঞাসু সাৰস্বত সাধকক লগ পাইছোঁ। 'আধুনিকতা : পৰ্ব থেকে পৰ্বান্তৰ' ৰচনাখনিৰ যোগেদিয়েই তেখেতৰ লগত মোৰ প্ৰথম পৰিচয় স্থাপিত হৈছিল। এই ৰচনাখনিয়েই ড° ভট্টাচাৰ্যৰ প্ৰতি মোৰ মনত ঔৎসুক্য জগাই তুলিছিল। তেখেতৰ আন যিকেইখন গ্ৰন্থ মই পঢি়ছোঁ, সেই কেইখন হ'ল 'মিশেল ফুকো : তাঁৰ তত্ত্ববিশ্ব', 'মিশেল ফুকো : তাঁৰ তত্ত্ববিশ্ব', 'ৰোঁলা বাৰ্ত : তাঁৰ পাঠকৃতি‍', 'জাক দেৰিদা : তাঁৰ বিনিৰ্মাণ' আৰু 'বাখতিন'। ড° ভট্টাচাৰ্যৰ লেখাই উত্তৰ আধুনিকতাবাদ সম্পৰ্কে মোৰ দৃষ্টিভংগী গঠন কৰি লোৱাতো যথেষ্ট সহায় কৰিছে। ... ড° ভট্টাচাৰ্যৰ অসমীয়া ভাষা আৰু সাহিত্য সম্পৰ্কে এটি সম্যক পৰিচয় আৰু ধাৰণা আছে। তদুপৰি, ড° ভট্টাচাৰ্য এজন সাহিত্য-তত্ত্বজি‍জ্ঞাসু পণ্ডিতেই নহয়, এগৰাকী সৃষ্টিশীল লেখকো - 'কবি'। ... তুলনামূলক সাহিত্য বিচাৰ পদ্ধতিৰ লগতো জডি়ত ড° ভট্টাচাৰ্যৰ মাজত এক সন্তুলিত দৃষ্টিভংগী সক্ৰিয়; আৰু তেখেতৰ বিচাৰ এই দৃষ্টিভংগীয়ে বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিছে।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 1.12 1.13 1.14 1.15 বিশ্বজিৎ চৌধুৰি (মুখ্য সম্পাদক) (২০০৯). তপোধীৰ ভট্টাচাৰ্য ৬০ সম্মাননাগ্ৰন্থ. শৰিক সাহিত্য, কৰিমগঞ্জ - অসম. পৃষ্ঠা. ১২১ আৰু ২৬৭. 
  2. তপোধীৰ ভট্টাচাৰ্য (২০০৬). প্ৰতীচ্যৰে সাহিত্য তত্ত্ব. দে'জ পাবলিশিং, কলকাতা - ৩. পৃষ্ঠা. Back flap of the dust jacket. ISBN 978-81-295-1419-6. 
  3. 3.00 3.01 3.02 3.03 3.04 3.05 3.06 3.07 3.08 3.09 3.10 3.11 3.12 3.13 3.14 3.15 তপোধীৰ ভট্টাচাৰ্য (২০১৪). ৰেখা আৰু ৰঙৰ বিপ্লৱত পাবলো পিকাছো. ভিকি পাবলিচাৰ্ছ, গুৱাহাটী - ৫. পৃষ্ঠা. ৮১-৮৬. ISBN 978-93-80382-88-3. 
  4. "প্ৰকাশিত গ্ৰন্থ". https://www.bangiyasahityasamsad.com/book?title=BHASO-ANANTER-BHELA। আহৰণ কৰা হৈছে: 11 October 2024. 
  5. সত‍্য‍েন চৌধুৰী (অনুবাদ) (২০০৫). অসমৰ ৰামকথা : পৰ্ব-পৰ্বান্তৰ. গ্ৰন্থ সংস্কৃতি, যোৰহাট - অসম.