তাম্ৰধ্বজৰ যুদ্ধ
তাম্ৰধ্বজৰ যুদ্ধ হৈছে মূলত প্ৰাক্-শঙ্কৰী যুগৰ এখন কাব্য। গ্ৰন্থখনৰ ৰচক হৰিবৰ বিপ্ৰ। হৰিবৰ বিপ্ৰৰ মুঠ তিনিখন কাব্যগ্ৰন্থ হৈছে - লৱ-কুশৰ যুদ্ধ, বব্ৰুবাহনৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ। হৰিবৰ বিপ্ৰৰ তাম্ৰধ্বজৰ যুদ্ধ কাব্যখন মূল জৈমিনীয় মহাভাৰতৰ অশ্বমেধ পৰ্বৰ ৪১শ-৪৬শ অধ্যায়ৰ কাহিনীৰ ওপৰত আধাৰিত।[1]
বৈশিষ্ট্য
সম্পাদনা কৰকতাম্ৰধ্বজৰ যুদ্ধ মূলত এখন কাব্যগ্ৰন্থ। গ্ৰন্থখনৰ মূল জৈমিনী মহাভাৰতৰ অশ্বমেধ পৰ্ব। মূল গ্ৰন্থৰ ৪১শ-৪৬শ অধ্যায়ৰ কথাবস্তুৰ আধাৰত মৌলিক কাব্যৰ দৰে এই কাব্যগ্ৰন্থখন ৰচনা কৰা হৈছে। তাম্ৰধ্বজৰ যুদ্ধৰ কথাবস্তুখিনি ৰূপায়ণ কৰোঁতে কবিয়ে মূল কাহিনীৰ বিশেষ সালসলনি কৰা নাই। অৱশ্যে মূলৰ ময়ূৰধ্বজৰ নগৰৰ 'ৰত্ননগৰ' নামটো কবিয়ে 'বাণপুৰ' কৰিছে। মূলত তাম্ৰধ্বজৰ নাম ঠায়ে ঠায়ে 'সুচিত্ৰ' বুলিও আছে। কবি হৰিবৰ বিপ্ৰই অৱশ্যে এই নাম ব্যৱহাৰ কৰা নাই। মূলত মন্ত্ৰীৰ 'বহুলধ্বজ' নামটি কবিয়ে 'বংশধ্বজ' বুলিহে ব্যৱহাৰ কৰিছে। অনিৰুদ্ধ, বৃষকেতু, বৰুবাহন আদিৰ লগত তাম্ৰধ্বজৰ যুদ্ধৰ বৰ্ণনাংশ মূলৰ অনুৰূপ যদিও ঠাই বিশেষে কবিয়ে কিছু বিস্তৃত আৰু নিজা কথা সংযোগ কৰি কাব্যখন আকৰ্ষণীয় কৰি তুলিবৰ চেষ্টা কৰিছে। এইদৰে, হৰিবৰ বিপ্ৰই মূল মহাভাৰতৰ আখ্যানবস্তুৰ সামান্য সালসলনি কৰিছে যদিও বাকীখিনি বৰ্ণনা মূলানুগ। কাব্যৰ ভাষা পৌৰাণিক অসমীয়া ভাষা।[1]
বিষয়বস্তু
সম্পাদনা কৰকগ্ৰন্থখনৰ বিষয়বস্তু মহাভাৰতৰ অশ্বমেধ পৰ্বৰ ৪১শ-৪৬শ অধ্যায়ৰ কাহিনীৰ ওপৰত আধাৰিত। "বাণপুৰৰ ৰজা ময়ূৰধ্বজ আৰু তেওঁৰ পুত্ৰ তাম্ৰধ্বজৰ লগত যজ্ঞৰ ঘোঁৰা ৰক্ষাকাৰী পাণ্ডৱ সকলৰ সংঘৰ্ষ"-বব্ৰবাহনৰ যুদ্ধৰ পৰৱৰ্তী এই ঘটনাংশ কাব্যখনত বৰ্ণিত হৈছে। বব্ৰুবাহনৰ লগত হোৱা যুদ্ধৰ পাছত মণিপুৰৰ পৰা যজ্ঞৰ ঘোঁৰা লৈ কৃষ্ণাৰ্জুন ময়ূৰধ্বজ ৰজাৰ বাণপুৰ নগৰত প্ৰৱেশ কৰে। ৰজা ময়ূৰধ্বজেও অশ্বমেধ যজ্ঞ কৰি ঘোঁৰা এৰি দিছে, সেই ঘোঁৰাৰ অনুসৰণ কৰি গৈছে পুত্ৰ তাম্ৰধ্বজে। দুয়োপক্ষৰ ঘোঁৰাৰ ভেটা ভেটি হোৱাত যি যুদ্ধ আৰম্ভ হয় তাত তাম্ৰধ্বজে বীৰত্ব দেখুৱায়। যুদ্ধত পাণ্ডৱ পক্ষ পৰাজিত হয় যদিও শেষত কৃষ্ণ আৰু অৰ্জুনে ছল- কৌশলৰ মাজেদি যুধিষ্ঠিৰৰ ঘোঁৰা মুকলি কৰিবলৈ সক্ষম হয়।[1]
কবি
সম্পাদনা কৰকচতুৰ্দশ শতিকাৰ অসমীয়া কবিসকলৰ ভিতৰত হৰিবৰ বিপ্ৰ বা হৰিহৰ বিপ্ৰ অন্যতম। তেওঁ কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতা পাইছিল। এতিয়ালৈকে আৱিষ্কৃত হৰিহৰ বিপ্ৰৰ ভণিতা থকা পুথি তিনিখন ক্ৰমে - "বব্ৰুবাহনৰ যুদ্ধ", "লৱকুশৰ যুদ্ধ" আৰু "তাম্ৰধ্বজৰ যুদ্ধ"[2] উপৰিও আনএখন কাব্য হৈছে-"সুধন্বা-বধ" অৱশ্যে জৈমিনীয়াশ্বমেধপৰ্বৰ পৰা লিখা "সুধন্বা-বধ" হৰিবৰ বিপ্ৰৰ ৰচনা বুলি নিশ্চিত নহয়।[3]। হৰিবৰ বিপ্ৰক মাধৱদেৱৰ অন্যতম শিষ্য বংশীগোপালদেৱৰ ককা বুলিও ৰমানন্দ দ্বিজে ক'ব বিচাৰে আৰু ড° মহেশ্বৰ নেওগেও এই কথাত হয়ভৰ দিছে।[4] তেওঁ প্ৰাক্ শংকৰী যুগৰ প্ৰসিদ্ধ কবি। হৰিবৰ বিপ্ৰৰ ভাষা সমসাময়িক আন কবিতকৈ ঠায়ে ঠায়ে অৰ্বাচীন। কবিয়ে গৌৰীৰ চৰণ সেৱা কৰিলেও বিষ্ণুৰ প্ৰতিও সমানে ভক্তি প্ৰদৰ্শন কৰিছে আৰু বিষ্ণুক দেৱশ্ৰেষ্ঠ বুলি অনেক ঠাইত উল্লেখ কৰিছে।[2] যদিও বিপ্ৰই জৈমিনিৰ লেখনিৰ ভাঙনিহে কৰিছে, তথাপি তেওঁৰ ৰচনাত নিজস্ব কল্পনা আৰু মৌলিকত্ব বহুখিনি চকুত পৰে। হৰিহৰ বিপ্ৰৰ পৃষ্ঠপোষক ৰজাজন হৈছে কমতাপুৰৰ দুৰ্লভনাৰায়ণ। হৰিবৰ বিপ্ৰৰ আনুমানিক জন্মস্থান কমতাপুৰৰ কোনো অঞ্চল আৰু তেওঁৰ জন্ম হয় ত্ৰয়োদশ শতিকাত।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 1.2 ড° প্ৰণিতা বৰ্মন (২০২৩). অসমীয়া সাহিত্যৰ বুৰঞ্জী (আদিৰ পৰা মধ্য যুগলৈ). প্ৰকাশক গুৱাহাটী: কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়. পৃষ্ঠা. ১০৯-১১০.
- ↑ 2.0 2.1 অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত। প্ৰকাশক - প্ৰতিমা দেৱী। লেখক - সত্যেন্দ্ৰনাথ শৰ্মা, ১৯৯৬, গুৱাহাটী, পৃষ্ঠা ৫৭-৫৯
- ↑ নেওগ, মহেশ্বৰ (১৯৮৬). মহেশ্বৰ নেওগ ৰচনাৱলী- প্ৰথম খণ্ড. প্ৰকাশক গুৱাহাটী: ডক্টৰ মহেশ্বৰ নেওগ প্ৰকাশন ন্যাস পৰিষদ. পৃষ্ঠা. ৫২০-২৯.
- ↑ ভৰালী, হেমন্ত কুমাৰ (২০০১). এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া. প্ৰকাশক গুৱাহাটী: চিত্ৰলেখা পাব্লিকেশ্বন্ছ. পৃষ্ঠা. ২৯৮-২৯৯.