মহেশ্বৰ নেওগ(ইংৰাজী: Maheswar Neog, জন্ম:৭ ছেপ্টেম্বৰ ১৯১৫- মৃত্যু:১৩ ছেপ্তেম্বৰ ১৯৯৫) অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ সৰ্বাধিনায়ক।[1][2]তেওঁক বেজবৰুৱা আৰু বাণীকান্ত কাকতিৰ বৌদ্ধিক উত্তৰাধিকাৰী বুলি কোৱা হয়।[1] নেওগ অসমীয়া সাহিত্যৰ এনে এগৰাকী সাধক যিগৰাকী একাধাৰে বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, কবি, প্ৰাচ্যতত্ত্ববিদ তথা শ্ৰেষ্ঠতম সম্পাদকসকলৰ এজন।[3][4][5][6]পুৰণি শিলালিপিৰ পৰা আধুনিক কবিতালৈকে, শাস্ত্ৰীয় নৃত্য-গীতৰ পৰা লোকশিল্পলৈকে, প্ৰাচ্যতত্ত্বৰ পৰা নন্দন তত্ত্বলৈকে, ইতিহাসৰ পৰা দৰ্শন আৰু ধৰ্মলৈকে -বহল পৰিসৰত তেওঁ বিচৰণ কৰিছিল আৰু তথ্যৰ আসোঁৱাহ নথকাকৈ এই বিষয়সমূহ তেওঁৰ গৱেষণাৰ অন্তৰ্ভুক্ত কৰিছিল।[1] তেওঁ সম্পাদনা কৰি থৈ যোৱা গ্ৰন্থসমূহ অসমীয়া সাহিত্যৰ বুৰঞ্জীত এক মহৎ সংযোজন বুলিব পাৰি। তেওঁক অসমত শংকৰদেৱ চৰ্চাৰ এক বৃহৎ প্ৰেক্ষাপট নিৰ্মাতা বুলি কোৱা হয়।[2]নেওগৰ ‘Sankardeva and His Times’, ‘শ্ৰীশ্ৰীশংকৰদেৱ’ আদি গ্ৰন্থই শংকৰদেৱক বিজ্ঞানসন্মত ভাৱে প্ৰতিষ্ঠা কৰিছিল।[7] বেজবৰুৱাৰ বিশাল ব্যক্তিত্বক নব্য চিন্তাধাৰাৰে সৈতে অসমীয়া সমাজত চিনাকী কৰি দিয়াত তেওঁ মুখ্য ভূমিকা লৈছিল। ১৯৩৮ চনত, জয়ন্তী কাকতত নেওগৰ ‘বেজবৰুৱা, মানুহজন’ নামৰ জীৱনী তিনিটা খণ্ডত প্ৰকাশ পাইছিল।[8] শংকৰদেৱ বিৰচিত ‘কীৰ্ত্তনঘোষা’ আৰু মাধৱদেৱ বিৰচিত ‘নামঘোষা’ৰ সম্পাদনা নেওগৰ অন্যতম সম্পাদনা কীৰ্তি।[9]

মহেশ্বৰ নেওগ
জন্ম ৭ ছেপ্টেম্বৰ, ১৯১৫
শিৱসাগৰ, অসম, ভাৰত
মৃত্যু ১৩ ছেপ্টেম্বৰ ১৯৯৫
পেচা কবি, গৱেষক, ভাষাবিদ, সম্পাদক তথা অধ্যাপক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা অসমীয়া সাহিত্যৰ স্নাতকোত্তৰ
মাতৃশিক্ষায়তন কটন কলেজ
কলিকতা বিশ্ববিদ্যালয়
উল্লেখনীয় কৰ্মৰাজি জীৱনৰ দীঘ আৰু বাণি(আত্মজীৱনী)
উল্লেখযোগ্য বঁটা পদ্মশ্ৰী (১৯৭২)
অসম সাহিত্য সভাৰ সভাপতি (১৯৭৪)
আত্মীয়-স্বজন ডিম্বেশ্বৰ নেওগ(ভাতৃ)

মহেশ্বৰ নেওগ ১৯৪৪ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ দাবীত গঠিত হোৱা ট্ৰাষ্ট ব’ৰ্ডৰ সচিব আছিল।[10] গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ ইতিহাসৰ লগত তেওঁ জড়িত আছিল।[1]১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাত, নেওগ এই বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথমজন প্ৰবক্তা ৰূপে মকৰল হয়।[1][10] ১৯৪৮ ৰ পৰা ১৯৭৮লৈ ত্ৰিশ বছৰ তেওঁ এই পদবীত কাৰ্যনিৰ্বাহ কৰিছিল।[1] ১৯৫০ চনৰ ছেপ্টেম্বৰৰ পৰা ১৯৫১ চনৰ অক্টোবৰ মাহলৈ তেওঁ ৰামধেনুৰ সম্পাদক আছিল। [10] ১৯৫৫ চনত তেওঁ তেওঁৰ গৱেষণা -গ্ৰন্থ ‘Sankardeva and His Times’ৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।[1]

১৯৩৪ চনৰ পৰা ১৯৯৪ চনলৈ তেওঁ প্ৰায় আঢ়ৈশ কবিতা ৰচনা কৰিছিল।[11]

নেওগে অসম সাহিত্য সভাৰ সম্পাদক হৈ থকা সময়ছোৱাতে যোৰহাটৰ ‘ৰাধাকান্ত সন্দিকৈ ভৱন’ আৰু ১৯৬৫ চনত গুৱাহাটীৰ ‘ভগৱতীপ্ৰসাদ বৰুৱা ভৱন’ৰ নিৰ্মাণৰ কাম কৰে।[12][1] ১৯৭৪ চনত, তেওঁ মঙ্গলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ একোত্তৰচত্বাবিংশ অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল।[12]

ভাৰত চৰকাৰে মহেশ্বৰ নেওগক পদ্মশ্ৰী বঁটাৰে বিভূষিত কৰিছিল। অসম সাহিত্য সভাই সভাপতিৰ সন্মান যচাৰ উপৰিও তেওঁক ‘সদস্য মহীয়ান’ সন্মান যাচিছিল। অসম চৰকাৰে প্ৰদান কৰিছিল ‘শ্ৰীমন্ত শংকৰদেৱ বঁটা’। ইয়াৰ উপৰিও নেওগক গুৱাহাটী বিশ্ববিদ্যালয়ে ‘প্ৰফেছৰ এমেৰিটাছ’, ভাৰতীয় প্ৰত্নতত্ত্ব সমিতি আৰু ভাৰতীয় ইতিহাস আৰু সংস্কৃতি সমিতিয়ে তাম্ৰপত্ৰ আৰু সংগীত-নাটক অকাডেমিয়ে অকাডেমিৰ ফেল’শ্বিপ প্ৰদান কৰিছিল।[1][13]

জন্মসম্পাদনা কৰক

১৯১৫ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে শিৱসাগৰ জিলাৰ কমাৰফদীয়া গাঁৱত মহেশ্বৰ নেওগৰ জন্ম হয়।[13][7] পিতৃ মাণিক চন্দ্ৰ নেওগ। মাতৃ চন্দ্ৰপ্ৰভা নেওগ।[13][7]

শিক্ষাসম্পাদনা কৰক

নেওগৰ শিক্ষাৰম্ভ হয় ১১৩ নং কমাৰফদীয়া স্কুল, শিৱসাগৰত; উত্তৰ লখিমপুৰত প্ৰাথমিক শিক্ষা আৰু যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা ষ্টাৰ নম্বৰসহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। কটন কলেজৰ পৰা আই এছ চি প্ৰথম বিভাগত উত্তীৰ্ণ (১৯৩৬), ১৯৩৯ চনত ইংৰাজী বিষয়ত সন্মান সহকাৰে স্নাতক পৰীক্ষাত আৰু ১৯৮৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ভাৰতীয় ভাষা বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম বিভাগত স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ‘ডি ফিল’ উপাধি লাভ কৰে।[13][7]

কৰ্মজীৱনসম্পাদনা কৰক

মহেশ্বৰ নেওগৰ কৰ্মজীৱন আৰম্ভ হয় যোৰহাট মিশ্যন হাইস্কুল, শিৱসাগৰ ফুলেশ্বৰী হাইস্কুল আৰু যোৰহাট হাইস্কুলত, শিক্ষকতাৰে। ১৯৪৫ চনত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ট্ৰাষ্ট ব’ৰ্ডত ক্ৰমে কাৰ্যালয় সচিব তথা কাৰ্যাধক্ষ্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৪৮ চনত, গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ। ১৯৫৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰিডাৰ।[13] ১৯৫৭ ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জৱাহৰলাল নেহৰু আসন শুৱনি কৰি সেই পদতে ১৯৭৮ চনলৈ কাৰ্যনিৰ্বাহ কৰে। ১৯৭৮ ৰ পৰা ১৯৮৩ চনলৈকে পাটিয়ালাৰ পঞ্জাবী বিশ্ববিদ্যালয়ত শংকৰদেৱ আসনৰ অধ্যাপক। ১৯৭৪ৰ পৰা ১৯৭৭ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলাগুৰু অৰ্থাৎ ডীন অৱ ফেকাল্টি অৱ আৰ্টছ ৰূপে কাৰ্যনিৰ্বাহ কৰে।[13][7]

বিদেশ ভ্ৰমণসম্পাদনা কৰক

১৯৭০ চনত, বক্তৃতা প্ৰদান আৰু পাৰস্পৰিক সদ্ভাৱ বঢ়োৱাৰ লক্ষ্যেৰে, নেওগে ভাৰত চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে হাংগেৰী, ৰোমানিয়া আৰু পূৱ জাৰ্মেনি ভ্ৰমণ কৰিছিল।[13]

প্ৰাচ্যতত্ত্বৰ চৰ্চা তথা পাঠ-সমীক্ষা-তত্ত্বৰ প্ৰচলন আৰু ইয়াৰ ব্যৱহাৰিক প্ৰয়োগসম্পাদনা কৰক

নেওগ আছিল জাতীয় চিন্তানায়ক। সৰ্বক্ষণ তেওঁৰ চিন্তা-চৰ্চা অসম-অসমীয়া-মাতৃভাষা, অসমীয়া সাহিত্য আৰু সংস্কৃতি কেন্দ্ৰিক আছিল।[1] এই চিন্তাক কাৰ্যত ৰূপ দি তেওঁ ‘অসমতত্ত্ব’ অধ্যয়নৰ সুদৃঢ় ভেটি এটি স্থাপন কৰিছিল। তেওঁৰ এই জাতীয়তাবোধ আৰু বিচক্ষণতাই অসম সম্পৰ্কীয় অধ্যয়নক প্ৰাচ্যতত্ত্ব অধ্যয়নৰ অন্তৰ্ভুক্ত কৰিলে। গংগা উপত্যকাৰ পূৱ অংশক ভাৰততত্ত্ব অধ্যয়নৰ অংশত পৰিণত কৰাত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। প্ৰাচ্যতত্ত্বৰ চৰ্চা আৰু গৱেষণালৈ নেওগে মৌলিক আৰু একক বৰঙণি আগবঢ়াইছিল। সৰ্বভাৰতীয় প্ৰাচ্যতত্ত্ব অধিৱেশনত, অসম বিষয়ক বিভিন্ন গৱেষণা পত্ৰ (১৯৫৫ চনৰ পৰা) উত্থাপন কৰি তেওঁ পণ্ডিতসকলৰ নজৰলৈ আহে আৰু আলিগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত ভাৰতীয় প্ৰাচ্যবিদ্যা সন্মিলনৰ, ত্ৰয়োবিংশতম অধিৱেশনৰ টেকনিকেল ছায়েন্স এণ্ড ফাইন আৰ্টছ্‌ চেকচনৰ সভাপতিৰ পদ শুৱনি কৰে। ১৯৬৫ চনত, গুৱাহাটীত অনুষ্ঠিত এই অধিবেশনৰ দ্বাবিংশতিতম সন্মিলনৰ নেওগ আয়োজক মণ্ডলীৰ স্থানীয় সচিব আছিল।[1][13]

নেওগ পুণেৰ ভাণ্ডাৰকৰ ওৰিয়েণ্টেল গৱেষণা প্ৰতিষ্ঠানৰ আজীৱন সদস্য আছিল।[13]

অসমত ‘পাঠ-সমীক্ষা-তত্ত্ব’ক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা শিক্ষাবিদ্গৰাকী আছিল মহেশ্বৰ নেওগ।[1]১৯৭৪ চনৰ অসম সাহিত্য সভাৰ মঙ্গলদৈ অধিৱেশনৰ সভাপতি ৰূপে তেওঁ ‘পাঠ-সমীক্ষা’ পদ্ধতিৰে শুদ্ধ ইতিহাস প্ৰণয়নৰ বক্তব্য আগবঢ়ায়। ভাৰত চৰকাৰৰ শিক্ষা-সংস্কৃতি মন্ত্ৰালয়ৰ অধীনত, ১৯৬৩ চনত বেংগালুৰুত অনুষ্ঠিত এক অনুষ্ঠানত নেওগে ড° পি এল বৈদ্যৰ পৰা পাঠ-সমীক্ষা কৌশল প্ৰয়োগৰ প্ৰশিক্ষণ লৈছিল। তাৰ পিছত, ১৯৭৬ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ পাঠ্যক্ৰমত ‘পাঠ-সমীক্ষা’ বিষয়টো অন্তৰ্ভুক্ত কৰে। এই চনতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে পাঠ-সমীক্ষা বিষয়ত তেওঁক বক্তৃতা প্ৰদান কৰিবলৈ আমন্ত্ৰণ কৰে। ১৯৮৮ চনত, নেওগৰ বক্তৃতাটো ‘পাঠ-সমীক্ষা’ নাম দি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এখন গ্ৰন্থ প্ৰণয়ন কৰে। [14]

‘প্ৰাচ্য শাসনাৱলী’ গ্ৰন্থক মহেশ্বৰ নেওগৰ অক্ষয় কীৰ্তি ৰূপে বিবেচনা কৰা হয়। এই গ্ৰন্থখন সম্পাদনা কৰোঁতে তেওঁ পাঠ-সমীক্ষা পদ্ধতি গ্ৰহণ কৰিছে। সম্পাদকীয়ত তেওঁ লিখিছিল[15]-

এই সংকলনত সমীক্ষিত পাঠাধ্যয়নৰ পদ্ধতি গ্ৰহণ কৰা হৈছে। সি অৱশ্যে প্ৰাচীন সাহিত্য-কৃতি অধ্যয়নতো প্ৰয়োজনীয়, যদিও কালিৰাম মেধিক বাদ দিলে তাৰ আৱশ্যকতা উপলব্ধি কৰা পুৰণি পুথিৰ সম্পাদক আমাৰ প্ৰায় নায়েই, কাৰণ প্ৰায় সকলোৱেই পুথিত পোৱা পাঠ ‘শুধৰোৱা’টোহে পাণ্ডিত্য বুলি ভাবে। কিন্তু সেই পথ দুষ্ট পথ। সেইদৰে শুধৰালেও মুলৰ ভুল পাঠ কি আছিল, তাক নিৰ্দেশ কৰাটো নিতান্ত আৱশ্যকীয়।

‘কীৰ্ত্তনঘোষা’ আৰু ‘নামঘোষা’ও তেওঁ পাঠ-সমীক্ষা নীতিত সম্পাদনা কৰিছে। [14] পাঠ-সমীক্ষা নীতি অনুসৰণ কৰা নেওগ সম্পাদিত আন এখন গ্ৰন্থ হৈছে; ‘লৱ-কুশৰ যুদ্ধ’।

ছাত্ৰাৱস্থাৰ পৰাই নেওগে বিভিন্ন আলোচনী সম্পাদকৰ গুৰুদায়িত্ব বহন কৰিছিল। ১৯৩৬-৩৭ চনত, তেওঁ কটন মহাবিদ্যালয়ৰ আলোচনী ‘কটনিয়ান’ৰ সম্পাদক আছিল। তেওঁ ১৯৩৮-৩৯ চনত ‘জয়ন্তী’, ১৮৭২ ৰ পৰা ১৮৭৩ শকলৈ ‘ৰামধেনু’ আৰু ১৯৫৩ ৰ পৰা ১৯৫৫ লৈ ‘ঝংকাৰ’ আলোচনীৰ দুটা খণ্ডৰ সম্পাদনাৰ দায়িত্ব লৈছিল।

স্বীকৃতিসম্পাদনা কৰক

পদ্মশ্ৰী (১৯৭২), অসম সাহিত্য সভাৰ সভাপতি (১৯৭৪)[16], অসম সাহিত্য সভাৰ সদস্য মহীয়ান (১৯৮৮), শংকৰদেৱ বঁটা (১৯৮৯), সঙ্গীত নাটক একাডেমীৰ জলপানি (১৯৯৫)।

সাহিত্য ৰচনাসম্পাদনা কৰক

  • শ্ৰীশ্ৰী শংকৰদেৱ (১৯৫১)
  • ডাৱৰৰ সিপাৰে ধুনীয়া দেশ (১৯৪৮)
  • পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি (১৯৫৭)
  • অসমীয়া গীতি সাহিত্য (১৯৫৮)
  • অসমীয়া প্ৰেমগাঁথা (১৯৫৮)
  • অসমীয়া সাহিত্যৰ ৰূপৰেখা (১৯৬২-৬৩)
  • আধুনিক অসমীয়া সাহিত্য (১৯৬৫)
  • ভক্তি-প্ৰদীপ (১৯৪৫)
  • বংশীগোপালদেৱৰ চৰিত্ৰ (১৯৫০)
  • উষা পৰিণয় (১৯৫১)
  • আচাৰ্য সংহতি (১৯৬৩)
  • লৱ-কুশৰ যুদ্ধ (১৯৫৪)
  • গীতি-ৰামায়ণ (১৯৫৪)
  • কীৰ্তন-ঘোষা, নামঘোষা (১৯৫৫)
  • ৰামানন্দ দ্বিজৰ গুৰুচৰিত (১৯৫৬)
  • চাহাপৰি উপাখ্যান (১৯৫৮)
  • সংস্কৃত হস্তমুক্তাৱলী (১৯৫৯)
  • সঞ্চয়ন (১৯৭১)
  • চতাই পৰবত আৰু চিৰি লুইত (১৯৫৯)
  • স্বৰৰেখাত বৰগীত (১৯৫৮)
  • শ্ৰীভাগৱত কথা (১৯৫৯)
  • সানুবাদ হস্তমুক্তাৱলী (১৯৬৩)
  • প্ৰাচ্য শাসনাৱলী, সত্ৰীয়া নৃত্য আৰু সত্ৰীয়া নৃত্যৰ তাল (১৯৭৪)
  • বিশ্ববিদ্যালয়ৰ, ভাষা, ভাষণ আৰু ভ্ৰমণ (১৯৭৪)
  • মুছাফিৰখানা (১৯৭৪)
  • পৰ্ব সমীক্ষা (১৯৮৮)
  • অৰুণোদয় (সম্পাদনা) (১৯৮৪)
  • বেজবৰুৱা পত্ৰলেখা (১৯৬৮)
  • ভক্তিগীতপদ সংকলন (১৯৮৮)
  • চন্দ্ৰকান্ত অভিধান সংশোধন (১৯৫৪, ৫৭, ৬৮)

আত্মজীৱনীসম্পাদনা কৰক

  • জীৱনৰ দীঘ আৰু বাণি

ইংৰাজী গ্ৰন্থসম্পাদনা কৰক

  • Sankaradeva And His Predecessors
  • The Art Of Painting In Assam
  • Sankaradava And His Time (পি এইচ ডিৰ গৱেষণা পত্ৰ)
  • Rhythm In The Vaishnava Music Of Assam

মৃত্যুসম্পাদনা কৰক

১৯৯৫ চনৰ ১৩ ছেপ্টেম্বৰত তেখেতৰ মৃত্যু হয়।

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 ড° নগেন শইকীয়া (২০০৬). কথা বৰণ্য ১০০. প্ৰকাশক গুৱাহাটী: কথা. পৃষ্ঠা. ৭৯-৮১. ISBN 81-89148-14-1. 
  2. 2.0 2.1 উমেশ ডেকা (এপ্ৰিল-মে’-জুন ২০১৫). "সম্পাদনাৰ প্ৰেক্ষাপটত". অসম সাহিত্য সভা পত্ৰিকা,সদস্য মহীয়ান ড° মহেশ্বৰ নেওগ, জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ সংখ্যা খণ্ড নৱষষ্ঠিতম বৰ্ষ (প্ৰথম সংখ্যা): ৯-১২. 
  3. Mukunda Madhava Sharma; Satyanarayana Ratha (1974). Dr. Maheswar Neog: A Profile and a Short Bibliography. Lawyer's Book Stall. https://books.google.com/books?id=ovUpmzQjmRAC. 
  4. "Professor Maheswar Neog". Assaminfo.com. http://www.assaminfo.com/famous-people/56/dr-maheswar-neog.htm। আহৰণ কৰা হৈছে: 10 February 2014. 
  5. Bipuljyoti Saikia (7 September 1915). "Bipuljyoti Saikia's Homepage : Authors & Poets – Maheswar Neog". Bipuljyoti.in. http://www.bipuljyoti.in/authors/maheswarneog.html। আহৰণ কৰা হৈছে: 10 February 2014. 
  6. "DU VC delivers Maheswar Neog lecture". The Assam Tribune Online. 14 September 2011. http://www.assamtribune.com/scripts/detailsnew.asp?id=sep1411/city07। আহৰণ কৰা হৈছে: 10 February 2014. 
  7. 7.0 7.1 7.2 7.3 7.4 ড° বাবুল চন্দ্ৰ দাস (এপ্ৰিল-মে’-জুন ২০১৫). "মহেশ্বৰ নেওগৰ বৈষ্ণৱ সংস্কৃতিৰ আলোচনা". অসম সাহিত্য সভা পত্ৰিকা,সদস্য মহীয়ান ড° মহেশ্বৰ নেওগ, জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ সংখ্যা খণ্ড নৱষষ্ঠিতম বৰ্ষ (প্ৰথম সংখ্যা): ৭৯-৮৫. 
  8. ড° অৰূপ কুমাৰ নাথ (এপ্ৰিল-মে’-জুন ২০১৫). "মহেশ্বৰ নেওগৰ লক্ষ্মীনাথ বেজবৰুৱা চৰ্চা". অসম সাহিত্য সভা পত্ৰিকা,সদস্য মহীয়ান ড° মহেশ্বৰ নেওগ, জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ সংখ্যা খণ্ড নৱষষ্ঠিতম বৰ্ষ (প্ৰথম সংখ্যা): ৮৭-৯৫. 
  9. ড° কনক চন্দ্ৰ চহৰীয়া (এপ্ৰিল-মে’-জুন ২০১৫). "মহেশ্বৰ নেওগ সম্পাদিত পুৰণি অসমীয়া কাব্য". অসম সাহিত্য সভা পত্ৰিকা,সদস্য মহীয়ান ড° মহেশ্বৰ নেওগ, জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ সংখ্যা খণ্ড নৱষষ্ঠিতম বৰ্ষ (প্ৰথম সংখ্যা): ৪২-৪৮. 
  10. 10.0 10.1 10.2 ড° বিনীতা বৰা দেৱ চৌধুৰী (এপ্ৰিল-মে’-জুন ২০১৫). "‘ৰামধেনু’ৰ পাতত মহেশ্বৰ নেওগ". অসম সাহিত্য সভা পত্ৰিকা,সদস্য মহীয়ান ড° মহেশ্বৰ নেওগ, জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ সংখ্যা খণ্ড নৱষষ্ঠিতম বৰ্ষ (প্ৰথম সংখ্যা): ১০৬-১০৯. 
  11. ড° অৰবিন্দ ৰাজখোৱা (এপ্ৰিল-মে’-জুন ২০১৫). "মহেশ্বৰ নেওগৰ কবিতা". অসম সাহিত্য সভা পত্ৰিকা,সদস্য মহীয়ান ড° মহেশ্বৰ নেওগ, জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ সংখ্যা খণ্ড নৱষষ্ঠিতম বৰ্ষ (প্ৰথম সংখ্যা): ১২০-১২৮. 
  12. 12.0 12.1 প্ৰণৱস্বৰূপ নেওগ (এপ্ৰিল-মে’-জুন ২০১৫). "অসম সাহিত্য সভা আৰু দেউতা". অসম সাহিত্য সভা পত্ৰিকা,সদস্য মহীয়ান ড° মহেশ্বৰ নেওগ, জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ সংখ্যা খণ্ড নৱষষ্ঠিতম বৰ্ষ (প্ৰথম সংখ্যা): ১৮৬-১৯৯. 
  13. 13.0 13.1 13.2 13.3 13.4 13.5 13.6 13.7 13.8 শান্তনু কৌশিক বৰুৱা. ড° মহেশ্বৰ নেওগৰ ব্যক্তিত্ব আৰু প্ৰতিভা. প্ৰকাশক গুৱাহাটী: অসম সাহিত্য সভা. পৃষ্ঠা. ১১০-১১৮. 
  14. 14.0 14.1 স্নিগ্ধা কটকী (২০১৫). "পাঠ-সমীক্ষক মহেশ্বৰ নেওগ আৰু ‘লৱ-কুশৰ যুদ্ধ’". In ড° উমেশ ডেকা. অসম সাহিত্য সভা পত্ৰিকা. নৱষষ্ঠিতম বৰ্ষ (প্ৰথম সংখ্যা সম্পাদনা). প্ৰকাশক গুৱাহাটী: অসম সাহিত্য সভা. pp. ১৭২-১৭৮. 
  15. ড° সতীশ চন্দ্ৰ ভট্টাচাৰ্য্য (২০১৫). "মহেশ্বৰ নেওগৰ অক্ষয় কীৰ্তি ‘প্ৰাচ্য শাসনাৱলী’". In ড° উমেশ ডেকা. অসম সাহিত্য সভা পত্ৰিকা. নৱষষ্ঠিতম বৰ্ষ (প্ৰথম সংখ্য সম্পাদনা). প্ৰকাশক গুৱাহাটী: অসম সাহিত্য সভা. pp. ২৬-২৯. 
  16. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।