তালেবৰ ৰহমান(ইংৰাজী: Talebor Rahman) এজন অসমীয়াশিক্ষক, সক্ৰিয় সমাজকৰ্মী আৰু মানৱতাবাদী সাহিত্যক। তেওঁৰ ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্য চৰ্চা কৰিছিল।

তালেবৰ ৰহমান
জন্ম বৰপেটা
১৯৬০
অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

১৯৬০ চনত অসমৰ বৰপেটা জিলাৰ বেতবাৰী গাঁৱত তালেবৰ ৰহমানৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম কাজল মিয়া আৰু মাতৃৰ নাম আজিৰণ নেছা।[1]

শিক্ষা সম্পাদনা কৰক

১৯৭৬ চনত ভৱানীপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৭৯ চনত বি.বি.কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু সমাজ বিজ্ঞান বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ স্নাতকোত্তৰ উপাধি লাভ কৰে।[2]

কৰ্মজীৱন সম্পাদনা কৰক

তেওঁ কমলপুৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষক হিচাপে চাকৰি জীৱনৰ পাতনি মেলে।[3]

সাহিত্যৰাজি সম্পাদনা কৰক

  • আৰ্দশ মৎস্য প্ৰতিপালন
  • অৰণ্যৰোদন (কাব্য সংকলন)
  • অনুভূতি (কাব্য সংকলন)
  • হোটেল মেনেজাৰ সাক্ষাৎকাৰ (গল্প সংকলন)
  • ৰহমানীয় গজল (গীতি সংকলন)[4]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. অসমৰ লেখক পৰিচয়, ৰাবিব মচৰুৰ (সম্পাদক), ইন্টাৰনেট সংস্কৰণ,প্ৰথম প্ৰকাশ,২০১৯, পৃষ্ঠা নং ৬৭
  2. অসমৰ লেখক পৰিচয়, ৰাবিব মচৰুৰ (সম্পাদক), ইন্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ,২০১৯, পৃষ্ঠা নং ৬৭
  3. অসমৰ লেখক পৰিচয়, ৰাবিব মচৰুৰ (সম্পাদক), ইন্টাৰনেটসংস্কৰণ, প্ৰথম প্ৰকাশ,২০১৯, পৃষ্ঠা নং ৬৭
  4. অসমৰ লেখক পৰিচয়, ৰাবিব মচৰুৰ (সম্পাদক), ইন্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ,২০১৯, পৃষ্ঠা নং ৬৭