তাৰা দেওধৰ(ইংৰাজী: Tara Deodhar জন্ম ১৯২৪) এগৰাকী ভাৰতীয় মহিলা বেডমিণ্টন আৰু টেনিছ খেলুৱৈ। তেওঁ ভাৰতৰ ক্ৰিকেট কিংবদন্তী ডি.বি দেওধৰৰ কন্যা।

তাৰা দেওধৰ

তাৰা আৰু সুন্দৰ দেওধৰ একেলগে।
ব্যক্তিগত তথ্য
দেশ  ভাৰত
জন্ম পুনে, মহাৰাষ্ট্ৰ

শিক্ষা আৰু পেচা সম্পাদনা কৰক

১৯৪৬ চনত দেওধৰে উইচকনচিন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। তাৰা দেওধৰে ১৯৪২ চনত তেওঁৰ ভগ্নী সুন্দৰ দেওধৰৰ সৈতে মহিলাৰ দ্বৈত বেডমিণ্টনত তেওঁৰ প্ৰথম ৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিছিল। ১৯৪২ চনৰ পৰা ১৯৫৪ চনৰ ভিতৰত দেওধৰ ভগ্নী, সুমন, সুন্দৰ আৰু তাৰাই ভাৰতীয় ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়ন প্ৰতিযোগিতাত আধিপত্য বিস্তাৰ কৰিছিল। [1] [2] তেওঁ এগৰাকী শক্তিশালী টেনিছ খেলুৱৈ আছিল। উইচকনচিন-মেডিচন বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে,[3] আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেনিছ চেম্পিয়নশ্বিপত বিদেশী টেনিছ খেলুৱৈসকলৰ ভিতৰত তেওঁ পঞ্চম স্থান লাভ কৰিছিল।[4]

সাফল্য সম্পাদনা কৰক

তিনি ভগ্নী তাৰা, সুন্দৰ আৰু সুমনে একক, দ্বৈত্য আৰু মিশ্ৰিত তিনিওটা বিভাগত ৰাষ্ট্ৰীয় বেডমিণ্টন জগতত আধিপত্য বিস্তাৰ কৰিছিল। ব্যক্তিগতভাৱে আৰু ইজনে সিজনৰ সৈতে ২৪টা ৰাষ্ট্ৰীয় ট্ৰফী অৰ্জন কৰিবলৈ সক্ষম হয়। তাৰাই ১৯৪২ চনৰ পৰা '৪৪ লৈ একক বিজয়ৰ হেট্ৰিক লাভ কৰিছিল।

তাৰাই বেডমিণ্টনৰ ওপৰত লিখা কিছুমান কিতাপ পঢ়াৰ সিদ্ধান্ত লৈছিল, আৰু তেওঁৰ সৰু ভগ্নী দুগৰাকীক বেডমিণ্টন সম্পৰ্কীয় নিৰ্দেশনা প্ৰদান কৰিছিল। দহ বছৰ বয়সত খেলিবলৈ আৰম্ভ কৰা সুমনে অতি কম সময়ৰ ভিতৰতে ভাল উন্নতি কৰিছিল আৰু তেওঁ ১২ বছৰ বয়সলৈ পশ্চিম ভাৰতৰ অনুৰ্ধ-১৬ চেম্পিয়ন আছিল। তাৰাই ৱেষ্টাৰ্ণ ইণ্ডিয়া টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰাৰ সময়ত সুন্দৰৰ বয়স ১৫ বছৰ হৈছিল। একেৰাহে তিনিবছৰ ধৰি – ১৯৪২, '৪৩ আৰু '৪৪ তাৰাই তিনিওবাৰ মহিলাৰ একক খিতাপ জিকিছিল। আৰম্ভণিতে, তাৰা আৰু সুন্দৰে যথেষ্ট সফলতাৰে যুটি বান্ধিছিল। তেওঁলোকে তাৰাই নেচনেলত খেলা তিনিও বছৰতে মহিলাৰ দ্বৈত্য ফাইনেলত উপনীত হৈছিল, আৰু ১৯৪৪ চনত ফ্ৰেনি তালায়াৰখান আৰু মুমতাজ চিনয়ৰ দ্বাৰা পৰাজিত হোৱাৰ পূৰ্বে প্ৰথম দুবাৰত বিজয়ী হৈছিল।[5]

১৯৪৫ চনত তাৰাই জৈৱ ৰসায়ন অধ্যয়ন কৰিবলৈ আমেৰিকা লৈ যায়, আৰু অৱশেষত এই বিষয়ত পিএইচডি লাভ কৰে। তাৰাৰ স্বামী ৰাথালেভ জৈৱ ৰসায়ন বিভাগৰ সহকৰ্মী আছিল। বিয়াৰ পিছত তেওঁলোকে ডেনমাৰ্কত বসতি স্থাপন কৰিছিল। তাৰাই খেলৰ জগতখনৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁৰ দুই ভগ্নী সুন্দৰ আৰু সুমনে যুটি বান্ধিছিল। তেওঁলোকে ১৯৪৫ আৰু '৫৪ ৰ ভিতৰত ১০ বছৰ কাল একেলগে খেলিছিল। সেই সময়ছোৱাত, তেওঁলোকে অংশগ্ৰহণ কৰা বেছিভাগ নেচনেল খেলত মহিলাৰ ডাবলছৰ ফাইনেলত উপনীত হৈছিল।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Badminton Association of India. "List of Indian National Championship Winners". http://www.badmintonindia.org/frmArcChampionship.aspx?id=0। আহৰণ কৰা হৈছে: 22 August 2014. 
  2. Sports Team (13 March 2011). "The Other Trailblazers". The Hindu. http://www.mid-day.com/articles/the-other-trailblazers/115245। আহৰণ কৰা হৈছে: 22 August 2014. 
  3. Schoenfeld, Clay (March 1946). "There's an international set on campus". Wisconsin alumnus খণ্ড 46 (6): 5–6. http://digicoll.library.wisc.edu/cgi-bin/UW/UW-idx?type=div&did=UW.v47i6.i0005&isize=text। আহৰণ কৰা হৈছে: 22 August 2014. 
  4. "Seedings in U.S. Tennis". The Straits Times (Singapore): পৃষ্ঠা 8. 31 August 1946. http://newspapers.nl.sg/Digitised/Page/straitstimes19460831.1.8.aspx। আহৰণ কৰা হৈছে: 22 August 2014. 
  5. "Past Masters of Indian Badminton: The Deodhar sisters – Tara, Sunder, Suman dominated sport and left lasting legacy". First Post.Com. https://www.firstpost.com/sports/past-masters-of-indian-badminton-the-deodhar-sisters-tara-sunder-suman-dominated-sport-and-left-lasting-legacy-8249351.html। আহৰণ কৰা হৈছে: 28 March 2022.