তাৰা সিং

শিখ ৰাজনৈতিক আৰু ধৰ্মীয় নেতা

মাষ্টাৰ তাৰা সিং মালহোট্ৰা (২৪ জুন ১৮৮৫– ২২ নৱেম্বৰ ১৯৬৭) আছিল কুৰি শতিকাৰ প্ৰথমভাগৰ এগৰাকী ভাৰতীয় শিখ ৰাজনীতিবিদ আৰু ধৰ্মীয় নেতা৷ তেখেতৰ পৃষ্ঠপোষকতাত শিৰোমণি গুৰুদ্বাৰা প্ৰভণ্ডক সমিতি গঠিত হৈছিল৷ ভাৰত-বিভাজনৰ সময়ত শিখসকলক পৰিচালিত কৰাতো তেখেতৰ ভূমিকা আছিল মন কৰিবলগীয়া৷ তেখেতে এই বিভাজনৰ বিৰোধ কৰিছিল৷[2] পৰৱৰ্তী সময়ত তেখেতে পঞ্জাবত এখন শিখপ্ৰধান ৰাজ্য গঠন কৰাৰ পোষকতা কৰিছিল৷ তেখেতৰ জীয়ৰী, ভাৰতীয় সাংবাদিক আৰু ৰাজনীতিবিদ ৰাজিন্দৰ কৌৰ বাথিন্দাত শিখ সশস্ত্ৰবাদীৰ হাতত নিহত হয়৷ [3][4]

তাৰা সিং
Tara Singh
জন্ম ২৪ জুন, ১৮৮৫[1]
ৰাৱালপিণ্ডি, পঞ্জাব প্ৰদেশ, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ পাকিস্তান)
মৃত্যু ২২ নৱেম্বৰ, ১৯৬৭ (৮২ বছৰ)[1]
চণ্ডীগড়, ভাৰত[1]
ৰাষ্ট্ৰীয়তা ভাৰতীয়

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

বৰ্তমান পাকিস্তানৰ অন্তৰ্গত আৰু তেতিয়াৰ ব্ৰিটিছ ভাৰতত অন্তৰ্ভুক্ত পঞ্জাব প্ৰদেশৰ এটি খত্ৰী পৰিয়ালত ১৮৮৫ চনৰ ২৪ জুনত তাৰা সিঙৰ জন্ম হৈছিল৷ [5] ১৯০৭ চনত অমৃতসৰৰ খালছা কলেজৰ পৰা স্নাতক ডিগ্ৰী দখল কৰি তাৰা সিঙে উচ্চ বিদ্যালয় এখনৰ শিক্ষক হৈছিলগৈ৷ তেখেতৰ শৈক্ষিক কৰ্মজীৱনটো শিখ স্কুলীয়া ব্যৱস্থাৰ অন্তৰ্ভুক্ত আৰু তেখেতৰ নামৰ আগত ব্যৱহাৰ হোৱা মাষ্টাৰ শব্দটোৱে সেইছোৱা কালক প্ৰতিনিধিত্ব কৰে৷[1]

ৰাজনৈতিক জীৱন সম্পাদনা কৰক

শিখবাদৰ প্ৰচাৰ আৰু সংৰক্ষণত তাৰা সিং সদায়েই উৎসাহী আছিল৷ ইয়াৰ বাবে তেখেত আইনী কৰ্তৃত্বৰ কঠোৰ চকুত পৰিছিল আৰু ১৯৩০ চনৰ পৰা ১৯৬৬ চনলৈকে বিভিন্ন উপলক্ষ্যত আইন অমান্য কৰি তেখেত কাৰাগাৰলৈ গৈছিল৷ তেখেত মহাত্মা গান্ধীৰ আন্দোলনৰ ঘনিষ্ঠ আছিল৷ পৰৱৰ্তী সময়ত তেখেত শিৰোমণি আকালী দলৰ এজন নেতাৰ আসনত বহে৷ ইয়াৰ লগতে তেখেত শিৰোমণি গুৰুদ্বাৰা প্ৰবন্ধক সমিতিৰ লগতো জড়িত হৈছিল৷ এইটো আছিল গুৰুদ্বাৰা ব্যৱস্থাপনাৰ সৰ্বোচ্চ সমিতি৷[1]

ভাৰতৰ বিভাজন সম্পাদনা কৰক

বাকীসকল শিখ সংগঠনৰ লগত তাৰা সিঙ আৰু শিৰোমণি আকালী দলে লাহোৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল৷ স্বাভাৱিকতে তেওঁ ভাৰতৰ বিভাজনকামী নীতিৰো সমৰ্থন কৰা নাছিল৷ তেখেতে কৈছিল যে তেখেতৰ দলটোৱে পাকিস্তানৰ ধাৰণাটোৰ বিৰুদ্ধে প্ৰাণপণে যুঁজ দিব৷ [2]

স্বৰাজোত্তৰ ভাৰতত সম্পাদনা কৰক

তাৰা সিঙৰ সবাতোকৈ বিশিষ্ট লক্ষ্যটো আছিল এখন পঞ্জাবীভাষী ৰাজ্য গঠন কৰা৷ তেওঁ বিশ্বাস কৰিছিল যে ইয়াৰ জৰিয়তে শিখসকলৰ ধৰ্মীয় আৰু ৰাজনৈতিক সংহতি অক্ষুণ্ণ থাকিব৷ ১৯৬১ চনত অমৃতসৰৰ গোল্ডেন টেম্পলত তেখেতে ভোক হৰতাল আৰম্ভ কৰিছিল আৰু জৱাহৰলাল নেহৰুৱে তেখেতৰ দাবী মানী নোলোৱালৈকে এই প্ৰতিবাদ জাৰী থাকিব বুলি সংকল্প লৈছিল৷ নেহৰুৱে কৈছিল যে ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আৰু ধৰ্মীয় বিবিধতাৰ ভিত্তিত ৰাজ্য এখন গঠন হোৱাটো অসংগত কথা৷ যি কি নহওক, নেহৰুৱে বিষয়টো চিন্তা কৰি চোৱাৰ আশ্বাস দিছিল৷ ৪৮ চনৰ পিছত তাৰা সিঙে নিজৰ অনশন ভাঙিছিল৷ সিঙৰ অনুগামীসকল তেতিয়া এই কাৰ্যত ক্ষুব্ধ হ'ল৷ তাৰা সিঙে আত্মসমৰ্পণ কৰিলে বুলি তেওঁলোকৰ ধাৰণা হৈছিল আৰু সেইবাবে তেওঁলোকে তাৰা সিঙক পিজাৰাৰ আদালতত বিচাৰাধীন কৰিছিল৷ সিঙে নিজৰ দোষ স্বীকাৰ কৰিছিল আৰু নিজৰ সুনামো এইদৰে তেখেতে হেৰুৱাইছিল৷ শিখসম্প্ৰদায়ে তাৰা সিঙক শিৰোমণি আকালী দলৰ পদৰ পৰা অপসাৰণ কৰিলে৷[1]

১৯৬৬ চনত ভাৰতৰ পঞ্জাব ৰাজ্যৰ ভাষাগত বিভাজন হয়৷ হিন্দীভাষী লোকসকলক হাৰিয়ানা ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হয়৷ ১৯৬৭ চনৰ ২২ নৱেম্বৰত তাৰা সিঙৰ চণ্ডীগড়ত দেহাৱসান ঘটে৷ S[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "Tara Singh". Encyclopædia Britannica. https://www.britannica.com/biography/Tara-Singh। আহৰণ কৰা হৈছে: 27 July 2016. 
  2. 2.0 2.1 Kudaisya, Gyanesh; Yong, Tan Tai (2004) (en ভাষাত). The Aftermath of Partition in South Asia. Routledge. পৃষ্ঠা. 100. ISBN 978-1-134-44048-1. "No sooner was it made public than the Sikhs launched a virulent campaign against the Lahore Resolution. Pakistan was portrayed as a possible return to an unhappy past when Sikhs were persecuted and Muslims the persecutor. Public speeches by various Sikh political leaders on the subject of Pakistan invariably raised images of atrocities committed by Muslims on Sikhs and of the martyrdom of their gurus and heroes. Reactions to the Lahore Resolution were uniformly negative and Sikh leaders of all political persuasions made it clear that Pakistan would be 'wholeheartedly resisted'. The Shiromani Akali Dal, the party with a substantial following amongst the rural Sikhs, organized several well-attended conferences in Lahore to condemn the Muslim League. Singh, leader of the Akali Dal, declared that his party would fight Pakistan 'tooth and nail'. Not be outdone, other Sikh political organizations, rival to the Akali Dal, namely the Central Khalsa Young Men Union and the moderate and loyalist Chief Khalsa Dewan, declared in equally strong language their unequivocal opposition to the Pakistan scheme." 
  3. Rajinder Kaur, Dr. (Shrimati). Rajya Sabha Council of States
  4. "Dr Rajinder Kaur (1931–1989)". Sikh history. Archived from the original on 27 September 2013. https://web.archive.org/web/20130927170143/http://www.sikh-history.com/sikhhist/personalities/rajinderk.html। আহৰণ কৰা হৈছে: 7 May 2014. 
  5. "Ranjit Singh's statue unveiled in Parliament House". The Tribune (Chandigarh). 21 August 2003. http://www.tribuneindia.com/2003/20030822/main7.htm.