তাৰা সুন্দৰী (ইংৰাজী: Tara Sundari; ১৮৭৮-১৯ এপ্ৰিল ১৯৪৮) এগৰাকী বঙালী থিয়েটাৰৰ অভিনেত্ৰী, কণ্ঠশিল্পী আৰু নৃত্যশিল্পী।[2] তেওঁ দুৰ্গেশনন্দিনী, হৰিশ্চন্দ্ৰ, ৰিজিয়া আদি নাটকত উল্লেখযোগ্য অভিনয়ৰ বাবে পৰিচিত।[3] তাৰাসুন্দৰী আৰু অপৰেশ চন্দ্ৰ বঙালী নাট্য মঞ্চৰ এক অন্যতম সফল যুটি আছিল।[3]

তাৰা সুন্দৰী
জন্ম ১৮৭৮[1]
কলকাতা, বেংগল প্ৰেছিডেন্সি, ব্ৰিটিছ ভাৰত
মৃত্যু ১৯ এপ্ৰিল ১৯৪৮[2]
পশ্চিম বংগ, ভাৰত
পেচা মঞ্চ অভিনেত্ৰী, কণ্ঠশিল্পী, নৰ্তকী

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

তাৰা সুন্দৰীৰ জন্ম ১৮৭৯ চনত কলকাতাৰ এটা দৰিদ্ৰ পৰিয়ালত হৈছিল।[4] তেওঁৰ নৃত্যকলি নামৰ বায়েক এগৰাকী আছিল।[5] প্ৰখ্যাত মঞ্চ অভিনেত্ৰী বিনোদিনী দাসী তেওঁলোকৰ প্ৰতিবেশী আছিল।

কৰ্মজীৱন

সম্পাদনা কৰক

১৮৮৪ চনত বিনোদিনীৰ সহায়ত তেওঁ কলকাতাৰ ষ্টাৰ থিয়েটাৰত যোগদান কৰে।[6] তেওঁ প্ৰথম অভিনয় কৰিছিল গিৰীশ চন্দ্ৰ ঘোষচৈতন্য লীলাত। ইয়াত তেওঁ এজন ল'ৰাৰ চৰিত্ৰত অভিনয় কৰিছিল। অভিনয় কৰিবলৈ শিকিছিল অমৃতলাল মিত্ৰৰ পৰা। কাশীনাথ চট্টোপধ্যায় তেওঁৰ নৃত্যৰ শিক্ষক আছিল।[3] মহিলাৰ চৰিত্ৰত তেওঁৰ প্ৰথম অভিনয় ১৮৮৯ চনত গিৰীশ চন্দ্ৰ ঘোষৰ হৰনিধি নাটকত। এই নাটকখনৰ বাবে তেওঁ ৰামতৰন সান্যালৰ পৰা গান গাবলৈ শিকিছিল।[5] তেতিয়াৰে পৰা মঞ্চৰ নাম তাৰাসুন্দৰী ব্যৱহাৰ কৰিবলৈ লয়।

তিনিটা দৰ্শনী অভিনয় কৰাৰ পিছত তেওঁ ষ্টাৰ থিয়েটাৰ বাদ দিয়ে। সেই সময়ত গিৰীশ ঘোষৰ তত্ত্বাৱধানত মিনাৰ্ভা থিয়েটাৰত কৰ্মেতি বাই প্ৰযোজনা চলি আছিল। এনে সময়তে মুখ্য চৰিত্ৰত অভিনয় কৰিবলগীয়া টিংকৰি নামেৰে পৰিচিত এগৰাকী অভিনেত্ৰীয়ে থিয়েটাৰ এৰি থৈ যায়। গিৰিশ ঘোষৰ অনুৰোধত তাৰাসুন্দৰীয়ে দুটা দৰ্শনীত সাময়িকভাৱে কৰ্মেতি বাইৰ চৰিত্ৰত অভিনয় কৰে। খুব কম সময়ৰ ভিতৰতে উল্লেখযোগ্য অভিনয় আগবঢ়োৱাৰ বাবে তেওঁ প্ৰশংসিত হয়। ১৮৯৪ চনত চন্দ্ৰশেখৰ নাটকত শৈবালিনীৰ অভিনয়ে তেওঁক অতি জনপ্ৰিয় কৰি তুলিছিল।[3] সৰলা নাটত তেওঁ গোপালৰ চৰিত্ৰত দেখা যায়। এই সময়ছোৱাত চিটি থিয়েটাৰতো কেইটামান দৰ্শনীত তেওঁ অভিনয় কৰিছিল। তাৰ পিছত তেওঁ অভিনয়ৰ পৰা বিৰতি লয়।

পৰৱৰ্তী কৰ্মজীৱন

সম্পাদনা কৰক

থিয়েটাৰৰ পৰা দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত সেই সময়ৰ সুপৰিচিত অভিনেতা আৰু নাট্যকাৰ অমৰেন্দ্ৰনাথ দত্তৰ তত্ত্বাৱধানত ইণ্ডিয়ান ড্ৰামেটিক ক্লাব মুকলি হোৱাৰ লগে লগে তাৰা সুন্দৰীয়ে অভিনয়লৈ ঘূৰি আহে। তেওঁ কেইবাখনো নাটকত অংশগ্ৰহণ কৰিছিল, য'ত তেওঁৰ অভিনয়ক প্ৰশংসিত হয়।[7][1]

১৮৯৭ চনত যেতিয়া অমৰেন্দ্ৰনাথে ক্লাছিক থিয়েটাৰ গঠন কৰিছিল, তেতিয়া তাৰা সুন্দৰীয়ে তেওঁৰ লগত যোগ দিছিল। ইয়াত তেওঁ হৰিৰাজ নাটকত শ্ৰীলেখাৰ চৰিত্ৰত নিজৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়ায়। ক্লাছিক থিয়েটাৰ এৰি পিছত পুনৰ ষ্টাৰ থিয়েটাৰত যোগদান কৰে। এই সময়ছোৱাত তেওঁৰ স্মৰণীয় অভিনয়ৰ ভিতৰত হৰিশ্চন্দ্ৰৰ শৈব্যা, মায়াবসনত বসন্তসেনা আৰু অন্নপূৰ্ণা। তেওঁ নতুনকৈ প্ৰতিষ্ঠা হোৱা অৰোৰা, মিনাৰ্ভা, আৰু কহিনুৰ থিয়েটাৰ আদি অন্যান্য নাট্যগোষ্ঠীৰ সৈতেও কাম কৰে।[5]

১৯২২ চনত পুত্ৰৰ মৃত্যুৰ পিছত [5] পুনৰ অভিনয় এৰি দিয়ে আৰু ভুৱনেশ্বৰলৈ গুচি যায়। তাতেই তেওঁ এটা মঠ প্ৰতিষ্ঠা কৰে আৰু ধৰ্মীয় কামত সময় উছৰ্গা কৰে।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 Ramaswamy, Vijaya (1 January 2003) (en ভাষাত). Re-searching Indian women. Manohar. পৃষ্ঠা. 347. ISBN 9788173044960. https://books.google.com/books?id=oihkAAAAMAAJ&q=Tara+Sundari. 
  2. 2.0 2.1 Kolkata Puroshree. প্ৰকাশক Kolkata: Kolkata Municipal Corporation. 20 April 2010. পৃষ্ঠা. 6. https://www.kmcgov.in/KMCPortal/downloads/Puroshree_April_2010.pdf. 
  3. 3.0 3.1 3.2 3.3 Lahari, Sukriti (25 July 2015) (bn ভাষাত). Anandabazar Patrika. ABP. https://www.anandabazar.com/supplementary/patrika/other-theatre-girls-like-noti-binodini-1.180859. 
  4. Sahni, Rohini; Shankar, V. Kalyan; Apte, Hemant (9 July 2008) (en ভাষাত). Prostitution and Beyond: An Analysis of Sex Workers in India. SAGE Publications India. পৃষ্ঠা. 326. ISBN 9788132100362. https://books.google.com/books?id=oLWGAwAAQBAJ&q=Tara+Sundari&pg=PA326. 
  5. 5.0 5.1 5.2 5.3 Vidyabhushan, Upendranath (13 February 1920). Binodini O Tarasundari. প্ৰকাশক Kolkata: Shishir Publishing House. 
  6. Murshid, Golam (2005) (bn ভাষাত). অন্যদিন ঈদ সংখ্যা. Mazharul Islam. পৃষ্ঠা 106. 
  7. Mallik, Wahida. "Tara Sundari" (en ভাষাত). Banglapedia. http://en.banglapedia.org/index.php?title=Tara_Sundari। আহৰণ কৰা হৈছে: 15 November 2017.