তিলোত্তমা ৰায়চৌধুৰী হৈছে এম.বি.বি.এছ. লাভ কৰা প্ৰথম দুগৰাকী অসমীয়া মহিলাৰ দ্বিতীয়গৰাকী।[1][2][3]

তিলোত্তমা ৰায়চৌধুৰী
জন্ম ১৯০৮ চন
অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা চিকিৎসক
পিতৃ-মাতৃ হৰেকৃষ্ণ দাস (পিতৃ)
হেমপ্ৰভা (মাতৃ)

জন্ম পৰিচয় আৰু ব্যক্তিগত জীৱন সম্পাদনা কৰক

তিলোত্তমা দাসৰ জন্ম হৈছিল ১৯০৮ চনত।[3] তেওঁৰ মাতৃৰ নাম হেমপ্ৰভা[2] পিতৃৰ নাম হৈছে হৰেকৃষ্ণ দাস[1][2][3]

তিলোত্তমা অমলপ্ৰভা দাসৰ ডাঙৰ ভনীয়েক। ১৯৩৭ চনত প্ৰভাত কুমাৰ ৰায়চৌধুৰীৰ সৈতে তিলোত্তমা দাস বিবাহ পাশত আবদ্ধ হয় আৰু তিলোত্তমা ৰায়চৌধুৰী হয়।[2]

শিক্ষাজীৱন সম্পাদনা কৰক

তিলোত্তমা ৰায়চৌধুৰীয়ে ডিব্ৰুগড় ছোৱালী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে।[2]তাৰ পিছ্ত কলিকতালৈ যায়[2] আৰু ১৯৩৩ চনত কলিকতা চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম.বি.বি.এছ. ডিগ্ৰী লাভ কৰে।[1][2][3]

কৰ্মজীৱন সম্পাদনা কৰক

তিলোত্তমা ৰায়চৌধুৰীয়ে বিবাহৰ পিছত চাকৰি নকৰি স্বাধীনভাৱে চিকিৎসা আৰম্ভ কৰিছিল।[2]তেখেতে দেউতাকে স্থাপন কৰা হস্পিটেলৰ মহিলা আৰু শিশু চিকিৎসক ৰূপে সেৱা আগবঢ়াইছিল।[1]সাধাৰণ দৰিদ্ৰ মানুহৰ প্ৰতি অতিশয় সদয় আছিল। অসম প্ৰাদেশিক মহিলা সমিতি,কস্তুৰবা গান্ধী স্মাৰক নিধি,সৰ্বোদয় টাষ্ট,ৰেড ক্ৰছ ছ'চাইটি আদি সমাজ কল্যাণমূলক সংস্থাৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল।[2] পাছলৈ ৰেডক্ৰছ্ ছ'চাইটিৰ সহযোগত তেওঁ গুৱাহাটীত এটা ধাত্ৰী প্ৰতিষ্ঠান কেন্দ্ৰ স্থাপন কৰি তাৰ পৰিচালনাৰ ভাৰ গ্ৰহণ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়,যক্ষ্মা চিকিৎসালয় আৰু ভাৰত প্ৰসূতি কল্যাণ কেন্দ্ৰৰ গুৱাহাটী শাখা আদি বিভিন্ন চিকিৎসা সেৱা প্ৰতিষ্ঠানৰ পৰিচালনা সমিতিৰ সদস্য আৰু বিষয়ববীয়া ৰূপে সমাজলৈ সেৱা আগবঢ়াইছিল।[1][3]

তথ্যউৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 "বিজ্ঞানৰ জগতত অসমীয়া মহিলা". http://srotaswini.in/#our-volumes। আহৰণ কৰা হৈছে: 27 May 2020. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 2.8 ড॰ শিৱনাথ বৰ্মন. অসমীয়া জীৱনী অভিধান. 
  3. 3.0 3.1 3.2 3.3 3.4 ডাঃ মিহিৰ কুমাৰ গোস্বামী (আগষ্ট ২০০৪). ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী. ed. "চিকিৎসাক্ষেত্ৰত অসমীয়া নাৰী". কথা গুৱাহাটী.