তিহাৰ

নেপালী আৰু গোৰ্খাসকলে উৎযাপন কৰা উৎসৱ

তিহাৰ (নেপালী: तिहार) নেপাল আৰু বৃহৎসংখ্যক নেপালী লোক বাস কৰা ভাৰতীয় ৰাজ্য চিক্কিম আৰু বিশেষকৈ পশ্চিমবংগদাৰ্জিলিং আৰু কালিম্পঙত পালন কৰা হয়। ইয়াক দীপাৱলী, য়মপঞ্চক বা স্বন্তী নামেৰেও জনা যায়।[1] পোহৰৰ উৎসৱ দীপাৱলীৰ লগত সংগতি ৰাখি নেপালত নেপালীসকলে আৰু ভাৰতবৰ্ষত বসবাস কৰা গোৰ্খাসকলে তিহাৰ উৎসৱটি বৰ ধুমধামেৰে পালন কৰে। পাঁচদিনীয়াকৈ পালন কৰা এই পৰ্ব কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰপৰা আৰম্ভ কৰি শুক্লপক্ষৰ দ্বিতীয়া তিথিত ভাইফোটা লগোৱাৰ পাছতহে অন্ত পৰে।[2]

তিহাৰ
তিহাৰ
অন্য নাম স্বন্তী (নেপালী ভাষা), দীপাৱলী, য়মপঞ্চক, দিৱালী
প্ৰকাৰ নেপালীসকলৰ ধৰ্মীয় উৎসৱ
তাৰিখ কাতি মাহৰ পূৰ্ণিমাৰ দুদিন আগৰ পৰা আৰু দুদিন পিছলৈ উৎযাপন কৰা হয়
উদযাপন আলোকসজ্জা, গীত-নৃত্য, জুৱাখেল আদি
আচাৰ প্ৰাৰ্থনা আৰু ধৰ্মীয় ৰীতি-নীতি
সম্পৰ্কিত দীপাৱলী

তিহাৰৰ মহত্ত্ব

সম্পাদনা কৰক

সাংস্কৃতিক দিশৰ পৰাও গোৰ্খা সম্প্ৰদায়ৰ মাজত তিহাৰৰ বিশেষ মহত্ত্ব আছে। ভাৰতবৰ্ষ তথা নেপাল কৃষি প্ৰধান দেশ। যেতিয়া কৃষকসকলে নিজৰ খেতিপথাৰৰপৰা সোণোৱালী শস্য উৎপাদন কৰি ফচল চপাই নিজ গৃহলৈ লৈ আহে তেতিয়া কৃষকসকলৰ আনন্দৰ সীমা নোহোৱা হয়। এই আনন্দত মতলীয়া হৈ তেখেতসকলে ভগৱানৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰি আনন্দ উৎসৱ পালন কৰে। দুৰ্গা পূজাৰ পোন্ধৰ দিনৰ পাছত এই তিহাৰ পৰ্বত দেৱী গোসানীৰ অন্য ৰূপক পূজা-অৰ্চনা কৰা হয়। কৃষিৰ উৎপাদন বৃদ্ধি আৰু ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক আদৰিবৰ বাবেও এই পৰ্ব পালন কৰা হয় বুলি প্ৰবাদ আছে। দক্ষিণ এছিয়াৰ বহুকেইখন দেশত বিশেষকৈ নেপাল, ভাৰত, ভূটান, ম্যানমাৰ আদি ঠাইত এই পৰ্ব বৰ জাকজমকতাৰে পালন কৰা দেখা যায়। [3]

পাঁচ তিহাৰ

সম্পাদনা কৰক

তিহাৰ পাঁচদিনীয়াকৈ পালন কৰা হয়। পাঁচোটা দিনত বেলেগ বেলেগ নিয়মত তিহাৰ উৎসৱ উদযাপন কৰা হয়। সেই পাঁচ তিহাৰ হৈছে:

  1. কাগ তিহাৰ
  2. কুকুৰ তিহাৰ
  3. গাই তিহাৰ
  4. হলি তিহাৰ
  5. ভাই তিহাৰ

কাগ তিহাৰ

সম্পাদনা কৰক

কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা কাগ অৰ্থাৎ কাউৰী/কৌৱা তিহাৰ পালন কৰা হয়। এই দিনটোৰ পৰাই তিহাৰৰ আৰম্ভণি হয়। কাউৰীক যমৰজাৰ বাৰ্তা বাহক হিচাপে বিশ্বাস কৰা হয়। কাউৰী যমৰজাৰ প্ৰিয় ভক্ত। সাধাৰণতে কাউৰীয়ে যমৰ অমংগলীয়া বাৰ্তা লৈ আহে বুলি বিশ্বাস কৰা হয়। এই কাউৰীয়ে যাতে ঘৰত কোনোধৰণৰ অপায়-অমংগলৰ বাতৰি নানে তাৰে খাটনি ধৰি সেইদিনা ঘৰৰ চোতালত মাতি খোৱা বস্তু আদি দি ধূপ-ধূনাৰে পূজা কৰা হয়। গোৰ্খাসকলৰ এই পক্ষী-পূজন প্ৰথাৰ পৰা এইটো কথা স্পষ্ট হয় যে গোখাসকলে প্ৰকৃতিৰ সকলোবোৰ সৃষ্টিকেই ভগৱানৰ সৃষ্টি বুলি মানি লৈ পক্ষীকুলকো সমদৃষ্টিৰে চায়।[4]

কুকুৰ তিহাৰ

সম্পাদনা কৰক

যম-পঞ্চকৰ দ্বিতীয় দিন অৰ্থাৎ কাতি মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিৰ দিনা এই কুকুৰৰ পূজা কৰা হয়। সেইদিনা কুকুৰক আমন্ত্ৰণ কৰি খাবলৈ দিয়া হয় আৰু ফুলৰ মালা পিন্ধাই ধূপ-ধূনাৰে পূজা কৰি কুকুৰ তিহাৰ পালন কৰা হয়। কুকুৰক ভৈৰৱৰ বাহন বুলিও কোৱা হয়। কুকুৰ যমৰাজৰ অতিকে প্ৰিয় ভক্ত। কুকুৰক মালিকৰ আকাৰী অথবা ৰক্ষাকাৰী প্ৰাণী মাত্ৰ নহয়, বিভিন্ন অপৰাধজনিত কাৰ্যকৰা অপৰাধীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়। গৃহস্থক পহৰা দি চোৰ-ডকাইতৰ পৰা ৰক্ষা কৰা আৰু কোনো অপায়-অমংগলৰ আগজাননী দি গৃহস্থক সুৰক্ষা দিয়া কাৰ্য সুচাৰুৰূপে পালন কৰে। তাৰেই খাটনি ধৰি কুকুৰ তিহাৰ পালন কৰা হয়। পঞ্চপাণ্ডৱৰ লগত স্বৰ্গাযাত্ৰাত অন্তিম সময়লৈকে যুধিষ্ঠিৰক সংগ দিয়া এই প্ৰভু ভক্ত কুকুৰক তিহাৰত গোৰ্খাসকলে পূজা কৰা কাৰ্যই এই সম্প্ৰদায়ৰ অন্য প্ৰাণীৰ প্ৰতি থকা সৎ ভাবৰ বিৰল চানেকি দাঙি ধৰিছে।

গাই তিহাৰ

সম্পাদনা কৰক

কাতি মাহৰ কৃষ্ণপক্ষৰ আঁউসী নিশাটি অত্যধিক আন্ধাৰ ৰজনী বুলি জনা যায়। সেই আন্ধাৰ ফালি ঘৰ-চোতাল পোহৰেৰে আলোকিত কৰিবৰ কাৰণে ঘৰে ঘৰে চাকি-বন্তি জ্বলাই আতচবাজি, ফটকা, ফুলজাৰিৰে লখিমীক আদৰা হয়। গাইক লখিমীৰ প্ৰতীকী হিচাপে মানি সেইদিনা পুৱাৰ ভাগত গাইক গা ধুৱাই ভাল ভাল বস্তু খাবলৈ দিয়া হয়। ককাই-ভাইহঁতে গাইক ধূপ-ধূনা, চাকি বন্তিৰে পূজা কৰি ফুলৰ মালা পিন্ধাই নানাবৰণৰ ফোঁট আঁকি, বছৰে বছৰে শ্ৰীবৃদ্ধি কামনা কৰে। সন্ধিয়া ভাগত গাইৰ কেঁচা গোবৰেৰে ঘৰ-চোতাল মচা হয় আৰু পদূলিত কলগছ পুতি চাকি-বন্তি জ্বলোৱা হয়। সন্ধিয়া ঘৰৰ গৃহস্থই মূল্যৱান সামগ্ৰী যেনে টকা-পইচা, সোণৰূপৰ গহনা আদি একলগ কৰি লক্ষ্মী পূজন কৰে। তাৰ পাছত গাঁৱৰ জীয়াৰী-বোৱাৰীহঁত মিলি একেলগে ভৈলী খেলিবলৈ যায়। আঁউসীৰ দোভাগ ৰাতিলৈকে ঘৰে ঘৰে গৈ ভৈলী খেলাৰ পৰম্পৰা আছে গোৰ্খা সম্প্ৰদায়ৰ মাজত। গৃহস্থই এখন ডাঙৰ ডলাত চেলৰুটি, তিলৰ আচাৰ আদিৰে আপ্যায়ন কৰায় ভৈলোসকলক। ভৈলোসকলেও গৃহস্থৰ সুখ-শান্তি আৰু শ্ৰীবৃদ্ধিৰ আশিস দি পৰৱৰ্তী ঘৰলৈ গুচি যায়।

হলি তিহাৰ

সম্পাদনা কৰক

কাতি মাহৰ শুক্লপক্ষ প্ৰতিপদ তিথিৰ দিনা হলি তিহাৰ পালন কৰা হয়। ৰাতি পুৱা ঘৰৰ হালোৱা গৰু তথা দমৰাক গা ধুৱাই ভাল ভাল বস্তু খাবলৈ দিয়া হয়। চাকি-বন্তি জ্বলাই ধূপ-ধূনাৰে পূজা কৰি ডিঙিত ফুলৰ মালা পিন্ধাই শৰীৰত বিভিন্ন ৰঙৰ ফোঁট আদি দি সেৱা কৰা হয়। দিনৰ ভাগত পুৰুষসকলে ঘৰে ঘৰে গৈ ভগৱান শ্ৰীৰামচন্দ্ৰৰ গুণানুকীৰ্তনেৰে দেউচি গায় ফুৰ্তি কৰি নৃত্য-গীতেৰে আনন্দ উপভোেগ কৰে। দেউচেসকলে গৃহস্থক আশিস দিয়ে। গৃহস্থয়ো দেউচেৰ ওচৰত শৰণ লৈ চাকি-বন্তি জ্বলাই, দেউচি ভেটি ৰাখি আশিস গ্ৰহণ কৰে। সেইদিনা কিছুমানে ঘৰত গোবৰেৰে গোৱৰ্ধন পৰ্বতৰ প্ৰতীকী নিৰ্মাণ কৰি গোৱৰ্ধন পূজা কৰাও দেখা যায়। মিলা-প্ৰীতিৰ এই দেউচি পৰ্বটি গোখা সাংস্কৃতিক পৰম্পৰাৰ এটি অপৰিহাৰ্য অংগ। [5]

ভাই তিহাৰ

সম্পাদনা কৰক

তিহাৰৰ অন্তিম দিন ভাতৃ দ্বিতীয়া, ভাইটিকা, অথবা ভাইদুজ বুলিও কোৱা হয়। কাতিৰ শুক্লপক্ষ দ্বিতীয় তিথিত পালন কৰা এই পৰ্বটি বিশেষ ধৰণে পালন কৰাহয়। বাই-ভনীহঁতে নিজৰ দাদা-ভাইহঁতক কপালত টিকা লগাই, মালা পিন্ধাই সুস্বাদু আহাৰ খুৱাই বস্ত্ৰ আদি দি মৰম-স্নেহৰ আদান-প্ৰদান কৰে। ককাই-ভাইহঁতেও বাই-ভনীহঁতক কপালত গোলাকৃতিৰ ফোঁট দি ধন বিনিময় কৰি ভৰিত সেৱা কৰি আশীৰ্বাদ গ্ৰহণ কৰে। কিছুমানে বাই-ভনীহঁতৰ পৰা ধন ধাৰে লৈ জুৱা খেলিবলৈও যোৱা দেখা যায়।[6]

ভাইটিকাটো আচলতে দীৰ্ঘদিন ধৰি দেখা-সাক্ষাৎ নোহোৱা ভাতৃ-ভগ্নীহঁতক একেলগ কৰি মৰম-স্নেহৰ আদান-প্ৰদান কৰা আৰু সম্বন্ধত আহিব ধৰা দূৰত্ব হ্ৰাস কৰি পৰিয়ালৰ সকলো লোককে একতাৰ এনাজৰীৰে বান্ধি ৰাখিবৰ কাৰণে পালন কৰা হয়। ভাইটিকাৰ আগতেই বাই-ভনীহঁতে পাণ চুপাৰি আদি দিককাই-ভাইহঁতক আমন্ত্ৰণ জনায়। ভাইটিকাৰ দিনা বাই-ভণ্টিহঁতে ৰাতিপুৱাই উঠি গা-পা ধুই প্ৰথমে অষ্ট-চিৰণজীৱীৰ পূজা কৰে, তাৰ পাছত চাকি-বন্তি জ্বলাই কলচ স্থাপন কৰি গণেশৰ পূজা কৰে। তাৰ পাছত বিমিৰাৰ (এবিধ নেমু) পূজা কৰা হয়। তাৰ পাছত ককাই-ভাইহঁতৰ মংগল কামনা কৰি দৰ্জাত ওখল তথা যমৰাজৰ পূজা কৰি ওখল ভাঙি পেলাই দিয়া হয়। কালৰ ৰাস্তা বন্ধ কৰিবৰ কাৰণে ভাইহঁতক চেকা (সুৰক্ষা দিয়া হয়। তাৰ পাছত ফুল, অক্ষতা, চন্দন, আতৰ লগাই পূজা কৰি চুলিত তেল সানি আৰ্চি প্ৰদৰ্শন কৰি চুলিও আঁচুৰি দিয়া হয়। পাছত বাই-ভনীহঁতে ককাই-ভাইহঁতৰ যশ, ঐশ্বৰ্য, সুৰক্ষা, দীৰ্ঘায়ু কামনা কৰি কপালত সপ্তৰঙী টিকা লগাই দিয়ে আৰু মখমলী বা চয়পত্ৰী বা দুবো (এবিধ পূজাত লগা ঘাঁহ)ৰ মালা পিন্ধাই মূৰত ঢাকা টুপী পিন্ধাই দিয়ে। এইটোৱেই হৈছে গোৰ্খাসকলৰ ভাইটিকা।[7][8]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Burbank, Jon, 1951–. Nepal. ISBN 978-0-7614-8021-1. OCLC 1046067057. http://worldcat.org/oclc/1046067057. 
  2. উপাধ্যায় টি.. অসম তথা ভাৰতৰ নেপালী জাতি এক আলোকপাত. 
  3. বস্নেত ওম প্ৰকাশ (জানুৱাৰী, ২০১৯). অসমৰ গোৰ্খা. আঁক-বাঁক. ISBN 978-93-85934-79-7. 
  4. "তিহাৰ : নেপালীসকলৰ লোক‌উৎসৱ". https://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9a49bf9b99be9f0983-9a89c79aa9be9b29c0-9b89ae9be99c9f0-9859a89cd9af9a49ae-9b2995-9899ce9b89f1। আহৰণ কৰা হৈছে: 15 মে' 2021. 
  5. কৈৰালা প্ৰকাশ (জানুৱাৰী ২০২০). অসমৰ গোৰ্খাসকলৰ ঐতিহ্যৰ পৰম্পৰা. পূৰ্বায়ন প্ৰকাশন. ISBN 978-93-88593-81-6. 
  6. "Bhai Tika, The Brothers' Day!" (en ভাষাত). ECS NEPAL. http://ecs.com.np/features/bhai-tika-the-brothers-day। আহৰণ কৰা হৈছে: 29 September 2020. 
  7. Magazine, New Spolight. "Bhai Tika Or Bhai Dooj 2019" (en ভাষাত). SpotlightNepal. https://www.spotlightnepal.com/2019/10/29/bhai-tika-or-bhai-dooj-2019/। আহৰণ কৰা হৈছে: 29 September 2020. 
  8. Perry, Cindy (1 April 1990). "Bhai-Tika and "Tij Braka": A Case Study in the Contextualization of Two Nepali Festivals" (en ভাষাত). Missiology খণ্ড 18 (2): 177–183. doi:10.1177/009182969001800205. https://journals.sagepub.com/doi/10.1177/009182969001800205.