তেৎছুকো কুৰ'য়ানাগি

এগৰাকী জাপানী অভিনেত্ৰী।

তেৎছুকো কুৰ'য়ানাগি (Tetsuko Kuroyanagi (黒柳 徹子 Kuroyanagi Tetsuko?, জন্ম-৯ আগষ্ট ১৯৩৩[1][2])) হৈছে এগৰাকী জাপানী অভিনেত্ৰী, ভয়ছ অভিনেত্ৰী, লেখিকা আৰু টাৰেণ্টো (tarento, জাপানী চেলিব্ৰিটি)৷ ইয়াৰ উপৰিও তেখেত "প্ৰকৃতিৰ বিশ্বজনীন পুঁজি"ৰ উপদেষ্টা, আৰু ইউনিচেফৰ গুডৱিল এম্বেচাদৰ৷[3][4] সমাজহিতকৰ কৰ্মৰ বাবে তেখেত জনাজাত৷ আন্তৰ্জাতিক পৰ্যায়ত খ্যাতি অৰ্জন কৰা অগ্ৰণী জাপানী চেলিব্ৰিটীসকলৰ ভিতৰত তেওঁৰ নামটোও সন্নিৱিষ্ট৷ [5] ২০০৬ চনত ডনাল্ড ৰিচিয়ে তেওঁৰ গ্ৰন্থ "Japanese Portraits: Pictures of Different People"ত তেৎছুকো কুৰু'য়ানাগিক "জাপানৰ সৰ্বাধিক জনপ্ৰিয় আৰু সন্মানীয় মহিলা" বুলি অভিহিত কৰে৷ [6] ১৯৮১ চনত কুৰু'য়ানাগিয়ে লিখা শিশু-উপযোগী গ্ৰন্থ ত'ত্ত'-চ্চান প্ৰকাশ হয়৷ জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা এইখন গ্ৰন্থ তেখেতৰ জীৱনৰ এক মাইলৰ খুঁটি হিচাপে বিবেচিত হয়৷ [7]

তেৎছুকো কুৰ'য়ানাগি
Tetsuko Kuroyanagi
Tetsuko Kuroyanagi
স্থানীয় নাম 黒柳 徹子
জন্ম ৯ আগষ্ট, ১৯৩৩ (৯০ বছৰ)
টকিঅ' চহৰ, টকিঅ' প্ৰিফেকচাৰ, জাপান সাম্ৰাজ্য
পেচা অভিনেত্ৰী,
ভয়ছ অভিনেত্ৰী,
লেখিকা
সক্ৰিয় হৈ থকা সময় ১৯৫৩-বৰ্তমান
জনা যায় ইউনিচেফৰ গুডৱিল এম্বাচাদৰ
টেটচুকুছ ৰূম নামৰ টিভি অনুষ্ঠানটোৰ সাক্ষাৎগ্ৰহণকাৰী,
ত'ত্ত'-চ্চানৰ লেখিকা,
বঁটা, সন্মান, পুৰস্কাৰ আদি শিশুৰ গোলকীয় নেতৃত্ব বঁটা,
অৰ্ডাৰ অৱ দ্য ছেক্ৰেড ট্ৰেছাৰ বঁটা,
ইউনিচেফৰ পৰা স্মৰণীয় ফলক


প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

তেৎছুকো কুৰ'য়ানাগিৰ জন্ম হৈছিল টকিঅ' চহৰত৷ বৰ্তমান টকিঅ'ৰ টকিঅ' প্ৰিফেকচাৰত৷ তেখেতৰ পিতৃ আছিল এজন বেহেলাবাদক আৰু কনচাৰ্ট পৰিচালক (concertmaster)৷[2] ১৯৮১ চনৰ আত্মজীৱনীমূলক স্মৃতিচাৰণখনৰ মতে ত'ত্ত'-চ্চান আছিল তেৎছুকো কুৰ'য়ানাগিৰ ঘৰুৱা নাম৷ [2] কুৰ'য়ানাগিয়ে পঢ়াশালীয়া শিক্ষাৰ বাবে ট'মে প্ৰাথমিক বিদ্যালয়লৈ (Tomoe Gakuen) গৈছিল৷

শিক্ষা সম্পাদনা কৰক

কুৰ'য়ানাগিয়ে টকিঅ' সংগীত বিদ্যালয়ত পঢ়িছিল৷ "অপেৰা" বিষয়টো তেখেতে মেজৰ হিচাপে বাছি লৈছিল, কাৰণ অপেৰা গায়িকা হোৱায়েই তেখেতৰ লক্ষ্য আছিল৷[5] স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত তেখেত অৱশ্যে অভিনয় আৰু দূৰদৰ্শনৰ মনোৰঞ্জনধৰ্মী জগতখনৰ প্ৰতিহে আগ্ৰহান্বিত হয়৷ তেখেতে টকিঅ' হ'চ' গেকিডানত যোগদান কৰে৷ পৰৱৰ্তীকালত, কুৰ'য়ানাগি হৈ পৰে "জাপান সম্প্ৰচাৰণ কৰ্পোৰেচন"ৰ (NHK) লগত চুক্তিবদ্ধ হোৱা প্ৰথমগৰাকী জাপানী অভিনেত্ৰী৷ [2][5]

কৰ্মজীৱন সম্পাদনা কৰক

 
জীৱনৰ আদিবয়সত কুৰ'য়ানাগি

টিভি চিৰিজ "থাণ্ডাৰবাৰ্ডছ"ত লেডি পেনেলপ হিচাপে কণ্ঠ দান কৰাৰ পাছত,[8]কুৰ'য়নাগিয়ে ১৯৭৫ চনৰ অপৰাহ্নৰ টেলিভিছন অনুষ্ঠান "টেটচুকুছ ৰূম"ৰ লগত জড়িত হৈ পৰে৷ এইটো আছিল জাপানী টেলিভিছনৰ প্ৰথমটো টক-শ্ব'৷ এইটো অনুষ্ঠানে তেখেতক খ্যাতি বঢ়ায়৷[2][5][9] ব্যক্তিগত টেলিভিছন চেনেল "আছাহি"য়ে সম্প্ৰচাৰ কৰা এইটো অনুষ্ঠানত কুৰ'য়ানাগিয়ে টেলিভিছন, ক্ৰীড়া, ৰাজনীতিকে ধৰি একাধিক ক্ষেত্ৰৰ চেলিব্ৰিটিৰ লগত কথাবাৰ্তা পাতিছিল৷ [5][9] "Tetsuko's Room" অনুষ্ঠানটো খুবেই সফল হিচাপে পৰিগণিত হৈছিল আৰু জাপানত কুৰ'য়ানাগিক এক "চাঞ্চল্য" বুলি আখ্যায়িত কৰা হৈছিল৷ [7]পৰিসংখ্যাই কয় যে, কুৰি শতিকাৰ দশমটো দশকৰ আৰম্ভণিলৈকে কুৰ'য়ানাগিয়ে দুহাজাৰতকৈও অধিক জাপানী আৰু বিদেশী চেলিব্ৰেটিৰ সাক্ষাৎকাৰ লৈছিল৷[9][10] কোৱা হয় যে, সাক্ষাৎগ্ৰহণকাৰী হিচাপে কুৰ'য়ানাগিয়ে দেখুওৱা আন্তৰিকতা আৰু বাক্-দক্ষতাৰ বাবেই এই বিশেষ টিভি অনুষ্ঠানটো দীঘস্থায়ী হৈছিল৷ [1][5] উল্লেখযোগ্য যে "ৱৰ্ল্ড মিষ্ট্ৰিছ" নামৰ টেলিভিছনৰ কুইজ অনুষ্ঠানটোতো তেখেতেক সঘনাই দেখিবলৈ পোৱা যায়৷ [5][11]

ত'ত্ত'-চ্চানৰ লেখিকা হিচাপে সম্পাদনা কৰক

১৯৮১ চনটো কুৰ'য়ানাগিৰ বাবে এক টাৰ্ণিং পইণ্ট হিচাপে বিবেচিত হয়৷ এইটো বৰ্ষতেই তেখেতে শিশু-উপযোগী আত্মজীৱনীমূলক গ্ৰন্থ ত'ত্ত'-চ্চান (Totto-Chan: The Little Girl at the Window) প্ৰকাশ কৰে৷ এইখনি গ্ৰন্থত কুৰ'য়ানাগিয়ে তেওঁ অধ্যয়ন কৰি অহা ত'মে' গেকুএন প্ৰাথমিক বিদ্যালয়ৰ অপৰম্পৰাগত শিক্ষাব্যৱস্থা আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষক ছ'ছাকু ক'বায়াশ্বিৰ সবল নেতৃত্বৰ বিষয়ে লিখে৷ এইখনি গ্ৰন্থক তেখেতৰ শৈশৱ-স্মৰণ বুলি কোৱা হয়৷ প্ৰকাশৰ লগে-লগে এইখনি গ্ৰন্থ জাপানৰ ইতিহাসৰ ভিতৰতে বেষ্ট-চেলাৰ গ্ৰন্থ হিচাপে পৰিগণিত হয়৷[7] ১৯৮৪ চনত গ্ৰন্থখন ইংৰাজীলৈ অনূদিত হয়৷ অনুবাদক আছিল ড'ৰ'থি ব্ৰিটন৷ গ্ৰন্থখনৰ ইংৰাজী সংস্কৰণটো ৩০খনতকৈও অধিক দেশত প্ৰকাশিত হয়৷ [2]

সমাজ-সেৱা সম্পাদনা কৰক

 
২০১২ চনৰ ৫ জুলাইত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত, কয়শ্বিৰো গেম্বাৰ সৈতে তেৎছুকো কুৰ'য়ানাগি

সমাজসেৱামূলক কৰ্ম আৰু পুঁজি-সংগ্ৰহলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে কুৰ'য়ানাগিয়ে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে৷ [5] গ্ৰন্থ "ত'ত্ত'-চ্চান"ৰ মূল চৰিত্ৰটোৰ আধাৰত তেখেতে "ত'ত্ত সংস্থা" প্ৰতিষ্ঠা কৰে৷[2][3] এইটো সংস্থাই শ্ৰুতিশক্তিহীন অভিনয়শিল্পীক পেছাগতভাৱে প্ৰশিক্ষণ দিয়ে আৰু তাৰ বাবে তেওঁলোকে কুৰ'য়ানাগিৰ "থিয়েটাৰক শ্ৰুতিবিহীনজনলৈ লৈ অহা"ৰ দৰ্শনটো কাৰ্যকৰী কৰে৷

কুৰ'য়ানাগিৰ জনহিতকৰ কামক স্বীকৃতি জনাই ইউনিচেফে ১৯৮৪ চনত তেখেতক "গুডৱিল এম্বাচাদৰ" হিচাপে নিযুক্তি দিয়ে৷ এইটো সন্মান লাভ কৰা তেখেত হৈছে এছিয়াৰ প্ৰথমগৰাকী ব্যক্তি৷ [3] কুৰি শতিকাৰ '৮০ আৰু '৯০ৰ দশকৰ শেষৰফালে, তেখেতে সমাজসেৱাৰ বাবে এছিয়া আৰু আফ্ৰিকাৰ বহুকেইখন উন্নয়নশীল ৰাষ্ট্ৰ পৰিভ্ৰমণ কৰে৷ এইবোৰ ভ্ৰমণ-সূচীত তেখেতে দুৰ্যোগ আৰু যুদ্ধপীড়িত অনেক শিশুক সহায় কৰে আৰু দুখীয়া ৰাষ্ট্ৰত অনগ্ৰসৰ অৱস্থাত থকা শিশুৰ হকে সহায়ৰ হাত আগবঢ়াবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সজাগতা অভিযানৰ নেতৃত্ব দিয়ে৷ [1][2][11]১৯৮৯ চনত তেখেতে এংগোলা দেশ ভ্ৰমণ কৰে৷ জাপানৰ পৰা এইখন দেশলৈ ভ্ৰমণলৈ যোৱা তেখেতেই আছিল প্ৰথমগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি (VIP)৷ এই ভ্ৰমণে জাপান আৰু এংগোলাৰ মাজত কূটনৈতিক সম্পৰ্কৰ সেঁতু গঢ়িলে৷ [12] কুৰ'য়ানাগিয়ে তেওঁ জড়িত থকা ইউনিচেফৰ বিভিন্ন কাৰ্যসূচীৰ বাবে ২০ মিলিয়নতকৈও অধিক ধন সংগ্ৰহ কৰিছে৷ যি ধন সংগ্ৰহ কৰিবলৈ তেখেতে টেলিভিছনৰ অনুষ্ঠান নাইবা পুঁজি-সংগ্ৰহ অভিযানৰ সহায় লৈছে৷[13] বেষ্টচেলিং গ্ৰন্থ "ত'ত্ত'-চ্চান"ৰ জৰিয়তে লাভ কৰা ৰয়েল্টিৰ ধনো তেখেতে ইউনিচেফলৈ আগবঢ়াই আহিছে৷ [5][13] ইয়াৰ লগতে কুৰ'য়ানাগিয়ে ইউনিচেফৰ আন্তৰ্জাতিক কাৰ্যসূচী "Say Yes for Children" শীৰ্ষক অভিযানটোৰ লগত সংঘবদ্ধ হৈও কাম কৰিছে৷ [3]

১৯৯৭ চনত, কুৰ'য়ানাগিয়ে "ত'ত্ত'-চ্চানৰ শিশু" নামৰ গ্ৰন্থখন প্ৰকাশ কৰে৷ ১৯৮৪ চনৰ পৰা ১৯৯৬ চনলৈকে ইউনিচেফৰ গুডৱিল এম্বাচাদৰ হৈ থকা কালছোৱাত তেখেতে অৰ্জন কৰা অভিজ্ঞতা আৰু উপলব্ধিৰ ভেটিত এইখনি গ্ৰন্থ লিখা হৈছে৷[5][11]"বিশ্ব বন্যপ্ৰাণী পুঁজি"ৰ জাপানী শাখাৰ তেখেত এগৰাকী অধ্যক্ষ৷ [14]

আমেৰিকাৰ "নেশ্যনেল থিয়েটাৰ অৱ দ্য ডিফ"ক কুৰ'য়ানাগিয়ে এতিয়ালৈকে দুবাৰ জাপানলৈ নিমন্ত্ৰিত কৰিছে৷[15][16] যাৰ লগত তেখেতে প্ৰতীকী ভাষা ব্যৱহাৰ কৰি অভিনয় কৰিছে৷[4][17]

স্বীকৃতি আৰু সন্মান সম্পাদনা কৰক

  • ১৯৮১ চনত, জাপানৰ প্ৰধান মন্ত্ৰীয়ে তেখেতক বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে এটি বিশেষ বঁটা প্ৰদান কৰে৷ [3]
  • ১৯৮৭ চনত, পুুঁজি-সংগ্ৰহ আৰু প্ৰচাৰকাৰ্যৰ বাবে ইউনিচেফৰ পৰা তেখেতে "UNICEF Child Survival Award" বঁটা লাভ কৰে৷ [3]
  • ১৯৯৮ চনত, অনুন্নত শিশুৰ প্ৰতি আগবঢ়োৱা সমৰ্থনসূচক প্ৰচেষ্টাৰ বাবে হিৰোশ্বিমাৰ পৰা কুৰ'য়ানাগিয়ে "Johann Heinrich Pestalozzi Education Award" বঁটা লাভ কৰে৷ [3]
  • ২০০০ চনৰ অক্টোবৰ মাহত, তেখেতে "শিশুৰ গোলকীয় নেতৃত্ব" বঁটা লাভ কৰে৷ ১৯৯০ চনত ইউনিচেফৰ "শিশু গ্ৰীষ্মকালীন সন্মিলন"ৰ দশমবাৰ্ষিকীত প্ৰতিষ্ঠিত হোৱা এই বঁটাটো লাভ কৰা তেখেতেই হৈছে প্ৰথমগৰাকী ব্যক্তি৷ [3]
  • ১২ মে',২০০৩ চনৰ মে' মাহত, কুৰ'য়ানাগিয়ে "অৰ্ডাৰ অৱ দ্য ছেক্ৰেড ট্ৰেছাৰ" বঁটাটি লাভ কৰে৷ দুই দশককাল বিশ্বৰ শিশুৰ বাবে আগবঢ়োৱা সমাজসেৱামূলক কৰ্মৰ বাবে তেখেতক এই স্বীকৃতি প্ৰদান কৰা হয়৷ [3][18][19]
  • ২০০৯ চনৰ ২০ মে'ত, গুডৱিল এম্বাচাদৰ হিচাপে আগবঢ়োৱা ২৫ বছৰীয়া নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে কুৰ'য়ানাগিয়ে ইউনিচেফৰ পৰা "স্মৰণীয় ফলক" লাভ কৰে৷ [3]
  • মিডিয়া আৰু টেলিভিছন মাধ্যমৰ লগত জড়িত হৈ, কুৰ'য়ানাগিয়ে "জাপানী সাংস্কৃতিক সম্প্ৰচাৰণ বঁটা" লাভ কৰে, যিটো জাপানী দূৰদৰ্শনৰ ক্ষেত্ৰত সৰ্বোচ্চ সন্মান৷ "জাপানৰ প্ৰিয় টেলিভিছন ব্যক্তিত্ব" হিচাপে, "Tetsuko’s Room" নামৰ অনুষ্ঠানটোৰ বাবে তেখেত এতিয়ালৈকে চৌধ্যবাৰ ভোটযোগে নিৰ্বাচিত হৈছে৷ [3]

চলচ্চিত্ৰপুঞ্জী সম্পাদনা কৰক

  • থাণ্ডাৰবাৰ্ডছ, (ভয়ছ অভিনেত্ৰী) (১৯৬৫-১৯৬৬) - লেডি পেনেলোপ ক্ৰেইটোন-ৱাৰ্ড (জাপানী ডাব)
  • জেক এণ্ড দ্য ৱিটছ, (ভয়ছ অভিনেত্ৰী) (১৯৬৭)[20]
  • ব্ৰেকিং অৱ ব্ৰাঞ্চেছ ইছ ফৰবিডেন, (ভয়ছ অভিনেত্ৰী) (১৯৬৮)[21]
  • ছামাৰ ছলজাৰ্ছ, (১৯৭২)[22]
  • এন নো নিক্কী, (দ্য ডায়েৰী অৱ এন ফ্ৰেংক)ত শ্ৰীমতি পেট্ৰোনিলা ভেন ডান হিচাপে (ভয়ছ অভিনেত্ৰী) (১৯৯৫)
  • দ্য বুক অৱ দ্যা ডেড, (ভয়ছ অভিনেত্ৰী) (২০০৫)

বাহ্যিক সংযোগ সম্পাদনা কৰক

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 Famous People of Japan: Tetsuko KUROYANAGI Teaching materials. Archive by Institute for Japanese Studies, at Ohio State University.
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 Kuroyanagi Tetsuko profile[সংযোগবিহীন উৎস] from kyoto-su.ac.jp.
  3. 3.00 3.01 3.02 3.03 3.04 3.05 3.06 3.07 3.08 3.09 3.10 UNICEF: Goodwill Ambassador Kuroyanagi
  4. 4.0 4.1 "Distinctions Blur as Deaf Actors Share a Stage," New York Times. August 29, 1988.
  5. 5.00 5.01 5.02 5.03 5.04 5.05 5.06 5.07 5.08 5.09 Walker, James BIG IN JAPAN Tetsuko Kuroyanagi Archived 2008-06-12 at the Wayback Machine from Metropolis Magazine
  6. Japanese Portraits: Pictures of Different People Book by Donald Richie. Limited preview at Google Books.
  7. 7.0 7.1 7.2 Little Girl at the TV Window Archived 2012-10-24 at the Wayback Machine from Time magazine
  8. 黒柳徹子が47年ぶりに『サンダーバード』声優へ「徹子の部屋と違うでしょ」 from mynavi.jp/news
  9. 9.0 9.1 9.2 Gender, Language and Culture: A Study of Japanese Television Interview Discourse Book by Lidia Tanaka. Limited preview at Google Books.
  10. Asahi National Broadcasting Company, Ltd. - Company History
  11. 11.0 11.1 11.2 Limp prose from an angel of mercy from The Japan Times Online.
  12. MOFA: Japan-Angola Relations
  13. 13.0 13.1 http://www.unicef.org/ar98/ar98eng3.pdf Archived 2016-03-03 at the Wayback Machine.
  14. "Tetsuko Kuroyanagi-zz". UNICEF. https://www.unicef.org/people/people_tetsuko_kuroyanagi.html#:~:text=Kuroyanagi%20is%20the%20director%20of,Goodwill%20Ambassador%20in%20February%201984.। আহৰণ কৰা হৈছে: 8 July 2020. 
  15. National Theater of the Deaf (US): NTD moves to ASD in West Hartford, CT (2004);
  16. NTD/ASD press release: NTD moves to ASD campus
  17. Kodansha International: about the author; Archived 2007-10-24 at the Wayback Machine Sanger, David.
  18. L'Harmattan web site (in French), Order with gold rays and cross
  19. UNICEF to give award to actress Kuroyanagi for advocacy work Archived at Findarticles.com
  20. http://www.jmdb.ne.jp/1967/cq000830.htm
  21. Tetsuko Kuroyanagi - The cinema review of all(Database Only)
  22. "Tetsuko Kuroyanagi - Trailer - Showtimes - Cast - Movies - The New York Times". Archived from the original on 2009-07-15. https://web.archive.org/web/20090715142031/http://movies.nytimes.com/person/933647/Tetsuko-Kuroyanagi/filmography। আহৰণ কৰা হৈছে: 2020-07-08.