দক্ষিণ ত্ৰিপুৰা জিলা

ত্ৰিপুৰা ৰাজ্যৰ জিলা।

দক্ষিণ ত্ৰিপুৰা জিলা উত্তৰ-পূব ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ এখন জিলা। এই জিলা ১৯৭০ চনত প্ৰতিষ্ঠা কৰা হৈছিল। জিলাখনৰ মাটিকালি ২১৫২ বৰ্গ কিলোমিটাৰ। জিলাখনৰ সদৰঠাই বেল’নিয়াত অৱস্থিত।

দক্ষিণ ত্ৰিপুৰা জিলা
—  জিলা  —
Amarpur (45).JPG
Tripura's four districts
Tripura's four districts
State ত্ৰিপুৰা
Country ভাৰত
আসন বেল’নিয়া
মাটিকালি
 - মুঠ ২,১৫২ কি.মি. 
(৮৩০.৯ বৰ্গ মাইল)
উচ্চতা ২৬ মিটাৰ (৮৫.৩০ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ৭,৬২,৫৬৫ জন
 - জনঘনত্ব ৩৫৪.৪ প্ৰতি বৰ্গ কি.মি. 
(৯১৭.৮ প্ৰতি বৰ্গ মাইল)
সময় অঞ্চল IST (গ্ৰী.মা.স.+05:30)
আই এচ অ’ ৩১৬৬ কোড IN-TR
ৱেবছাইট southtripura.nic.in
উদয়পুৰৰ এক হিন্দু মন্দিৰ

ইতিহাস সম্পাদনা কৰক

দক্ষিণ ত্ৰিপুৰা জিলাখন ১৯৭০ চনৰ ১ ছেপ্টেম্বৰত সৃষ্টি কৰা হৈছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

ভৌগোলিক অৱস্থান সম্পাদনা কৰক

এই জিলাৰ মুঠ মাটিকালি ২১৫২ বৰ্গ কিলোমিটাৰ।[উদ্ধৃতিৰ প্ৰয়োজন] জিলাখন সাগৰ পৃষ্ঠৰ পৰা গড়ে ২৬ মিটাৰ উচ্চতাত অৱস্থিত। দক্ষিণ ত্ৰিপুৰা জিলাৰ সদৰ ঠাই বেল’নিয়া নগৰ। [উদ্ধৃতিৰ প্ৰয়োজন]

প্ৰশাসনিক বিভাগ সম্পাদনা কৰক

দক্ষিণ ত্ৰিপুৰা জিলাৰ তিনিটা মহকুমা আছে- বেল’নিয়া, চাবৰুম (Sabroom) আৰু শান্তিৰবাজাৰ (Santirbazar)।

এই জিলা পশ্চিম ত্ৰিপুৰা আৰু পূব ত্ৰিপুৰা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।

জনসংখ্যা সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি দক্ষিণ ত্ৰিপুৰা জিলাৰ জনসংখ্যা ৮৭৫,১৪৪ জন।[1] জনসংখ্যাৰ ফলাৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৪৭১ তম।[1] এই জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ২৮৬ জন।[1] ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৪.০৩%।[1] দক্ষিণ ত্ৰিপুৰা জিলাৰ প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৫৭ গৰাকী।[1] জিলাখনত সাক্ষৰতাৰ হাৰ ৮৫.৪১%।[1]

জৈৱবৈচিত্ৰ্য সম্পাদনা কৰক

১৯৮৭ চনত দক্ষিণ ত্ৰিপুৰা জিলাৰ ১৯৫ বৰ্গ কিলোমিটাৰ লৈ তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্য সৃষ্টি কৰা হয়।[2] তদুপৰি এই জিলাত ১৯৮৮ চনত ৩৯০ বৰ্গ কিলোমিটাৰ জুৰি গোমটি বন্যপ্ৰাণী অভয়াৰণ্য নামেৰে দ্বিতীয়খন সংৰক্ষিত বনাঞ্চল প্ৰতিষ্ঠা কৰা হয়।[2]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 1.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  2. 2.0 2.1 Indian Ministry of Forests and Environment. "Protected areas: Tripura". Archived from the original on 25 March 2012. https://web.archive.org/web/20120325001702/http://oldwww.wii.gov.in/envis/envis_pa_network/page_tripura.htm। আহৰণ কৰা হৈছে: 25 September 2011. 

বাহ্যিক সংযোগ সম্পাদনা কৰক