দামোদৰ দাস বৰপেটাৰ মানুহ আছিল। শল্য-পৰ্বত আত্মপৰিচয় প্ৰসঙ্গত এওঁ শঙ্কৰ, মাধৱ আৰু দামোদৰক উল্লেখ কৰিছে আৰু নিজ গুৰু ভাগৱত ভট্টচাৰ্যৰ (ভট্টদেৱৰ) চৰণত প্ৰণিপাত জনাইছেঃ

দামোদৰ দাস
জন্ম খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ প্ৰথমাৰ্দ্ধ
পেচা মহাভাৰতৰ অনুবাদক
ভাষা অসমীয়া
উল্লেখনীয় কৰ্মৰাজি মহাভাৰতৰ শল্য-পৰ্ব আৰু দ্ৰোণ-পৰ্ব

নক্ষত্ৰ সহিতে পূৰ্ণিমাৰ চন্দ্ৰ, যেন গৈল অস্তাঙ্গত।
সহস্ৰ কিৰণ সমে দিনকৰ, উদিত পূৰ্ব দিশত॥
সেহিমতে ইটো দূৰ কৰি মহা অজ্ঞান নাম আন্ধাৰ।
হৈলন্ত বেকত শ্ৰীভাগৱত-ভট্টচাৰ্য নাম যাৰ।
তাহান চৰণ ৰেণু শিৰে ধৰি মহামুৰ্খ দামোদৰ।
পৰম গহন ভাৰতৰ পদ, কৰিলো শল্য পৰ্বৰ॥ (পদ ৯৭১)

ওপৰৰ বিৱৰণৰপৰা এওঁক খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ প্ৰথমাৰ্দ্ধৰ কবি বুলি ধৰিব পাৰোঁ। মহাভাৰতশল্য-পৰ্বৰ উপৰিও এওঁ দ্ৰোণ-পৰ্ব ৰচনা কৰিছিল। লেখকৰ বৰ্ণনাৰ শক্তিৰ পৰিচয় এই গ্ৰন্থ দুখনৰপৰা ভালধৰণে উপলব্ধি কৰিব পাৰি।[1]

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. ড: সত্যেন্দ্ৰনাথ শৰ্মা (২০১৮). অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত. প্ৰকাশক গুৱাহাটী: সৌমাৰ প্ৰকাশ. পৃষ্ঠা. ১৭২.