দামোদৰ দেৱ (১৪৮৮-১৫৯৮) ষোল্লশ শতিকাৰ এক শৰণ নামধৰ্মৰ এজন বিখ্যাত ধৰ্ম প্ৰচাৰক। ১৪৮৮ খ্ৰীষ্টাব্দত নগাঁও জিলাৰ নালচাত তেওঁৰ জন্ম হৈছিল। দামোদৰ দেৱ মহাপুৰুষ ভট্টদেৱৰ দৰে সাহিত্যিকক প্ৰেৰণা যোগাইছিল।[2]

দামোদৰ দেৱ
জন্ম ১৪৮৮
নালচা, নগাঁও[1]
মৃত্যু ১৫৯৮ (বয়স ১০৯–১১০)
বৈকুণ্ঠপুৰ সত্ৰ
পেচা এক শৰণ নামধৰ্ম

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

দামোদৰ দেৱৰ পিতৃ-মাতৃ ক্ৰমে শতানন্দ আৰু সুশীলা কামৰূপৰ হাজোৰ নিৱাসী আছিল। কালক্ৰমত তেওঁলোকৰ পৰিয়াল বৰ্তমান নগাঁৱৰ নলচাত থিতাপি লয় আৰু তাতেই দামোদৰ দেৱৰ জন্ম হয়। বৰদোৱাত তেওঁৰ দেউতাকে শ্ৰীমন্ত শংকৰদেৱৰ লগত বন্ধুত্ব স্থাপন কৰে। নৱদ্বীপৰ কল্পাভ বল্লভ ভট্টাচাৰ্যৰ ওচৰত দামোদৰ দেৱে তেওঁৰ দুই ভায়েকৰ লগত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁলোকে ব্যাকৰণ, শব্দৰ অৱৰূপ আৰু ব্যৱহাৰ, চাৰি বেদ, ১৪ শাস্ত্ৰ, গীতা, ভাগৱত পূৰাণ আৰু আন আন ধৰ্ম গ্ৰন্থসমূহ অধ্যয়ন কৰিছিল।[3]

শংকৰদেৱৰ লগত মিলন সম্পাদনা কৰক

মহাপুৰুষ দামোদৰ দেৱ আৰু শংকৰদেৱৰ মিলন হয় বৰপেটাৰ বাউসী পৰগনাত। হাজোৰ পৰা গৈ বৰপেটাৰ বাউসীত প্ৰথম সত্ৰ স্থাপন কৰি বৈদিক বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি থকা সময়তে বৰপেটাত থকা শংকৰদেৱৰ লগত দেৱদামোদৰৰ পুণৰ মিলন হয়। ইয়াৰ পূৰ্বে নগাঁওত থকাৰ সময়ত দুয়োজনাৰ মাজত ইষ্টতা আছিল। দেৱদামোদৰে বৈদিক বৈষ্ণৱ পন্থাৰ সাধক বুলি শংকৰদেৱে পূৰ্বেই অৱগত হৈছিল আৰু হাজোৰ পৰা বৰপেটা আহি ধৰ্ম প্ৰচাৰৰ সিদ্ধান্তত সন্তোষ প্ৰকাশ কৰিছিল। দামোদৰ দেৱেও পিতৃ বন্ধু শংকৰদেৱৰ সাক্ষাৎ পাই আনন্দিত হৈছিল আৰু এনেদৰেই তেওঁলোকৰ মাজত বন্ধুত্ব স্থাপন হ'ল।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. (Neog 1980, পৃষ্ঠা 128)
  2. Chaitanya, Bhattacharyya, Narendra Nath (1989). Medieval bhakti movements in India:Śrī Caitanya quincentenary commemoration volume. Munshiram Manoharlal. পৃষ্ঠা. 274. 
  3. Sarma, Anjali (1990). Among the Luminaries in Assam: A Study of Assamese Biography. Mittal Publications. পৃষ্ঠা. 62.