দাসকাঠিয়া

উৰিষ্যাৰ এক ঐতিহ্যবাহী লোকশিল্প

দাসকাঠিয়া উৰিষ্যাৰ এক ঐতিহ্যবাহী লোকশিল্প। ই এক পৰিৱেশ্য শিল্পকলা, যিটো উৰিষ্যা ৰাজ্যৰ স্থানীয় বা ভ্ৰাম্যমাণ শিল্পী সকলৰ দ্বাৰা ব্যাপকভাৱে প্ৰদৰ্শিত হয়।[1] সঙ্গীত তথা নৃত্য সহ গল্প কঠনৰ এই কলাই গ্ৰামাঞ্চলত জনপ্ৰিয়তা লাভ কৰিছে।

দাসকাঠিয়া
{{{holiday_name}}}
দাসকাঠিয়া পৰিৱেশন

উৰিষ্যাৰ সংস্কৃতিত এয়া বিনোদনৰ অন্যতম গুৰুত্বপূৰ্ণ মাধ্যম আছিল। পৰিবেশনৰ বাবে শিল্পী সকলে সঙ্গীত সৃষ্টিৰ বাবে কাঠৰ এক সাংগীতিক জোড়া ব্যৱহাৰ কৰে। এই কলাৰ পৰিৱেশন সাধাৰণত দুই ব্যক্তিৰ দলৰ দ্বাৰা সম্পন্ন কৰা হয়। এজন ব্যক্তি যিয়ে নেতৃত্ব দিয়ে তেওঁক গহনা বা গায়ক বোলা হয় আৰু যিজনে তেওঁক অনুসৰণ কৰে, তেওঁক পালিয়া বোলা হয়। এওঁলোকে সাধাৰণতে বেলাড গীত প্ৰদৰ্শন কৰে।[2] গায়কৰত্ন বৈদ্যনাথ শৰ্মা সাম্প্ৰতিক সময়ৰ এজন অভিনয়শিল্পী, যি এই পৰিৱেশ্য কলাৰ বাবে জনাজাত।[3] দাসকাঠিয়াত ব্যৱহৃত সংগীত ঐতিহ্যবাহী ওডিচি সঙ্গীতৰ ওপৰত ভিত্তি কৰি সৃষ্টি কৰা হয়।

ব্যুৎপত্তি সম্পাদনা কৰক

'দাস' মানে ভক্ত আৰু 'কাঠিয়া' হ'ল পৰিৱেশনত ব্যৱহৃত লাঠি সদৃশ এক যন্ত্ৰ। দাসকাঠিয়া পৰিৱেশনত অভিনয়শিল্পী সকলে নিজকে ভগৱান শিৱৰ ভক্ত হিচাপে বৰ্ণনা কৰে আৰু শিল্পীসকলে ভগৱেন শিৱ আৰু পাৰ্ৱতীৰ স্তুতিত গীত গাই আৰু পৌৰাণিক কিংবদন্তিৰ ওপৰত ভিত্তি কৰি গল্প বৰ্ণনা কৰে।[4][1]

উৎপত্তি সম্পাদনা কৰক

১৫শ শতাব্দীত উৰিষ্যাৰ গঞ্জাম জিলাৰ খান্দাৰা গাঁ‌ৱৰ পৰা দাসকাঠিয়া শিল্পকলাৰ উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয়।[5]

সম্পাদিত কাৰ্য সম্পাদনা কৰক

দাসকাঠিয়া পৰিৱেশনত মূলতঃ পৌৰাণিক আখ্যান মূলক কাহিনী বা গল্প কোৱা হয়, আৰু এই সমূহ প্ৰধানত শিৱৰ সম্পৰ্কে বৰ্ণিত। অৱশ্যে শিৱ মুখ্য চৰিত্ৰ হ'লেও অন্যান্য দেৱতাৰ সৈতেও সম্পৰ্ক থাকে। পৌৰাণিক কাহিনীৰ উপৰিও প্ৰেম, ৰোমাঞ্চ, পলায়ন, প্ৰতাৰণা আৰু বিবাহৰ ওপৰত আধাৰিত কাহিনীও বিষয় হিচাপে ব্যৱহাৰ কৰা হয়। পৰিবেশনৰ এটা গুৰুত্বপূৰ্ণ দিশ হ'ল ব্যংগ আৰু সামাজিক বাৰ্তা[6][7][8] পৰিবেশকসকলে গান গাই আৰু কণ্ঠদান কৰাৰ সময়ত কাঠিয়া নামৰ এযোৰ কাঠৰ টুকুৰাৰে গঠিত পাৰ্কাচন বাদ্যযন্ত্ৰ বজায়। শেহতীয়াকৈ চৰকাৰে বহুতো জনসেৱাৰ বাৰ্তাৰ বাবে দাসকাঠিয়া শিল্পী সকলক ব্যৱহাৰ কৰিছে।[6]


বৰ্তমান অবস্থা সম্পাদনা কৰক

আন আন মনোৰঞ্জনৰ ধৰণৰ আগমনৰ লগে লগে দাসকাঠিয়াই জনপ্ৰিয়তা হেৰুৱাই পেলাইছে। কিন্তু চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহৰ প্ৰচেষ্টাত এই শিল্পৰূপটোক পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।[9]

সচেতন ব্যৱহাৰ সম্পাদনা কৰক

চৰকাৰ আৰু অন্যান্য সংস্থাসমূহে ইয়াক ব্যৱহাৰ কৰি বাল্যবিবাহ আৰু মহিলা ভ্ৰুণহত্যাৰ দৰে সামাজিক সমস্যা সমূহৰ বিষয়ে সজাগতা বাৰ্তা বিয়পাই দিয়াৰ চেষ্টা কৰে, গ্ৰাম্য লোকসকলক পলিঅ’ৰ ভেকচিন বা মেলেৰিয়াৰ টেবলেট গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। ৰেল ষ্টেচন আৰু বাছ ষ্টেণ্ড আদিৰ দৰে মানুহৰ সমাগম থকা ঠাইত দাসকাঠিয়া শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰা দেখা যায়। পানীগ্ৰহীৰ মতে, এন ইউ ডি কে এছে দাসকঠী শিল্পীসকলক প্ৰচাৰৰ বাবে অধিক চৰকাৰী কাৰ্যসূচীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, বিশেষকৈ বিভিন্ন কল্যাণমূলক পদক্ষেপ আৰু উৎসৱৰ ওপৰত গুৰুত্ব দিছিল।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 Usa, Ibp (2012). India Country Study Guide Volume 1 Strategic Information and Developments. International Business Publications USA. পৃষ্ঠা. 101. ISBN 978-1-4387-7460-2. https://books.google.com/books?id=k2-bBQAAQBAJ&pg=PA101। আহৰণ কৰা হৈছে: 2020-07-20. 
  2. Mohanty, G.; Patnaik, J.K.; Ratha, S.K.; Das, H.C.; Pattanayak, A.K.; Satpathy, H.. Cultural Heritage of [ Orissa] : Dhenkanal. Cultural Heritage of Orissa. State Level Vyasakabi Fakir Mohan Smruti Samsad. পৃষ্ঠা. 243. https://books.google.com/books?id=cENQAQAAIAAJ। আহৰণ কৰা হৈছে: 2020-07-20. 
  3. "Citation of Baidyanath Sharma". Sangeet Natak Akademi. https://sangeetnatak.gov.in/sna/citation_popup.php?id=1190&at=2। আহৰণ কৰা হৈছে: 2020-07-20. 
  4. Behura, N.K. (1978). Peasant Potters of Orissa: A Sociological Study. Sterling. পৃষ্ঠা. 27. https://books.google.com/books?id=O7wyAAAAMAAJ। আহৰণ কৰা হৈছে: 2020-07-20. 
  5. "The last dance: Dasakathia's fight for survival in Odisha". ThePrint. 2022-05-03. https://theprint.in/features/the-last-dance-dasakathias-fight-for-survival-in-odisha/941034/। আহৰণ কৰা হৈছে: 2022-06-06. 
  6. 6.0 6.1 "Daskathia: Orissa's pecularity". SankalpIndia.net. http://www.sankalpindia.net/drupal/daskathia-orissas-pecularity. 
  7. Orissa Tourism Development Corporation; Orissa (India). Dept. of Home; Orissa (India). Home Department (1980). The Heritage of Orissa. Produced by Orissa Tourism Development Corporation for the Department of Home, Government of Orissa. https://books.google.com/books?id=DgdDAAAAYAAJ। আহৰণ কৰা হৈছে: 2022-06-06. 
  8. Tiwari, A.N. (1976) (en ভাষাত). Third Purba Bharat Sanskrutik Sammelan, Bhubaneswar, Orissa, 1976: Souvenir. Home (Public Relations) Department, Government or Orissa. https://books.google.com/books?id=UnlDAAAAYAAJ। আহৰণ কৰা হৈছে: 2022-06-06. 
  9. Patnaik, Sunil (2010-10-15). "Folk artistes get new lease of life". Telegraph India. https://www.telegraphindia.com/odisha/folk-artistes-get-new-lease-of-life/cid/478141। আহৰণ কৰা হৈছে: 2020-07-20.