দীপামণি হালৈ মহন্ত
এগৰাকী লেখক, অধ্যাপক৷ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্
দীপামণি হালৈ মহন্ত এগৰাকী লেখক, অধ্যাপক৷ তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত৷ বৰ্তমানলৈকে তেখেতৰ ৬খন গৱেষণামূলক গ্ৰন্থ প্ৰকাশ হৈছে৷[1]
দীপামণি হালৈ মহন্ত | |
---|---|
জন্ম | ২৭ আগষ্ট ১৯৮৩ নলবাৰী জিলা, খাটাৰূপীয়া বাথান গাঁও |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অধ্যাপক, লেখক |
পিতৃ-মাতৃ | ড॰ প্ৰমোদ হালৈ আৰু মিনু হালৈ |
জন্ম আৰু বংশ পৰিচয়
সম্পাদনা কৰকতেখেতৰ জন্ম হয় ১৯৮৩ ইং চনৰ ২৭ আগষ্টত; স্থান- নলবাৰী জিলাৰ খাটাৰূপীয়া বাথান গাঁও৷ তেখেতৰ পিতৃৰ নাম ড॰ প্ৰমোদ হালৈ আৰু মাতৃৰ নাম মিনু হালৈ৷ পিতৃ নলবাৰী জিলাৰ বিশিষ্ট ভাষাবিদ, শিক্ষাবিদ, সমাজকৰ্মী৷ [1]
শিক্ষা
সম্পাদনা কৰক- প্ৰাথমিকঃ ১৭৫ নং কুলবিল বালক প্ৰাথমিক বিদ্যালয়
- মাধ্যমিক শিক্ষাঃ কুলবিল উত্তম সুন্দৰী মজলীয়া বিদ্যালয় (জিলাভিত্তিত মেধা বৃত্তি লাভ)
- উচ্চ মাধ্যমিক শিক্ষাঃ চামতা ছোৱালী উচ্ছ মাধ্যমিক বিদ্যালয়; ১৯৯৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমাজবিদ্যা আৰু বিজ্ঞান বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ৷
- উচ্চতৰ মাধ্যমিক শিক্ষাঃ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়, নলবাৰী ২০০০ ইং চনত উচ্ছতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত অসমৰ ভিতৰত সপ্তম স্থান অধিকাৰ; লগতে অসমীয়া বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্ব্বোচ্ছ নম্বৰ লাভ৷
- স্নাতক ডিগ্ৰীঃ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰপৰা ইং ২০০৩ চনত অসমীয়া (গুৰু বিষয়)ত ডিষ্টিংচনসহ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ স্নাতক ডিগ্ৰী লাভ৷
- স্নাতকোত্তৰ ডিগ্ৰীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত ইং ২০০৫ চনত প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ৷
- পিএইচ. ডিৰ বিষয়ঃ ড॰ লীলাৱতী শইকীয়া বৰাৰ তত্ত্বাৱধানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইং ২০১৩ চনত “Assamese and Maithili Verb System : A Comparative Study” বিষয়ত পিএইচ. ডি. ডিগ্ৰী লাভ৷
প্ৰকাশিত গ্ৰন্থ
সম্পাদনা কৰক- নাট্য সমীক্ষা, ২০০৭
- ভাষা বিশ্লেষণ, ২০১০
- সাহিত্যত লোক সাংস্কৃতিক সমল, ২০১০
- Assamese & Maithili Verb System A Contrastive Study, ২০১৭
- অসমীয়া আৰু মৈথিলী ভাষাৰ বিৰোধমূলক বিশ্লেষণ, ২০২১[2]
- ভাষা সাহিত্য জিজ্ঞাসা, ২০২২[3]
বঁটা আৰু সন্মান
সম্পাদনা কৰক- অসম সাহিত্য সভাৰ ‘ৰামদেউ শৰ্মা বঁটা’ লাভ৷
- বিনয় ভূষণ চৌধুৰী স্মাৰক বঁটা৷
- অনা-মৈথিলী গৱেষক হিচাপে মৈথিলী ভাষা-সাহিত্য-সংস্কৃতিৰ অধ্যয়নৰ বাবে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৃত৷
তথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 "Gauhati University Website". Archived from the original on 20 January 2022. https://web.archive.org/web/20220120132642/https://www.gauhati.ac.in/member/dipamani-haloi?aid=Mg==&did=Mg==। আহৰণ কৰা হৈছে: 29 July 2022.
- ↑ "ASAMIYA ARU MAITHILI BHASHAR BIRODHMULAK BISLESHAN DR. DIPAMANI HALOI MAHANTA অসমীয়া ভাষা আৰু মৈথিলী ভাষাৰ বিৰোধমূলক বিশ্লেষণ ( ধ্বনি আৰু ৰূপ প্ৰসংগ) ড° দীপামণি হালৈ মহন্ত (ASSAM BOOK TRUST)". https://www.scientiabooks.in/product/bhasha-sahitya-jigyasa-dr-dipamoni-haloi-mahanta/। আহৰণ কৰা হৈছে: 29 July 2022.
- ↑ "BHASHA SAHITYA JIGYASA – DR. DIPAMONI HALOI MAHANTA ভাষা সাহিত্য জিজ্ঞাসা – ড° দীপামণি হালৈ মহন্ত – BANDHAV". https://www.scientiabooks.in/product/bhasha-sahitya-jigyasa-dr-dipamoni-haloi-mahanta/। আহৰণ কৰা হৈছে: 29 July 2022.