দুষ্যন্ত (ইংৰাজী: Dushyanta, সংস্কৃত: दुष्यन्त) শাস্ত্ৰীয় ভাৰতীয় সাহিত্য আৰু ভাৰতীয় ইতিহাসৰ (খ্ৰীষ্টপূৰ্ব ৫০০০ বছৰ পূৰ্বে) এগৰাকী ৰজা। তেওঁ শকুন্তলাৰ স্বামী আৰু সম্ৰাট ভৰতৰ পিতৃ আছিল। তেওঁক মহাভাৰত আৰু কালিদাসৰ নাটক অভিজ্ঞানম শকুন্তলমত পোৱা যায়। সংস্কৃতত তেওঁৰ নামৰ অৰ্থ “দৈত্য ধ্বংসকাৰী।”[উদ্ধৃতিৰ প্ৰয়োজন]

দুষ্যন্ত
মহাভাৰতৰ চৰিত্ৰ

দুষ্যন্ত আৰু শকুন্তলা
তথ্য
দাম্পত্যসঙ্গী শকুন্তলা
সন্তান ভৰত

ৰজা দুষ্যন্ত সম্পাদনা কৰক

মহাভাৰতৰ মতে, দুষ্যন্ত ইলিনা (Ilina) আৰু ৰথানতাৰা (Rathantara)-ৰ পুত্ৰ।[1] তেওঁ হস্তিনাপুৰৰ ৰজা আৰু কুৰু বংশৰ পূৰ্বপুৰুষ আছিল। মৃগয়া কৰিবলৈ গৈ কণ্বমুনিৰ আশ্ৰমত শকুন্তলাৰ (তেওঁৰ পত্নী) সৈতে তেওঁৰ দেখা হয়। দুষ্যন্ত আৰু শকুন্তলাৰ ভৰত নামে এক পুত্ৰ আছিল যিয়ে পিছত গৈ হস্তিনাপুৰৰ ৰজা হৈছিল।

শকুন্তলাৰ প্ৰতি প্ৰেম সম্পাদনা কৰক

দুষ্যন্তৰ মিলন, বিবাহ, বিচ্ছেদ আৰু তেওঁৰ ৰাণী শকুন্তালাৰ সৈতে পুনৰ্মিলনৰ কাহিনীটোক মহাভাৰত আৰু সংস্কৃত মহাকবি কালিদাসৰ অভিজ্ঞানম শকুন্তলমই অমৰ কৰি তুলিছে।

দুষ্যন্ত মৃগয়া কৰিবলৈ গৈ কাণ্বমুনিৰ আশ্ৰমত শকুন্তলাৰ সৈতে দেখা হয়, যি বিশ্বামিত্ৰ আৰু মেনকাৰ কন্যা আছিল। তেওঁ শকুন্তলাক দেখি মুগ্ধ হয় আৰু সন্মতি মৰ্মে কণ্বমুনিৰ আশ্ৰমত শকুন্তলাৰ সৈতে গন্ধৰ্ব বিবাহ কৰায়। যাবৰ সময়ত, দুষ্যন্তই শকুন্তলাক তেওঁৰ প্ৰেমৰ চিহ্ন হিচাবে এটি ৰাজকীয় আঙুঠি দিয়ে আৰু প্ৰতিশ্ৰুতি দিয়ে যে সি তেওঁক ল’বলৈ আহিব।

কিন্তু দুষ্যন্ত যেতিয়া ৰজা হয়, তেতিয়া তেওঁ ৰাজ্যৰ ক্ষেত্ৰত বহু বছৰৰ বাবে খুব শোষিত হৈ পৰে, ইপিনে শকুন্তলা অপেক্ষা কৰি হতাশ। এদিন, দুৰ্বাসা ঋষি আধ্যাত্মিক পৰিদৰ্শন কৰে, কিন্তু শকুন্তলা, যিয়ে দুষ্যন্তৰ প্ৰেমৰ প্ৰতি খুব মগ্ন হৈ আছিল, তেওঁ দুৰ্বাসা ঋষিৰ উপস্থিতি ধৰিব নোৱাৰে আৰু যাৰ কথাত মগ্ন হৈ আছে তেওঁ তেওঁক পাহৰি যাব বুলি দুৰ্বাসা ঋষিয়ে তেওঁক অপমান কৰা বুলি ভাবি শকুন্তলাক অভিশাপ দিয়ে। শকুন্তলাই ক্ষমা খোজাত তেওঁ দিয়া কিবা চিহ্ন যদি দেখুৱাব পাৰে তেন্তে চিনি পাব বুলি জনায়।

শকুন্তলা যেতিয়া স্বামীৰ গৃহলৈ অৰ্থাৎ হস্তিনাপুৰলৈ যায় তেতিয়া সিহঁতৰ প্ৰেমৰ চিহ্ন হিচাপে থকা আঙুঠিটো এখন নদীত পৰি যায়, যিটোক এটা মাছে খাই পেলায়। আৰু তেতিয়া তেওঁৰ হাতত তেনে কোনো চিহ্ন প্ৰমাণ হিচাপে নাছিল।

দুষ্যন্ত শকুন্তলাক স্মৰণ কৰিব নোৱাৰে। কিন্তু তেওঁৰ স্মৃতি আৰু ভালপোৱা পুনৰ জাগ্ৰত হয় যেতিয়া সেই মাছে খোৱা আঙুঠিটোৰ পুনৰুদ্ধাৰ হয়। পিছত ৰাজপ্ৰসাদত আনি শকুন্তলাক বিয়াহ কৰায়, যি তেওঁৰ ৰাণী আৰু তেওঁৰ পুত্ৰ ভৰতৰ মাতৃ হয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

  •   ৱিকিমিডিয়া কমন্সত দুষ্যন্ত সম্পৰ্কীয় মিডিয়া ফাইল।