দুৱাৰ (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ (২০১৩)

দুৱাৰ - The Voyage Out হৈছে ২০১৩ চনৰ ৪ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। সঞ্জীৱ নাৰায়ণ আৰু বিদ্যুৎ চক্ৰৱৰ্তীয়ে প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে বিদ্যুৎ চক্ৰৱৰ্তীয়ে। অপূৰ্ব শৰ্মাশুভবাৰ্তা (১৯৮৫) নামৰ গল্প সংকলনটোত সন্নিৱিষ্ট বাহিৰলৈ যোৱা বাট নামৰ গল্পটোৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হয়। গল্পটোৰ চলচ্চিত্ৰ অভিযোজনা আৰু চিত্ৰনাট্য বিদ্যুৎ চক্ৰৱৰ্তীৰ। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে শ্বেৰ চৌধুৰীয়ে[1]

দুৱাৰ - the voyage out
'দুৱাৰ'
দুৱাৰ - the voyage out
পৰিচালক বিদ্যুৎ চক্ৰৱৰ্তী
চিত্ৰনাট্য বিদ্যুৎ চক্ৰৱৰ্তী
কাহিনী অপূৰ্ব শৰ্মা
প্ৰযোজক সঞ্জীৱ নাৰায়ণ
বিদ্যুৎ চক্ৰৱৰ্তী
অভিনয়ত কপিল বৰা
জেৰিফা ৱাহিদ
তনভী শৰ্মা
চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰা
সম্পাদনা ৰমেন বৰা
যুগল দাস
সংগীত পৰিচালক শ্বেৰ চৌধুৰী
মুক্তি
৪ জানুৱাৰী, ২০১৩
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনী সম্পাদনা কৰক

চলচ্চিত্ৰখনত বৰ্ণোৱা হৈছে মানুহৰ এনে এটা মানসিক অৱস্থা, যেতিয়া কোনো ব্যক্তিয়ে অনুভৱ কৰে যেন তেওঁৰ জীৱন কোনো সুনিৰ্দিষ্ট লক্ষ্য অবিহনে গতি কৰি আছে। বস্তুবাদী আৰু স্বাৰ্থপৰ সমাজে আগুৰি থকা মানুহৰ আধুনিক যান্ত্ৰিক জীৱনৰ ওপৰত চলচ্চিত্ৰখনৰ কাহিনীটো আধাৰিত। চৌৰাশীৰ ছাত্ৰ আন্দোলনৰ সময়ৰ আৰু তাৰ পাছৰ কালছোৱাৰ ভয়াবহতা, নায়কৰ ব্যৰ্থ কমিউনিষ্ট আদৰ্শ, এখন নিৰ্দোষ পৃথিৱীৰ দৃষ্টিভংগী থকা নায়কৰ আধুনিক বাস্তৱ জীৱনৰ লগত আপোচ আদি হ'ল চলচ্চিত্ৰখনৰ বিষয়বস্তু।[2][3]
দ্বিজেন ভট্টাচাৰ্য নামৰ চৰিত্ৰটোৰ মানসিক অৱস্থাক কেন্দ্ৰ কৰি চলচ্চিত্ৰখন আগবাঢ়ে। ভট্টাচাৰ্য এজন শিক্ষক, সাহিত্যিক যি বৰ্তমানৰ যান্ত্ৰিক পৃথিৱী আৰু পুৰণি দিনৰ বেদনাগধুৰ স্মৃতিৰপৰা মুক্ত হৈ বাহিৰলৈ ওলাই আহিব বিচাৰি নিজৰ মনৰ মাজতে এক স্নায়বিক যুঁজত লিপ্ত। তেওঁৰ মনত সজীৱ হৈ আছে ১৯৮৪ চনৰ আন্দোলনৰ সময়ৰ ৰাজনৈতিক পৰিৱেশত পাৰ কৰি অহা বিবৰ্ণ কৈশোৰ আৰু যৌৱনৰ ভয়াবহ স্মৃতি। নতুনকৈ লিখিবলৈ লোৱা প্ৰেমৰ উপন্যাসখনৰ আৰম্ভণি বিচাৰি তেওঁ হাবাথুৰি খায়। পত্নী মানসীৰ লগত তেওঁৰ এতিয়া প্ৰেমহীন সম্পৰ্ক। তেওঁ উভতি যাব খোজে অতীতৰ প্ৰেমময় মোহনীয়া দিনবোৰলৈ। অতীত আৰু বৰ্তমানৰ, সপোন আৰু বাস্তৱৰ এই বিভ্ৰমৰপৰা ওলাই যোৱাৰ বাটটো যেন বন্ধ কৰি ৰাখিছে তেওঁৰ ঘৰৰ টেৰেছলৈ ওলাই যোৱা বাটৰ বন্ধ দুৱাৰখনে।[1] হতাশ আৰু বিভ্ৰান্ত ভট্টাচাৰ্যই নিজকে সকলোৰেপৰা মুক্ত কৰিব বিচাৰি তেওঁ সকলো বৃত্তিমূলক, পাৰিবাৰিক আৰু ব্যক্তিগত দায়িত্বৰপৰা নিজকে আঁতৰাই আনে আৰু শেষত আত্মহত্যাৰ পথ বাছি লয়।[3]

অভিনয়-শিল্পী সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 বিদ্যুৎ চক্ৰৱৰ্তী পৰিচালিত ‘দুৱাৰ'ৰ শুভমুক্তি, দৈনিক জনমভূমি, ৩ জানুৱাৰী, ২০১৩
  2. "Dwaar- The Voyage Out" to be Released on 4th January 2013 Archived 2013-01-23 at the Wayback Machine, Pranjal Borah, Assam Portal, December 31, 2013
  3. 3.0 3.1 - Film traces youth’s plight - Dwaar, featuring Kapil Bora, dubbed ‘well-directed but complex’, The Telegraph, January 4, 2013