অপূৰ্ব শৰ্মা
অপূৰ্ব শৰ্মা (ইংৰাজী: Apurba Sharma) হ’ল সৌৰভ কুমাৰ চলিহাই প্ৰৱৰ্তন কৰা অসমীয়া গল্প-সাহিত্যৰ আধুনিকতাবাদী ধাৰাটোৰ অন্যতম গল্পকাৰ।[2] শৰ্মা ২০০০ চনত তেওঁৰ গল্প সংকলন 'বাঘে টাপুৰ ৰাতি'ৰ বাবে অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা আৰু ২০১৫ চনত অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত হৈছে। তেখেত এগৰাকী বিশিষ্ট চলচ্চিত্ৰ-সমালোচকো। তেখেতৰ অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ নামৰ গ্ৰন্থখনে ২০০২ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰতিযোগিতাত চলচ্চিত্ৰ বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থৰ স্বৰ্ণকমল সন্মান লাভ কৰিছিল।[3][4]
অপূৰ্ব শৰ্মা | |
---|---|
![]() | |
জন্ম | ৩ মে', ১৯৪৩ (৭৯ বছৰ) অসম |
পেচা | সাহিত্যিক, সাংবাদিক, চলচ্চিত্ৰ সমালোচক, গল্পকাৰ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি | বাঘে টাপুৰ ৰাতি, অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা (২০০০)[1] |
কৰ্মজীৱনসম্পাদনা কৰক
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰী লৈ সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। পাছত নগাঁও ছোৱালী মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰি সেই মহাবিদ্যালয়ৰে অধ্যক্ষ হয়।
দ্য আছাম ট্ৰিবিউনত এগৰাকী ষ্টাফ ৰিপ'ৰ্টাৰ হিচাপে সাংবাদিকতাৰ জগতত প্ৰৱেশ । নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পৰা অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণৰ পিছত পুনৰ সাংবাদিকতাৰ আৰম্ভণি । এইবাৰ দ্য ছেণ্টিনেল কাকত গোষ্ঠীৰ পৰা প্ৰকাশিত দৈনিক অসমীয়া বাতৰি কাকত 'আজিৰ অসম'ত সম্পাদক হিচাপে যোগদান । প্ৰায় দহ বছৰ কাল এই দায়িত্ব পালন কৰে ।
সাহিত্যিক অৱদানসম্পাদনা কৰক
- বন্ধুৰ পথৰ কেইজনমান ডেকা মানুহ (১৯৭৭)
- শুভবাৰ্তা (১৯৮৫)
- বাঘে টাপুৰ ৰাতি (১৯৯৬)
- অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ (২০০১)
- Jyotiprasad as a Film Maker (২০০৫)[5]
- এজন কবিৰ মৃত্যু আৰু এজোপা বাৰমহীয়া আম
- নাগৰিক
- শব্দ প্ৰতিমা সাহিত্য চলচ্চিত্ৰ
- শীতৰ বতাহ আৰু বৰষুণ (অক্টোবৰ, ২০২১)
উল্লেখযোগ্য বঁটাসম্পাদনা কৰক
- সাহিত্য অকাডেমি বঁটা (২০০০, 'বাঘে টাপুৰ ৰাতি' গল্প-সংকলনৰ বাবে)
- চলচ্চিত্ৰ বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০০২, অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰৰ বাবে)
- অসম উপত্যকা সাহিত্য বঁটা (২০১৫)
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
- ↑ বিশ্বকোষ, অসম সাহিত্য সভা, চতুৰ্থ খণ্ড, ১ম প্ৰকাশ, ২০০৩
- ↑ শান্তনু কৌশিক বৰুৱা. "প্ৰসিদ্ধ ব্যক্তি আৰু পৰিচয়". অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৮৫৩.
- ↑ "AXOMIYA CHALACCHITRAR SAN-POHAR". https://www.scientiabooks.in/product/axomiya-chalacchitrar-san-pohar/। আহৰণ কৰা হৈছে: 20 October 2020.
- ↑ Gauhati Cine Club