দেৱদত্ত পাটনায়ক (ইংৰাজী: Devdutt Pattanaik; জন্ম: ১১ ডিচেম্বৰ, ১৯৭০) এজন ভাৰতীয় চিকিৎসক, বাণিজ্যিক পৰামৰ্শদাতা, কিংবদন্তিবিদ আৰু লেখক। তেওঁ প্ৰধানকৈ কিংবদন্তিমূলক[1][2] আৰু ব্যৱস্থাপনাৰ বিষয়ে লিখে। তেওঁ হিন্দু কিংবদন্তিৰ ওপৰত কেইবাখনো কিতাপ লিখিছে যাৰ ভিতৰত Myth = Mithya: A Handbook of Hindu Mythology, The Pregnant King, আৰু Jaya: An Illustrated Retelling of the Mahabharata (২০১০) আদি প্ৰধান।[3]

দেৱদত্ত পাটনায়ক
জন্ম ১১ ডিচেম্বৰ, ১৯৭০
মুম্বাই, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা কিংবদন্তিবিদ, লেখক, স্তম্ভলেখক, অঙ্কনশিল্পী
জনা যায় ভাৰতীয় কিংবদন্তিৰ ওপৰত লেখা
স্বাক্ষৰ
ৱেবছাইট
www.devdutt.com

তেওঁ বৰ্তমান ভাৰতৰ অন্যতম ডাঙৰ খুচুৰা বিক্ৰেতা 'Future Group'ৰ 'মুখ্য বিশ্বাস বিষয়া' (Chief belief officer) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।[4] ইয়াত তেওঁ ব্যৱসায় বা মূলতঃ মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত ভাৰতীয় কিংবদন্তিসমূহৰ প্ৰয়োগ কৰে।[5] তেওঁ MiD DAY বাতৰি কাকতৰ বাবে নিয়মীয়াকৈ এটা স্তম্ভ লিখে।[6]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

মুম্বাইত জন্মগ্ৰহণ কৰা পাটনায়কে ল'ৰালি কাল আৰু শিক্ষাজীৱন ইয়াত পাৰ কৰে। তেওঁ দেউতাক এজন MBA আছিল।[6] তেওঁ গ্ৰাণ্ট মেডিকেল কলেজৰ পৰা M.B.B.S. উত্তীৰ্ণ হয় আৰু তাৰ পিছত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা 'তুলনামূলক কিংবদন্তি' (Comparative Mythology) বিষয়ত এটা পাঠ্যক্ৰম সম্পূৰ্ণ কৰে।[7]

কৰ্মজীৱন সম্পাদনা কৰক

ফাৰ্মাচিউটিকেল আৰু চিকিৎসাসেৱা উদ্যোগত ১৪ বছৰ কাম কৰাৰ পিছত পাটনায়কে কিংবদন্তি বিষয়ক কিতাপ আৰু স্তম্ভ লিখিবলৈ লয় আৰু সেই বিষয়ে বক্তৃতা প্ৰদান কৰাও আৰম্ভ কৰে। তেওঁ 'Ernst and Young' ত এজন পৰামৰ্শদাতাৰূপে কাম কৰিছিল। তেওঁ বেছিভাগ কিতাপৰে ছবি নিজেই আঁকে।[8]

২০০৯ চনত নৱেম্বৰত ভাৰতত অনুষ্ঠিত প্ৰথম TED সন্মিলনত তেওঁ বক্তৃতা প্ৰদান কৰে।[9][10]

২০১০ চনত আগষ্টত ICCR-এ তেওঁক কলম্বিয়ালৈ আমন্ত্ৰণ জনায়। তাত তেওঁ “Subjective World or Mythology of Identity” শীৰ্ষক এটা বক্তৃতা দিয়ে। মেডেলিনৰ EAFIT বিশ্ববিদ্যালয়তো তেওঁ একে ধৰণৰ এটা বক্তৃতা দিয়ে।

CNBC-TV18 চেনলৰ বাবে তেওঁ Business Sutra নামৰ এটা অনুষ্ঠান কৰিছে। তাত হিন্দু মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ পৰা বাণিজ্যিক পাঠ আহৰণৰ চেষ্ট চলোৱা হৈছে। ২০১৫ বৰ্ষত তেওঁ Epic চেনেলৰ বাবে Devlok with Devdutta Patnaik এলানি আলোচনা চক্ৰৰ অনুষ্ঠান কৰিছে। হিন্দু দৰ্শন আৰু বিশ্বাস সম্পৰ্কীয় বহুতো প্ৰ্শ্নাৱলীৰ উত্তৰ দিবলৈ অনুষ্ঠানটোৰ জৰিয়তে চেষ্টা কৰা হৈছে। তদুপৰি পৌৰাণিক আখ্যান সমূহৰ ৰূপক দিশটোৰ কথাও অনুষ্ঠানটোত আলোচনা কৰা হৈছে।

তেওঁ ভৰতীয় টেলিভিজন নে'টৱৰ্ক ষ্টাৰ ইণ্ডিয়াৰ এজন কাহিনী পৰামৰ্শক।[11]

প্ৰকাশিত গ্ৰন্থ সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Author Lounge: Devdutt Pattanaik". Penguin India. http://www.penguinbooksindia.com/Authors/_Devdutt_Pattanaik.aspx. 
  2. "Being aware of violence". MiD DAY. 2010-10-17. http://www.mid-day.com/opinion/2010/oct/171010-opinion-devdutt-pattanaik-non-violence.htm. 
  3. "Epic Venture". Indian Express. Oct 16, 2010. http://www.indianexpress.com/news/epic-venture/698301/. 
  4. "Future Group". Archived from the original on 2015-06-28. https://web.archive.org/web/20150628014559/http://futuregroup.in/home.asp। আহৰণ কৰা হৈছে: 2014-01-04. 
  5. "Mythic Past, Resonating in the Present". New York Times. July 4, 2010. http://query.nytimes.com/gst/fullpage.html?res=9400E6D9123BF937A35754C0A9669D8B63&pagewanted=2. 
  6. 6.0 6.1 "The mythologist". Mint (newspaper). Sep 16, 2010. http://www.livemint.com/2010/09/16194217/The-mythologist.html. 
  7. "Teaching Old Heads New Tricks". Financial Express. 2003-05-25. http://www.financialexpress.com/printer/news/77330/. 
  8. "Demystifying mythology: A conversation with Devdutt Pattanaik". The Hindu. Apr 24, 2009. Archived from the original on April 29, 2009. https://web.archive.org/web/20090429012100/http://www.hindu.com/fr/2009/04/24/stories/2009042451310400.htm. 
  9. "Great response to first TED meet in India". The Hindu. Nov 1, 2009. Archived from the original on November 5, 2009. https://web.archive.org/web/20091105062442/http://www.hindu.com/2009/11/01/stories/2009110154420400.htm. 
  10. speaker at TEDIndia 2009.
  11. http://devdutt.com/about

বহিঃ সংযোগ সম্পাদনা কৰক