দৈত্যাৰি ঠাকুৰ

মধ্যযুগীয় অসমৰ সাহিত্যিক

দৈত্যাৰি ঠাকুৰ (ইংৰাজী: Daityari Thakur) শংকৰোত্তৰ যুগৰ এগৰাকী উল্লেখযোগ্য চৰিতকাৰ আৰু নাট্যকাৰ। তেওঁ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ ৰ জীৱনভিত্তিক চৰিতপুথি লিখাৰ লগতে একাধিক নাট ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেওঁ দৈত্যাৰি ঠাকুৰ মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰৰ পুত্ৰ।[1]

সাহিত্য কৰ্ম সম্পাদনা কৰক

দৈত্যাৰি ঠাকুৰে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱনক কেন্দ্ৰ কৰি শংকৰদেৱ-মাধৱদেৱ চৰিত ৰচনা কৰে। সত্যেন্দ্ৰনাথ শৰ্মাঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত গ্ৰন্থত উল্লেখ কৰিছে যে "দৈত্যাৰি ঠাকুৰৰ চৰিত বহু পৰিমাণে নিৰ্ভৰযোগ্য, অতিপ্ৰাকৃত ঘটনাও বৰ বিশেষ নাই।"

ঠাকুৰ ৰচিত নাট দুখন হ'ল- নৃসিংহ যাত্ৰা আৰু স্যমন্ত হৰণ। এই নাট দুখনৰ কলাকৌশলত বৰ বিশেষ গুৰুত্ব দেখিবলৈ পোৱা নাযায় যদিও গীতবোৰ যথেষ্ট আকৰ্ষণীয়।[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 সত্যেন্দ্ৰনাথ শৰ্মা. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত.