দৈৱচন্দ্ৰ তালুকদাৰ
অসমীয়া সাহিত্যিক
দৈৱচন্দ্ৰ তালুকদাৰ (ইংৰাজী: DAIBA CHANDRA TALUKDAR) অসমীয়া সাহিত্যৰ পাঠক সমাজত এগৰাকী ঔপন্যাসিক হিচাপে সুপৰিচিত। ছাত্ৰাবস্থাৰ পৰাই সাহিত্য চৰ্চা কৰা তলুকদাৰে ঔপন্যাসৰ উপৰিও গল্প আৰু কবিতাও ৰচনা কৰিছিল। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ 'মিলন'ৰ প্ৰতিষ্ঠা আৰু প্ৰকাশত তেওঁ আগভাগ লৈছিল। ছাত্ৰ সন্মিলনৰ অন্য এখন মুখপত্ৰ তিনিমহীয়া 'জনমভূমি'ৰ সম্পাদক আছিল।
দৈৱচন্দ্ৰ তালুকদাৰ | |
---|---|
জন্ম | ১৯০০ চন অসম |
মৃত্যু | ১৯৬৭ চন |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
জন্ম আৰু বংশ পৰিচয়
সম্পাদনা কৰক- দৈৱচন্দ্ৰ তালুকদাৰৰ জন্ম হয় ১৯০০ চনত নলবাৰীৰ ওচৰৰ উলাবৰী গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল জগতচন্দ্ৰ তালুকদাৰ।
শিক্ষা
সম্পাদনা কৰক- কলেজিয়েট স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি কটন কলেজত নাম লগায়।[1]
চাকৰি জীৱন
সম্পাদনা কৰক- পেছাত এজন কেৰাণী হিচাপে কৰ্মৰত আছিল।[2]
সাহিত্যৰাজি
সম্পাদনা কৰকউপন্যাস
সম্পাদনা কৰক- অপূৰ্ণ
- ধূঁৱলী-কুঁৱলী(১৯২২)
- বিদ্ৰোহী(১৯৩৯)
- আদৰ্শ-পাঠ
- আগ্নেয়গিৰি(১৯২৪)
- দুনীয়া(১৯৬৩)[3]
কবিতা পুথি
সম্পাদনা কৰক- প্ৰেম-পট(১৯২২)
- কুঁহিমলা(১৯২৩)
- সৌন্দৰ্য(১৯৩০)[4]
গল্প
সম্পাদনা কৰক- ষোল্ল অনা
- ঢেঁকীপ্ৰিয়া
- ভেকুলী
- ফটাচোলা
- লাকি-লুকা[5]
নাটক
সম্পাদনা কৰক- ৰাধা-ৰুক্মিণী(১৯২০)
- বামুণী-কোঁৱৰ(১৯২৩)
- অসম প্ৰতিভা(১৯২৩)
- ভাস্কৰবৰ্মা(১৯৩৫)
- লহঙা(১৯২৫)[6]
মৃত্যু
সম্পাদনা কৰক- ১৯৬৭ চনত তেখেতৰ মৃত্যু হৈছিল।[7]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ১০৬
- ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সম্পা: সত্যেন্দ্ৰনাথ শৰ্মা, সপ্তম সংস্কৰণ ১৯৯৬, পৃষ্ঠা নং: ৩২০
- ↑ অসমীয়া সাহিত্যৰ ৰূপৰেখা,সম্পা:মহেশ্বৰ নেওগ,পঞ্চদশ তাঙৰণ:২০১৮ পৃষ্ঠা নং ৩০০
- ↑ অসমীয়া কবি আৰু কবিতা,সম্পা:কৰবি ডেকা হাজৰিকা,তৃতীয় বনলতা সংস্কৰণ:২০১৯,পৃষ্ঠা নং ৭২
- ↑ অসমীয়া চুটিগল্পৰ অধ্যয়ন,সম্পা:প্ৰহ্লাদ কুমাৰ বৰুৱা,পুনৰ মুদ্ৰণ ২০১৭,পৃষ্ঠা নং ৩৮৯
- ↑ অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ১০৬
- ↑ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সম্পা: সত্যেন্দ্ৰনাথ শৰ্মা, সপ্তম সংস্কৰণ ১৯৯৬, পৃষ্ঠা নং: ৩২০