দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া (গ্ৰন্থ)
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া (ইংৰাজী: The Discovery of India) নামৰ গ্ৰন্থখন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ১৯৪২-১৯৪৬ চনত আহমেদনগৰ দুৰ্গত তেওঁৰ কাৰাবাসৰ সময়ছোৱাত ৰচনা কৰিছিল আৰু তেওঁৰ পত্নী ৰুগ্ন কমলাকান্তৰ মৃত্যুৰ কাৰন দৰ্শাই। দ্য ডিস্কভাৰী অৱ ইণ্ডিয়াক ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, ইতিহাস আৰু দৰ্শনৰ এক দস্তাবেজ হিচাপে গণ্য কৰা হয়। গ্ৰন্থখন ১৯৪৪ চনত ৰচনা কৰা হৈছিল যদিও ১৯৪৬ চনতহে প্ৰকাশিত হয়।
দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া | |
---|---|
লেখক | জৱাহৰলাল নেহৰু |
দেশ | ভাৰত |
ভাষা | ইংৰাজী, হিন্দী |
বিষয় | ভাৰতীয় ইতিহাস, ভাৰতীয় সংস্কৃতি, ভাৰতৰ ৰাজনীতি, ভাৰতৰ ধৰ্ম, ভাৰতীয় ইতিহাস |
প্ৰকাশক | John Day (US) Meridian Books (UK) |
প্ৰকাশ | ১৪ নৱেম্বৰ ১৯৪৬ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ (কেঁচাবন্ধা) |
পৃষ্ঠা সংখ্যা | ৫৯৫ |
আই.এচ.বি.এন. | 978-0-19-562359-8 |
এল চি শ্ৰেণীকৰণ | DS436 .N42 1989 |
সাৰাংশ
সম্পাদনা কৰকদ্য ডিস্কভাৰী অৱ ইণ্ডিয়াত প্ৰাচীন ভাৰতৰ পৰা ব্ৰিটিছ ৰাজলৈ এক দীৰ্ঘ কালৰ বৰ্ণনা প্ৰকাশিত হৈছে। নেহৰুৱে তেওঁৰ বেদ, উপনিষদৰ জ্ঞান আৰু প্ৰাচীন ভাৰতৰ ঐতিহাসিক গ্ৰন্থসমূহৰ অধ্যয়নৰ ওপৰত ভিত্তি কৰি সিন্ধু সভ্যতাৰ পৰা বিভিন্ন বিদেশী আক্ৰমণকাৰীৰ আগমণ আৰু তাৰ ফলত সৃষ্টি হোৱা পৰিৱৰ্তিত ভাৰতলৈকে গন্থখনত বৰ্ণনা কৰিছে।
নেহৰুৱে ভাৰত ত্যাগ আন্দোলনত অংশ গ্ৰহণ কৰাৰ বাবে অন্যান্য স্বাধীনতা সংগ্ৰামী সকলৰ সৈতে কাৰাবাস খাটিব লগা হৈছিল। তেওঁ এই সময়খিনিত ভাৰতৰ ইতিহাস সম্পৰ্কে তেওঁৰ জ্ঞান আৰু চিন্তাক লিখিত ৰূপ প্ৰদান কৰিছিল। গ্ৰন্থখন ভাৰতৰ ইতিহাস, দৰ্শন আৰু সংস্কৃতিৰ এক জীৱন্ত দলিল।