হিন্দী ভাষা

মূলতঃ দক্ষিণ এছিয়াত কথিত ভাৰত-আৰ্য্য ভাষা


হিন্দী ভাষা (हिन्दी বা हिंदी) ভাৰতবৰ্ষৰ এটা চৰকাৰী (official) ভাষা। ভাৰতৰ উপৰি নেপাল, মৰিচাচত এই ভাষা প্ৰচলিত। আমেৰিকা যুক্তৰাষ্ট্ৰ, চৌদি আৰৱ, মালয়েছিয়া, চিংগাপুৰ, সংযুক্ত আৰব আমিৰাত, অষ্ট্ৰেলিয়া, ম্যানমাৰ, পাকিস্তান, আফগানিস্তান, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, নিউজিলেণ্ড, কানাডাত ভাষিক গোষ্ঠীৰ মাজত এই ভাষাৰ প্ৰচলন আছে।

হিন্দী
हिन्दी, हिंदी

দেৱনাগৰী আৰু নাস্তালিক লিপিত লিখা হিন্দী জুৱান
থলুৱা অঞ্চল ভাৰত
অঞ্চল দক্ষিণ এছিয়া
স্থানীয় ভাষিক
মাতৃভাষী ৪৮ কোটি; মুঠ ৮০ কোটি
ভাষা পৰিয়াল
লিখন প্ৰণালী দেৱনাগৰী লিপি,নাস্তালিক লিপি[1] (উনবিংশ শতিকাৰ মাজভাগলৈকে), কৈথী (ঐতিহাসিক), মহাযানী (ঐতিহাসিক)
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
 ভাৰত
স্বীকৃতিপ্ৰাপ্ত গৌণ ভাষা
নিয়মাধীন হয়
কেন্দ্ৰীয় হিন্দী নিৰ্দেশালয়
ভাষা সংকেত
ISO 639-1 hi
ISO 639-2 hin
ISO 639-3 hin

হিন্দীৰ উৎপত্তি দিল্লীৰ খৰিবুলি ভাষাৰ সৈতে আৰবী, পাৰ্চী আৰু তুৰ্কীৰ সংমিশ্ৰণত হৈছিল। মুছলমান শাসন উত্তৰ ভাৰতলৈ বিয়পিবলৈ আৰম্ভ কৰাৰ লগে লগে পাৰ্চী শব্দবোৰ স্থানীয় ভাষাত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে। হিন্দী ভাষাও সেই সময়ত খৰিবুলিৰ পৰা উদ্ভৱ হৈছিল।[3]

সময়ৰ পৰিপ্ৰেক্ষিতত, উৰ্দুক আজি এক সুকীয়া ভাষা হিচাপে ঘোষণা কৰা হৈছে, কিন্তু প্ৰধান উৰ্দু লেখকসকলে উনবিংশ শতিকাৰ আৰম্ভণিলৈকে তেওঁলোকৰ ভাষাক হিন্দী বা হিন্দৱী বুলি উল্লেখ কৰি আহিছে।

উদাহৰণ:- প্ৰখ্যাত উৰ্দু কবি গোলাম হামদান মুছহাফিয়ে নাস্তালিক লিপিত তেওঁৰ শ্বায়ৰীত লিখিছিল: -

মুসহাফি ফাৰ্সি কো তাক পহ ৰাখ, অব হেঁ অশ্বয়াৰ ই হিন্দৱী কা ৰিৱাজ[4]

আৰু মীৰ টাকি মীৰ তেওঁৰ নিজৰ শৈলীত লিখিছে:-

না জানে লোগ কেহতে হেঁ কিসকো সুৰূৰ ই ক়লৱ, আয়া নেহি য়ে লফজ তো হিন্দী জুবান কে ৱীচ। [5]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক