দ্য ফে'চ (অসমীয়া চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ (২০১৪)

দা ফে'চ (The Face) হৈছে ২০১৪ চনৰ ২৬ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন এক্‌ছনধৰ্মী আৰু ৰোমাণ্টিক অসমীয়া চলচ্চিত্ৰ। 'সন্তোষী মা প্ৰডাক্‌ছন'ৰ বেনাৰত বোলছবিখন প্ৰযোজনা কৰে বৰ্ণালী হাজৰিকাই। পৰিচালক ৰাজীৱ দত্ত আৰু সংগীত পৰিচালনা সুদীপ্ত হাজৰিকাৰ।[1]

দা ফে'চ (The Face)

চলচ্চিত্ৰখনৰ প'ষ্টাৰ
পৰিচালক ৰাজীৱ দত্ত
চিত্ৰনাট্য পলাশ পৱন
কাহিনী পলাশ পৱন
প্ৰযোজক বৰ্ণালী হাজৰিকা
(সন্তোষী মা প্ৰডাক্‌ছন)
অভিনয়ত পদ্মৰাগ গোস্বামী
হৃষভ শৰ্মা
ৰিমি হাজৰিকা
চিত্ৰগ্ৰহণকাৰী পৃথ্বীৰাজ দত্ত
জিতেন বড়ো
সম্পাদনা ঋতুৰাজ দত্ত
সংগীত পৰিচালক সুদীপ্ত হাজৰিকা
মুক্তি
২৬ ছেপ্টেম্বৰ, ২০১৪
দেশ  ভাৰত
ভাষা অসমীয়া

কাহিনী সম্পাদনা কৰক

আমাৰ সমাজৰ কিছুমান চেহেৰাই সমাজৰ উন্নতিৰ কাৰণে কাম কৰি আহিছে। এখন সুস্থ নিকা সমাজ গঢ়াই তেওঁলোকৰ লক্ষ্য। কিন্তু আমাৰ সমাজতে কিছুমান ইয়াৰ বিপৰীতধৰ্মী চেহেৰাও আছে যি নিৰন্তৰ সমাজখনক ধ্বংসৰ মুখলৈ ঠেলি দিছে। এই দুই ধৰণৰ চেহেৰাৰ উপস্থিতিত সমাজৰ কেনেধৰণে পৰিৱৰ্তন আহিব পাৰে, তাৰে আধাৰতে বোলছবিখনৰ কাহিনী নিৰ্মাণ কৰা হয়।[1]

অভিনয় শিল্পী সম্পাদনা কৰক

চলচ্চিত্ৰখনত অভিনয় কৰিছে পদ্মৰাগ গোস্বামী, হৃষভ শৰ্মা, নীড়, ৰিমি হাজৰিকা, কল্পনা, সাগৰ, মানস, হিমাংশু, নয়নজ্যোতি আদিয়ে।[1]

কলা-কুশলী সম্পাদনা কৰক

  • পৰিচালনা - ৰাজীৱ দত্ত
  • প্ৰযোজনা - বৰ্ণালী হাজৰিকা
  • কাহিনী/চিত্ৰনাট্য/সংলাপ - পলাশ পৱন
  • চিত্ৰগ্ৰহণ - পৃথ্বীৰাজ দত্ত, জিতেন বড়ো
  • নৃত্য নিৰ্দেশনা - গৌতম ৰাভা
  • সম্পাদনা - ঋতুৰাজ দত্ত
  • এক্‌ছন নিৰ্দেশনা - প্ৰদীপ, ভবেশ[2]

সংগীত সম্পাদনা কৰক

দা ফে'চ চলচ্চিত্ৰখনৰ সংগীত পৰিচালক সুদীপ্ত হাজৰিকা। গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, বৰ্ণালী কলিতা, সীমান্ত শেখৰ, প্ৰিয়ংকা ভৰালী, অনামিকা চৌধুৰী, সুদীপ্ত নয়ন আৰু শৰ্মিষ্ঠা গোস্বামীয়ে।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "New Assamese Film "The Face"". Creativica. ১১ ছেপ্টেম্বৰ, ২০১৪. Archived from the original on 2014-08-31. https://web.archive.org/web/20140831003905/http://creativica.in/news-n-events/news-events/new-assamese-film-the-face। আহৰণ কৰা হৈছে: ১৫ অক্টোবৰ, ২০১৪. 
  2. "The Face - Action and Romantic Assamese Film". Assamese Culture. http://assameseculture.com/news/the-face-new-action-and-romantic-assamese-film/। আহৰণ কৰা হৈছে: ১৫ অক্টোবৰ, ২০১৪.