জুবিন গাৰ্গ
জুবিন গাৰ্গ (ইংৰাজী: Zubeen Garg) ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা।[2] অসমীয়া, হিন্দী ভাষা, বঙালী, বড়ো, কোচ-ৰাজবংশী, কমতাপুৰী, গোৱালপাৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী, ককবৰক, ওড়িয়া, তামিল, তেলুগু, কন্নড়, ইংৰাজী, আদি, গালো, মালয়ালম, মাৰাঠী আদি বিভিন্ন ভাষাত তেওঁ কণ্ঠদান কৰিছে।[3]
জুবিন গাৰ্গ | |
---|---|
![]() গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানত জুবিন | |
প্ৰাথমিক তথ্য | |
জন্মৰ নাম | জুবিন বৰঠাকুৰ |
আন নাম | গ'ল্ডি[1] অসমৰ হাৰ্টথ্ৰব |
জন্ম | ১৮ নবেম্বৰ, ১৯৭২ তুৰা, মেঘালয়, ভাৰত |
সংগীতৰ প্ৰকাৰ | নেপথ্য গায়ক, বিহু |
পেচা | নেপথ্য গায়ক, সংগীত পৰিচালক[2], গীতিকাৰ, সংগীত ব্যৱস্থাপক, চলচ্চিত্ৰ অভিনেতা, পৰিচালক, বাদ্যযন্ত্ৰী, কবি। |
বাদ্যযন্ত্ৰ | কী-বৰ্ড, গিটাৰ, তবলা, মেণ্ডোলিন, দগৰ, প্যাৰকাচন আদি। |
কাৰ্যকাল | ১৯৯২ - বৰ্তমানলৈ |
ৰেকৰ্ড লেবেল | বিভিন্ন |
১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পায়।[4] ইয়াৰ লগে লগেই জুবিন পেছাদাৰী সংগীত জগতখনত জড়িত হৈ পৰে।[3] জুবিনে ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও এজন কৃতী কীবৰ্ড প্লেয়াৰ।[3]
বঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছিল।[3] হিন্দীৰ য়া আলি গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা (পুৰুষ) লাভ কৰিছে। ইয়াৰ উপৰি Echoes of Silence (ইংৰাজী-খাচী)ৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) বঁটা লাভ কৰে।[5] আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাব ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়।[6]
বংশ আৰু পৰিয়ালসম্পাদনা কৰক
১৯৭২চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হয়।[3][1] জুবিনৰ পিতৃৰ নাম হৈছে মোহিনী. এম. বৰঠাকুৰ আৰু মাতৃৰ নাম আছিল স্বৰ্গীয়া ইলি বৰঠাকুৰ।[7] প্ৰথমতে জুবিনৰ নাম আছিল জুবিন বৰঠাকুৰ। প্ৰসিদ্ধ গীতিকাৰ জুবিন মেহতাৰ নামত জুবিনৰ নাম ৰখা হৈছিল আৰু গোত্ৰৰ নামটো তেওঁ উপাধি হিচাপে ব্যৱহাৰ কৰে।[8][3][8]
জুবিনৰ পৰিয়াল মূলতে শিৱসাগৰ জিলাৰ জাঁজীৰ। জুবিনৰ দেউতাক কৰ্মসূত্ৰে মেজিষ্ট্ৰেট আছিল[8] আৰু চাকৰি জীৱনৰ প্ৰথমছোৱাত সঘনাই ইঠাই-সিঠাইলৈ বদলি হ'বলগীয়া হৈছিল।[7] স়েয়েহে কণমানি জুবিনৰ ল'ৰালিকালছোৱা বহু ঠাইৰ অভিজ্ঞতাৰে ভৰা। জুবিনৰ পিতৃয়েও কপিল ঠাকুৰৰ ছদ্মনামত কবিতা আৰু গল্প লিখে।[8][9] জুবিনৰ মাতৃ স্বৰ্গীয়া ইলি বৰঠাকুৰ এগৰাকী দক্ষ নৃত্যশিল্পী, অভিনেত্ৰী আৰু সুগায়িকা আছিল। তথাপি তেওঁ নিজৰ প্ৰতিভাক পেছা হিচাপে লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ কণমানি জুবিনক ঘৰতেই সকলো কলা শিকোৱাৰ সিদ্ধান্ত লৈছিল। জুবিনে জীৱনৰ প্ৰথম গুৰু বুলি নিজৰ মাতৃকেই বিবেচনা কৰে। জুবিনৰ ভগ্নী দুগৰাকী: জংকী বৰঠাকুৰ আৰু পাল্মী বৰঠাকুৰ। জংকী এগৰাকী গায়িকা আৰু অভিনেত্ৰী আছিল।[1] দূৰ্ভাগ্যজনকভাৱে ২০০২ চনত তেজপুৰত ঘটা এটা শোকাৱহ মটৰ দুৰ্ঘটনাত জংকীৰ মৃত্যু হয়।[8][10] ইয়াৰ পিছতে জুবিনে জংকিৰ স্মৃতিত শিশু নামৰ এটা এলবাম মুক্তি দিয়ে। আনগৰাকী ভগ্নী পাল্মী ভাৰত নাট্যম নৃত্যশিল্পী।[8] ২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত জুবিন গাৰ্গ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হয়।
শিক্ষাসম্পাদনা কৰক
জুবিনে জীৱনৰ প্ৰথম গুৰু বুলি নিজৰ মাতৃকেই বিবেচনা কৰে।[9] গুৰু ৰবীন বেনাৰ্জীৰ পৰা জুবিনে তবলা শিক্ষাৰে সংগীত শিক্ষা আৰম্ভ কৰিছিল।[8] তাৰ পিছত গুৰু ৰমণী ৰায়ৰ ওচৰত অসমীয়া লোক সংগীত শিকি এই শিক্ষা অব্যাহত ৰাখিছিল।[9] তেওঁ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছিল। পাছত তেওঁলোকৰ পৰিয়ালে গুৱাহাটীলৈ স্থায়ীভাৱে থাকিবলৈ গুচি অহাৰ কাৰণে জুবিনেও যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি.বৰুৱা কলেজলৈ বিদ্যায়তনিক ঠিকনা সলনি কৰিব লগা হৈছিল য'ত তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰীৰ শিক্ষা গ্ৰহণ কৰিছিল।[9] কিন্তু সংগীতৰ ক্ষেত্ৰখনৰ লগত সম্পূৰ্ণৰূপে নিজকে নিয়োজিত কৰিব লগা হোৱাত তেওঁ কলেজীয়া শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে, তেওঁৰ স্নাতক শিক্ষা আধৰুৱা হৈ থাকিল।
কণ্ঠশিল্পীৰূপে পৰিচয়সম্পাদনা কৰক
১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য একক পৰিৱেশনত স্বৰ্ণ পদক অৰ্জন কৰাটোৱেই আছিল জুবিনৰ জীৱনৰ টাৰ্ণিং পইণ্ট।[9] ইয়াতেই জুবিনে কণ্ঠশিল্পীৰূপে জীৱনত প্ৰথমবাৰৰ বাবে সফলতা আৰু বিশ্বাসৰ সোৱাদ পায়। ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও জুবিন এজন কৃতী কী-বৰ্ড প্লেয়াৰ।[7] ১৯৯২ চনত প্ৰথম এলবাম অনামিকা মুক্তি হোৱাৰ লগে লগে তেওঁ পেছাদাৰী সংগীত জগতখনত সোমাই পৰে।[9][7][11] এই অগতানুগতিক এলবামটোয়ে অতি কম সময়তেই সমগ্ৰ উত্তৰ-পূব ভাৰতত ইন্ষ্টেণ্ট হিটৰূপে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহন কৰিছিল[7] আৰু আহি থকা একৈশ শতিকাৰ অসমীয়া সংগীতৰ দৃশ্যপটৰে নতুন সংজ্ঞা দাঙি ধৰিছিল। তাৰ পিছত, জুবিনে পিছলৈ আৰু ঘূৰি চাব লগা হোৱা নাই। নিজৰ নামতে প্ৰায় চল্লিশটাকৈ এলবামৰ উপৰিও ভালেকেইখন হিন্দীৰ লগতে বঙালী আৰু ২৪ খনতকৈ অধিক অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনাৰে জুবিনে সংগীত কেৰিয়াৰ অব্যাহত ৰাখিছে। তেওঁৰ শেহতীয়া বঙালী চিনেমা 'শুধু তুমি'ৰ কাৰণে ২০০৫ চনত তেওঁ শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছে।[9] যদিও জুবিনে নিজকে এজন সংগীতজ্ঞ বুলিহে গণ্য কৰে, তথাপিও এতিয়ালৈকে হিন্দী, তামিল, তেলুগু, পঞ্জাবী, ওড়িয়া, মাৰাঠী, নেপালী আদিকে ধৰি বিভিন্ন ভাষাত তেওঁ ৯,০০০-তকৈ অধিক গীত গাইছে।[8] ফিজা, কাঁটে, মুড্ডা, ব্ৰাইডছ ৱাণ্টেড, গেংষ্টাৰ, প্যাৰ কে ছাইড ইফেক্ট ইত্যাদিৰ দৰে চলচ্চিত্ৰত হিন্দীত জুবিনৰ সংগীত আৰু কণ্ঠৰ কৰ্মৰাজিৰ নিদৰ্শন পোৱা যায়।[12] ২০০০ চনত জুবিনে তেওঁৰ নিজা অসমীয়া চলচ্চিত্ৰ তুমি মোৰ মাথোঁ মোৰৰ কাহিনী লিখিছিল, পৰিচালনা আৰু অভিনয় কৰিছিল। ২০০৫ চনত ৰাষ্ট্ৰীয় বঁটা পোৱা আন এখন অসমীয়া চলচ্চিত্ৰ দীনবন্ধুত জুবিনে অভিনয় কৰাৰ উপৰিও সহ-প্ৰযোজনা কৰিছিল আৰু সংগীতেৰে সজাইছিল।[5] তেওঁ সঞ্জয় ঝাৰ দ্বাৰা পৰিচালিত হিন্দী চিনেমা ষ্ট্ৰীংছৰ সংগীত পৰিচালনা কৰিছিল। তেওঁ কণ্ঠদান কৰা অন্যান্য ছবিসমূহ হ'ল- গেংষ্টাৰ, গুড বয় বেড বয়, প্যাৰ কে চাইড এফেক্টছ, বিগ ব্ৰাদাৰ, হামাৰি অধুৰি কাহানী আদি।
বিতৰ্কসম্পাদনা কৰক
জুবিন গাৰ্গ কেইবাবাৰো বিতৰ্কৰ মাজত সোমাই পৰিছে। গান গাই থকা অৱস্থাত জখলা বগোৱাকে ধৰি মঞ্চত কৰা কেতবোৰ কাণ্ডৰ বাবে বাবে তেওঁক কেইবাবাৰো সমালোচনা কৰা হৈছে।[13][14] ২০১১ চনৰ ছেপ্টেম্বৰত তেওঁ "অসম বন্ধ"ৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল কিন্তু পিছলৈ সেয়া উঠাই লয়।[15]
- ভূপেন হাজৰিকাৰ অন্ত্যেষ্টিক্ৰিয়া
২০১১ চনৰ ৯ নৱেম্বৰত গুৱাহাটীৰ জালুকবাৰীত অৱস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত ড॰ ভূপেন হাজৰিকালৈ অন্তিম শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছিল।[16] সেই অনুষ্ঠানটোত এটা হালধীয়া বৰণৰ গেঞ্জী, মূৰত এখন কাপোৰ ইত্যাদি ৰূপেৰে জুবিনে দেখা দিছিল। জুবিনৰ সেই পোছাকযোৰক লৈ সমগ্ৰ অসমজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। এই কাৰ্যৰ বাবে সমগ্ৰ অসমতে তীব্ৰ তৰ্কাতৰ্কি আৰম্ভ হ'ল। অৱশেষত জুবিন গাৰ্গে ক্ষমা প্ৰাৰ্থনা বিচাৰি বিতৰ্কৰ শেষ কৰিছিল।[16]
- বিহু মঞ্চত হিন্দী গান
২০১৩ চনত নিষিদ্ধ ঘোষিত সংগঠন আলফাই অসমৰ গায়কসকলক বিহু মঞ্চত হিন্দী গীত পৰিৱেশন নকৰিবলৈ আদেশ কৰে। কিন্তু এই আদেশ অমান্য কৰি জুবিন গাৰ্গে লতাশিল বিহু মঞ্চত তেওঁৰ জনপ্ৰিয় হিন্দী গান "য়া আলী" পৰিবেশন কৰে। ইয়াৰ প্ৰতিক্ৰিয়াত আলফাৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাই জুবিন গাৰ্গক "ভাৰতীয় সাংস্কৃতিক আগ্ৰাসনৰ এজেণ্ট" বুলি অভিহিত কৰি তেওঁক সংঘাতৰ বাবে সাৱধান কৰি দিয়ে।[17] এই ঘটনাত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে জুবিনক সমৰ্থন কৰি তেওঁক নিৰাপত্তা প্ৰদান কৰে।[18] অৱশ্যে দুদিনমান পিছত এই বিবাদৰ মীমাংসা হয়।
জুবিন গাৰ্গ সম্পৰ্কত বিভিন্নজনসম্পাদনা কৰক
অসমৰ কবি-সাহিত্যিক-গীতিকাৰ হীৰেন ভট্টাচাৰ্য-ই জুবিন গাৰ্গৰ জনপ্ৰিয়তা[19]সম্পৰ্কে কৈছে-
জুবিন সঁচাই আচৰিত৷ ইমান কম বয়সতে, ইমান সোনকালে জনপ্ৰিয়তা লাভ কৰা দেখি আচৰিত হওঁ৷ জুবিন কোনো ৰেডিঅ'ৰ শিল্পী নহয়৷ দূৰদৰ্শনৰ শিল্পী নহয় বা তেনেধৰণৰ কোনো বেকগ্ৰাউণ্ডো নাই৷ জুবিনে যোগ্যতাৰ ভিত্তিত জনপ্ৰিয়তা পাইছে নি:সন্দেহে৷
সংগীতৰ কেৰিয়াৰসম্পাদনা কৰক
অসমীয়া এলবামসম্পাদনা কৰক
- অনামিকা (১৯৯২)
- অনুৰাধা (১৯৯২)
- মায়া (১৯৯৪)
- আশা (১৯৯৫)
- জুবিনৰ গান (১৯৯৬)
- ৰং (১৯৯৬)
- মুক্তি (১৯৯৭)
- শব্দ (১৯৯৮)
- স্নিগ্ধ জোনাক (১৯৯৮)
- মেঘৰ বৰণ (১৯৯৯)
- পাখি (১৯৯৯)
- ৰাংঢালী (১৯৯৯)
- সপোন (১৯৯৯)
- হিয়া মন (২০০১)
- শিশু (২০০২)
- বান্ধৈ (২০০২)
- আকৌ হিয়া মন (২০০২)
- চিনাকি মন (২০০৩)
- পকা ধানে ৰিঙিয়াই (২০০৩)
- লাজুকী মন (২০০৪)
- যন্ত্ৰ (২০০৪)
- ডেউকা (২০০৫)
- চিনাকি সুৰ (২০০৫)
- আছেনে কোনোবা হিয়াত (২০০৬)
- মুখা (২০০৬)
- সন্ধ্যা (২০০৬)
- বৰষুণ (২০০৬)
- উন্মনা মন (২০০৬)
- ৰিঙা ৰিঙা মন (২০০৬)
- দিলৰুবা (২০০৭)
- উৰণীয়া মন (২০০৭)
- জোনাকী মন (২০০৮)
- ৰুমাল (২০০৮)
- মোৰ প্ৰিয় গীত (২০০৮)
- অভিমানী মন (২০০৯)
- মোৰ গানত জ্বলে (২০০৯)
- অবুজন মন (২০১০)
- গান (২০১১)
- সোণালী মন (২০১১)
- ৰুণজুন (২০১২)
- ৰ'ক (Rock) (২০১২)
- বাঁহী (২০১৩)
- পথ (২০১৪)
- কিং (King) (২০১৫)
- ৰংমন
- মনে মনে
- নিৰিবিলি গধূলি
- আলসুৱা মন
- চিনাকি সুৰ
- ভৰ দুপৰীয়া
- হিৰ'
- সপোনৰ সুৰ
- কোন তুমি
- সন্ধ্যাতৰা খণ্ড-১
- সন্ধ্যাতৰা খণ্ড-২
- পাৰিজাত
- মা
- চিলা (২০২০)
হিন্দী আৰু বঙালী এলবামসম্পাদনা কৰক
সংগীত পৰিচালনাসম্পাদনা কৰক
অসমীয়া ছবি | |||
---|---|---|---|
বৰ্ষ | কথাছবি | পৰিচালক | অন্যান্য তথ্য |
২০১৯ | কাঞ্চনজংঘা | জুবিন গাৰ্গ | |
২০১৯ | ৰত্নাকৰ | যতীন বৰা | |
২০১৭ | প্ৰিয়াৰ প্ৰিয় | মুনিন বৰুৱা | |
২০১৭ | মিছন চাইনা | জুবিন গাৰ্গ | |
২০১৫ | গানে কি আনে | ৰাজেশ যশপাল | |
২০১৪ | ৰ'দৰ চিঠি | বাহাৰুল ইছলাম | |
২০১২ | এখন নেদেখা নদীৰ সিপাৰে | বিদ্যুৎ কটকী | |
২০০৮ | মন যায় | এম মণিৰাম | |
২০০৬ | আমি অসমীয়া | ৰাজীৱ ভট্টাচাৰ্য্য | |
২০০৬ | অধিনায়ক | যতীন বৰা | |
২০০৪ | দীনবন্ধু | মুনিন বৰুৱা | |
২০০৪ | ৰং | মুনিন বৰুৱা | |
২০০৪ | বাৰুদ | মুনিন বৰুৱা | |
২০০৩ | এইয়েই জোনাক বিহীন জীৱন | মুন্না আহমেদ | আৱহ সংগীত |
২০০৩ | অগ্নিসাক্ষী | যদুমণি দত্ত | |
২০০৩ | বিধাতা | মুনিন বৰুৱা | |
২০০৩ | প্ৰিয়া মিলন | মুন্না আহমেদ | |
২০০৩ | জুমন সুমন | মহিবুল হক | |
২০০২ | প্ৰেম আৰু প্ৰেম | শম্ভু গুপ্তা | |
২০০২ | জীৱন নদীৰ দুটি পাৰ | মুন্না আহমেদ | |
২০০২ | কন্যাদান | মুনিন বৰুৱা | |
২০০১ | নায়ক[3] | মুনিন বৰুৱা | |
২০০১ | শেষ উপহাৰ | গোপাল বৰঠাকুৰ | |
২০০১ | দাগ | মুনিন বৰুৱা | |
২০০০ | তুমি মোৰ মাথোঁ মোৰ | জুবিন গাৰ্গ | |
২০০০ | হিয়া দিয়া নিয়া[3] | মুনিন বৰুৱা | |
অন্য ভাষা | |||
বৰ্ষ | কথাছবি | ভাষা | অন্যান্য তথ্য |
২০১৬ | দিল তো দীৱানা হে | হিন্দী | মুক্তিপ্ৰাপ্ত |
২০১২ | As The River Flows | হিন্দী | মুক্তিপ্ৰাপ্ত |
২০০৬ | Strings- Bound By Faith | হিন্দী | মুক্তিপ্ৰাপ্ত |
২০০৫ | শুধু তুমি | বঙালী | মুক্তিপ্ৰাপ্ত |
অভিনয় জীৱনসম্পাদনা কৰক
অভিনীত ছবিসম্পাদনা কৰক
বৰ্ষ | কথাছবি | পৰিচালক | তথ্য |
---|---|---|---|
২০২২ | ৰাজনীতি | মঞ্জিত শৰ্মা | |
২০১৯ | কাঞ্চনজংঘা | জুবিন গাৰ্গ | |
২০১৮ | দ্য আণ্ডাৰৱ'ৰ্ল্ড | ৰাজেশ যশপাল | |
২০১৭ | প্ৰিয়াৰ প্ৰিয় | মুনিন বৰুৱা | |
২০১৭ | মিছন চাইনা | জুবিন গাৰ্গ | |
২০১৬ | গানে কি আনে | ৰাজেশ যশপাল | |
২০১৬ | সাত নম্বৰৰ সন্ধানত | আব্দুল মজিদ | বিশেষ এভূমুকি |
২০১৫ | অহেতুক | বাণী দাস | বিশেষ এভূমুকি |
২০১৪ | ৰ'দৰ চিঠি | বাহাৰুল ইছলাম | |
২০১১ | ৰামধেনু | মুনিন বৰুৱা | বিশেষ এভূমুকি |
২০০৮ | মন যায় | এম মণিৰাম | |
২০০৪ | দীনবন্ধু[3] | মুনিন বৰুৱা | |
২০০২ | প্ৰেম আৰু প্ৰেম | শম্ভু গুপ্তা | বিশেষ এভূমুকি |
২০০০ | তুমি মোৰ মাথোঁ মোৰ[7] | জুবিন গাৰ্গ | |
২০২৩ | ডক্টৰ বেজবৰুৱা ২ | নিপন গোস্বামী |
বঁটা আৰু সন্মানসম্পাদনা কৰক
বৰ্ষ | শ্ৰেণী | কথাছবি / গীত | বঁটা | ফলাফল |
---|---|---|---|---|
২০১৪ | ৰেনেছাঁ অসম বঁটা[6] | বিজয়ী | ||
২০০৭ | শ্ৰেষ্ঠ সংগীত পৰিচালক | Echoes of Silence (Short film) ইংৰাজী-খাচী ভাষা |
ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) | বিজয়ী |
২০০৬ | শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা (পুৰুষ) | গেংগষ্টাৰ (য়া আলি) | গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড (GIFA)[21] | বিজয়ী |
২০০৬ | নিউ মিউজিকেল চেন্সেচন বঁটা (পুৰুষ) | গেংগষ্টাৰ (য়া আলি) | মেক্স ষ্টাৰডাষ্ট এৱাৰ্ড[5] | বিজয়ী |
২০০৬ | শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা (পুৰুষ) | গেংষ্টাৰ (য়া আলি) | ফিল্ম ফেয়াৰ এৱাৰ্ড | মনোনীত |
২০০৫ | শ্ৰেষ্ঠ সংগীত পৰিচালক | শুধু তুমি | BFJA | বিজয়ী |
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ 1.0 1.1 1.2 1.3 "ZUBEEN GARG Biography at hindilyrics.net". hindilyrics.net. http://www.hindilyrics.net/profiles/zubeen-garg.html। আহৰণ কৰা হৈছে: January 19, 2013.
- ↑ 2.0 2.1 "জুবিন গাৰ্গ". xobdo.org. http://www.xobdo.org/asm/%E0%A6%9C%E0%A7%81%E0%A6%AC%E0%A6%BF%E0%A6%A8%20%E0%A6%97%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%97। আহৰণ কৰা হৈছে: January 19, 2013.
- ↑ 3.0 3.1 3.2 3.3 3.4 3.5 3.6 3.7 3.8 "About Zubeen Garg in Onlinesivasagar.com". Abhijit Borah. onlinesivasagar.com. http://onlinesivasagar.com/music/zubeen-garg.html। আহৰণ কৰা হৈছে: January 19, 2013.
- ↑ "About Zubeen's debut album Anamika at futuresounds.com". futuresounds.com. http://www.futuresounds.in/store/anamika/। আহৰণ কৰা হৈছে: 4 September 2015.
- ↑ 5.0 5.1 5.2 "awards won by zubeen garg at gomolo.com". gomolo.com. http://www.gomolo.com/awards-won-by-zubeen-garg/6236। আহৰণ কৰা হৈছে: 4 September 2015.
- ↑ 6.0 6.1 "জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা". আমাৰ অসম. ১৩ মাৰ্চ ২০১৫.
- ↑ 7.0 7.1 7.2 7.3 7.4 7.5 Runa Borah (28-Feb-2010). "Profile of Zubeen Garg - Singer, Music composer of Assam". SpiderWorks Technologies Pvt Ltd., Kochi, India. http://www.assamspider.com/resources/2469-Profile-Zubin-Garg-Singer-Music-composer.aspx। আহৰণ কৰা হৈছে: January 19, 2013.
- ↑ 8.0 8.1 8.2 8.3 8.4 8.5 8.6 8.7 "ZUBEEN GARG Biography". entertainment.oneindia.in. http://entertainment.oneindia.in/celebs/zubeen-garg/biography.html। আহৰণ কৰা হৈছে: January 19, 2013.
- ↑ 9.0 9.1 9.2 9.3 9.4 9.5 9.6 "ZUBEEN GARG Biography at koffii.com". koffii.com. http://www.koffii.com/celebritydetails.aspx?CelebrityId=175। আহৰণ কৰা হৈছে: January 19, 2013.
- ↑ "Jonkey Barthakur dies in car mishap". North East News Agency (NENA). NENA. February 7 - 21, 2002. http://www.nenanews.com/NEE%20Feb.7-21,%2002/oh11.htm। আহৰণ কৰা হৈছে: January 19, 2013.
- ↑ Runa Borah (01-Mar-2010). "Songs of Zubeen Garg -How to listen online". SpiderWorks Technologies Pvt Ltd., Kochi, India. http://www.assamspider.com/resources/2470-Assamese-song-Albums-Zubin-Garg.aspx। আহৰণ কৰা হৈছে: January 19, 2013.
- ↑ "Songs of Zubeen Garg". gomolo.com. http://www.gomolo.com/zubeen-garg-movies-list-filmography/6236। আহৰণ কৰা হৈছে: 4 September 2015.
- ↑ "Controversy does not seem to get away from Zubeen Garg". Dy365. 3009-02-12. http://www.dy365.in/coockery/news.php?aID=88। আহৰণ কৰা হৈছে: 2013-04-27.
- ↑ "Zubeen Garg into controversy again". Times of Assam. 2010-08-26. http://www.timesofassam.com/headlines/zubin-garg-into-controversy-again/। আহৰণ কৰা হৈছে: 2013-04-27.
- ↑ "Zubeen on 'stop-bandh' mission". The Times of India. 2011-09-05. http://articles.timesofindia.indiatimes.com/2011-09-05/guwahati/30115068_1_assam-bandh-bandh-culture-fir। আহৰণ কৰা হৈছে: 2013-04-27.
- ↑ 16.0 16.1 "গায়ক জুবিনঃ আপদ জুবিন". Pallav Pran Goswami.. barnamala. NOVEMBER 11, 2011. http://barnamaala.blogspot.com/2011/11/blog-post_11.html। আহৰণ কৰা হৈছে: January 20, 2013.
- ↑ Ratnadip Choudhury (2013-04-19). "Zubeen hits the wrong notes for ULFA". Tehelka.com. http://tehelka.com/zubeen-hits-the-wrong-notes-for-ulfa/। আহৰণ কৰা হৈছে: 2013-04-27.
- ↑ "'Ya Ali' singer Zubeen Garg provided security after ULFA threat". The Indian Express. 2013-04-22. http://www.indianexpress.com/news/ya-ali-singer-zubeen-garg-provided-security-after-ulfa-threat/1105979/। আহৰণ কৰা হৈছে: 2013-04-27.
- ↑ ভট্টাচাৰ্য, হীৰেন, অনুলেখন : মণ্টু শইকীয়া (জানুৱাৰী, ২০০৯). জুবিন গাৰ্গ জীৱনৰ পৰা গানলৈ. প্ৰকাশক গুৱাহাটী: চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ১,২.
- ↑ "মেৰে লিয়ে (2001) - হিন্দী এলবাম, ট্ৰেকলিষ্ট, সম্পূৰ্ণ এলবাম বিৱৰণ আৰু অধিক (আৰ্কাইভ কৰা)" (en ভাষাত). ZG Discography. https://web.archive.org/web/20210828180443/http://www.zubeendiscography.com/2021/08/451265843261439035.html। আহৰণ কৰা হৈছে: ২০২১-০৯-০৯.
- ↑ "Zubeen wins GIFA award". zubeengarg.blogspot.in. http://zubeengarg.blogspot.in/2007/07/zubeen-wins-gifa-award.html। আহৰণ কৰা হৈছে: 4 September 2015.
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত জুবিন গাৰ্গ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- ফেইচবুকত জুবিন গাৰ্গ
- টুইটাৰত জুবিন গাৰ্গ
- ইনষ্টাগ্ৰামত জুবিন গাৰ্গ
- জুবিন গাৰ্গ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।