দ্য ৱৰ্থ অৱ ৱিমেন
ইল মেৰিটো ডেলে ডনে (Il merito delle donne), সাধাৰণতে অনুবাদ কৰা দ্য ৱৰ্থ অৱ ৱিমেন: ৱেৰেইন ইজ ক্লিয়াৰলি ৰিভিলড দেয়াৰ নোবিলিটি এণ্ড দেয়াৰ চুপিৰিয়েৰিটি টু মেন হৈছে মডেৰাটা ফণ্টেৰ এটা সংলাপ যিটো প্ৰথমবাৰৰ বাবে ১৬০০ চনত মৰণোত্তৰভাৱে প্ৰকাশ পাইছিল। এয়া হৈছে ভেনিচৰ সাতগৰাকী মহিলাৰ মাজত হোৱা সংলাপ, য’ত নাৰীৰ মূল্য আৰু লিংগৰ মাজৰ পাৰ্থক্যৰ বিষয়ে অতি সাধাৰণভাৱে আলোচনা কৰা হৈছে। শিৰোনামটো দ্য মেৰিটছ অৱ ৱমেন ৰূপে অনুবাদ কৰা হৈছে।
দ্য ৱৰ্থ অৱ ৱিমেন: ৱেৰেইন ইজ ক্লিয়াৰলি ৰিভিলড দেয়াৰ নোবিলিটি এণ্ড দেয়াৰ চুপিৰিয়েৰিটি টু মেন | |
---|---|
Il Merito Delle Donne.jpg | |
লেখক | মডেৰাটা ফণ্টে |
শিৰোনাম | ইল মেৰিটো ডেলে ডনে |
ভাষা | ইটালিয়ান |
মিডিয়া প্ৰকাৰ | ছপা |
পটভূমি
সম্পাদনা কৰকদ্য ৱৰ্থ অৱ ৱমেনত দুদিনৰ ভিতৰত ভেনিচৰ সাতগৰাকী সম্ভ্ৰান্ত মহিলাৰ মাজত হোৱা সংলাপৰ চিত্ৰণ কৰা হৈছে। প্ৰথম দিনাই মহিলাসকলে পুৰুষ ভাল নে বেয়া সেই বিতৰ্ক কৰাৰ লগতে নাৰীৰ মৰ্যাদাৰ সম্পৰ্কেও আলোচনা কৰে। দ্বিতীয় দিনা, তেওঁলোকে প্ৰাকৃতিক ইতিহাস আৰু সংস্কৃতিৰ সাধাৰণ জ্ঞানৰ এক অৱলোকন ওপৰত আলোচনা কৰে। কিন্তু লগতে লিংগ সম্পৰ্কীয়-আলোচনালৈ তেওঁলোক পুনৰ উভতি আহে। দুয়োটা দিনতে বিবাহ আৰু যৌতুক বিষয়ৰ ওপৰত সমালোচনা আৰু আলোচনা হয়।[1]
চৰিত্ৰ
সম্পাদনা কৰক১. এড্ৰিয়ানা - এগৰাকী বৃদ্ধা বিধৱা
২. ভাৰ্জিনিয়া - ডেকা আৰু অবিবাহিত, এড্ৰিয়ানাৰ ছোৱালী
৩. লিওনোৰা - এগৰাকী যুৱতী বিধৱা
৪. লুক্ৰেটিয়া - এগৰাকী বয়সস্থ বিবাহিত মহিলা
৫. কৰ্নেলিয়া - এগৰাকী যুৱতী, বিবাহিত মহিলা
৬. কৰিন্না - এগৰাকী তৰুণ "dimmessa"
৭. হেলেনা - এগৰাকী যুৱতী, যিয়ে শেহতীয়াকৈ বিয়া কৰাইছে
বিকাশ
সম্পাদনা কৰকফণ্টেৰ জীৱনীকাৰৰ মতে ১৫৯২ চনত ফণ্টে মৃত্যুৰ ঠিক আগতেই দ্য ৱৰ্থ অৱ ৱিমেন সম্পূৰ্ণ কৰিছিল।[2] ফণ্টেৰ এগৰাকী কন্যাই দাবী কৰিছিল যে ফণ্টে "প্ৰসৱৰ সময়ত মৃত্যুৰ ঠিক আগদিনা" দ্য ৱৰ্থ অৱ ৱিমেনখন শেষ কৰিছিল।[3]
দ্য ৱৰ্থ অৱ ৱিমেন ডিকেমেৰুনৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত হৈছিল আৰু এই বিষয়ে ফণ্টে প্ৰায়ে গ্ৰন্থখনত উল্লেখ কৰিছিল।[4] ফণ্টেৰ কামে পেট্ৰাৰ্কৰ "চনেট ২৬৩" আৰু অৰলেণ্ডো ফুৰিঅ'চো দুয়োৰে পৰা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে উদ্ধৃতি দাঙি ধৰিছে।[5][6]ফণ্টেৰ কামৰ সংলাপ শৈলী বলদাচাৰে কাষ্টিগ্লিওন আৰু পিয়েট্ৰো বেম্বোৰ দ্বাৰা প্ৰভাৱিত হৈছিল।[7]
ভাৰ্জিনিয়া কক্সে দাবী কৰে যে ষোড়শ শতিকাৰ শেষৰ ফালে ইটালীৰ পৰিৱৰ্তনশীল অৰ্থনীতিৰ দ্বাৰা এই কৰ্মটি প্ৰভাৱিত হৈছিল।
এই সময়ছোৱাত ভেনিছৰ সম্ভ্ৰান্ত মহিলাসকলৰ বিবাহৰ সম্ভাৱনা হ্ৰাস হোৱাৰ ফলত কনভেণ্টত প্ৰৱেশ কৰা মহিলাৰ সংখ্যা বৃদ্ধি পাইছিল। অৱশ্যে, কনভেণ্টত মহিলাৰ সংখ্যা বৃদ্ধি হোৱাৰ অৰ্থ হৈছে যে মহিলাসকলৰ বাবে সন্ন্যাসিনী (Nuns) হোৱাও ক্ৰমান্বয়ে ব্যয়বহুল হৈ পৰিছিল।
তাৰ পিছত বহু পৰিয়ালে নিজৰ অবিবাহিত কন্যাক কনভেণ্টলৈ পঠিয়াব পৰা নাছিল যাৰ ফলত কক্সে বৰ্ণনা কৰা ধৰণে "ধৰ্মনিৰপেক্ষ স্পিনষ্টাৰৰ প্ৰায় অভূতপূৰ্ব ব্যক্তিত্ব"ৰ প্ৰৱৰ্তন ঘটিছিল।[8] কক্সে যুক্তি দিছিল যে এই অভূতপূৰ্ব সংখ্যক স্পিনষ্টাৰ আৰু সন্ন্যাসীয়ে ষোড়শ শতিকাৰ শেষৰ ফালে ভেনিছত মহিলাসকলক তেওঁলোকৰ দুৰ্বলতা আৰু শক্তিহীনতাৰ বিষয়ে অধিক সজাগ হ'বলৈ বাধ্য কৰিছিল আৰু এনেদৰে দ্য ৱৰ্থ অফ ৱিমেনত মহিলাৰ যৌতুকক কেন্দ্ৰ কৰি ফণ্টেৰ যুক্তিসমূহক প্ৰভাৱিত কৰিছিল।[9]
প্ৰকাশৰ ইতিহাস
সম্পাদনা কৰকদ্য ৱৰ্থ অৱ ৱমেন প্ৰথমবাৰৰ বাবে ১৬০০ চনত প্ৰকাশিত হৈছিল।[10][11] প্ৰথম সংস্কৰণৰ আৰম্ভণিতে জিঅভান্নি নিকোলো ডগ্লিঅ’নিয়ৰ দ্বাৰা লিখা ফণ্টেৰ জীৱনী এখনে প্ৰেৰিত কৰিছিল।[2] প্ৰকাশৰ পূৰ্বে পাঠটোত ডগ্লিঅ’নিয়ে কি পৰিৱৰ্তন কৰিছিল, সেয়া স্পষ্ট নহয়।[2] এই পাঠৰ সৈতে ফণ্টেৰ জীয়ৰী চিচিলিয়া জৰ্জিৰ পৰা ১৪ বছৰীয়া লিভিয়া ডেলা ৰোভাৰালৈ উৎসৰ্গা কৰা হৈছিল।[12] ১৬০৩ চনত এই গ্ৰন্থখনে দ্বিতীয়বাৰৰ বাবে ছপাশাললৈ যায়।[13]
ইউনিভাৰ্চিটি অৱ চিকাগো প্ৰেছে ১৯৯৭ চনত তেওঁলোকৰ অদাৰ ভইচ ইন আৰলি মডাৰ্ণ ইউৰোপ ছিৰিজৰ অংশ হিচাপে ভাৰ্জিনিয়া কক্সৰ ইংৰাজী অনুবাদ ইল মেৰিটো ডেলা ডনে, দ্য ৱৰ্থ অৱ ৱিমেন, প্ৰথম প্ৰকাশ কৰিছিল। ২০১৮ চনত ইউনিভাৰ্চিটি অৱ চিকাগো প্ৰেছে কক্সৰ অনুবাদ দ্য মেৰিটছ অৱ ৱিমেন নামেৰে প্ৰকাশ কৰিছিল। ২০১৮ ৰ সংস্কৰণত পূৰ্বৱৰ্তী সংস্কৰণৰ সৈতে প্ৰকাশিত বেছিভাগ পাণ্ডিত্যপূৰ্ণ পাদটীকা আৰু পৰিশিষ্ট বাদ দিয়া হৈছিল যাতে এক বহল দৰ্শকক পাঠ পঢ়িবলৈ উৎসাহিত কৰা হয়। দ্য মেৰিটছ অৱ ৱিমেনত ডাচিয়া মৰিয়নিৰ পৰা নতুনকৈ অনুবাদ কৰা পৰিচয়ও প্ৰদৰ্শিত হৈছিল।[14]
বিশ্লেষণ
সম্পাদনা কৰকএড্ৰিয়ানা চেমেলো, পাওলা মালপেজী প্ৰাইজ, আৰু মাৰ্গাৰেট কিঙে দাবী কৰিছে যে সংলাপত অংশগ্ৰহণ কৰা সকলো মহিলাৰ ভিতৰত ক’ৰিনাই ফণ্টেৰ নিজৰ মতামত আৰু চৰিত্ৰক প্ৰতিনিধিত্ব কৰাৰ আটাইতকৈ কাষ চাপিবলৈ সক্ষম হৈছে।[15]
বাইবেলৰ ভাষ্য
সম্পাদনা কৰকআমাণ্ডা ডব্লিউ বেনকহুইচেনে ফণ্টেক দ্য ৱৰ্থ অৱ ৱিমেনত "ইভৰ মহিলা সমৰ্থক পঢ়া" উপস্থাপন কৰা বুলি বৰ্ণনা কৰিছে।[16] ফণ্টে স্বীকাৰ কৰে যে খ্ৰীষ্টান ধৰ্মত পুৰুষ (আদম) নাৰীৰ আগতেই সৃষ্টি হৈছিল, কিন্তু ইয়াৰ দ্বাৰা নাৰীৰ শ্ৰেষ্ঠত্বক সমৰ্থন কৰা বুলি দাবী কৰে।[17] ইভক আদমৰ সহায়িকা হিচাপে সৃষ্টি কৰা হৈছিল, যিয়ে মানুহৰ অসম্পূৰ্ণতা আৰু হীনমন্যতা প্ৰদৰ্শন কৰে বুলি ফণ্টে দাবী কৰে। ফণ্টে আদমৰ পাপক ইভতকৈ বেয়া বুলি ভাৱে। বেনকহুইচেনে এনেদৰে দাবী কৰে যে পুৰুষসকলক মহিলাৰ ওপৰত ৰখা সামাজিক শ্ৰেণীবিন্যাসৰ বাইবেলত কোনো ভিত্তি নাই।[18]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Cox, Virginia (2015). A Short History of the Italian Renaissance. Bloomsbury Publishing. পৃষ্ঠা. 195. ISBN 9780857727756. https://books.google.com/books?id=r7eKDwAAQBAJ.
- ↑ 2.0 2.1 2.2 Kolsky, Stephen (2001). "Moderata Fonte, Lucrezia Marinella, Giuseppe Passi: An Early Seventeenth-Century Feminist Controversy". The Modern Language Review খণ্ড 96 (4): 974. doi:10.2307/3735864. ISSN 0026-7937. https://www.jstor.org/stable/3735864.
- ↑ Janson, Sharon L. (2008). Debating Women, Politics, and Power in Early Modern Europe. Palgrave Macmillan US. পৃষ্ঠা. 142. ISBN 9780230605527.
- ↑ Smarr, Janet Levarie (1995). "The Uses of Conversation: Moderata Fonte and Edmund Tilney". Comparative Literature Studies খণ্ড 32 (1): 3. ISSN 0010-4132. https://www.jstor.org/stable/40246974.
- ↑ Cox, Virginia (October 2005). "Sixteenth-Century Women Petrarchists and the Legacy of Laura". Journal of Medieval and Early Modern Studies খণ্ড 35 (3): 590–91. doi:10.1215/10829636-35-3-583. ISSN 1082-9636. http://dx.doi.org/10.1215/10829636-35-3-583.
- ↑ Shemek, Deanna (2018). "Ariostan Armory: Feminist Responses to the Orlando Furioso". MLN খণ্ড 133 (1): 148–159. doi:10.1353/mln.2018.0011. ISSN 1080-6598. http://dx.doi.org/10.1353/mln.2018.0011.
- ↑ Robin, Diana Maury; Levin, Carole; Larsen, Anne R. (2007). Encyclopedia of Women in the Renaissance: Italy, France, and England. ABC-CLIO. পৃষ্ঠা. 151. ISBN 9781851097722. https://books.google.com/books?id=OQ8mdTjxungC.
- ↑ Cox, Virginia (1995). "The Single Self: Feminist Thought and the Marriage Market in Early Modern Venice". Renaissance Quarterly খণ্ড 48 (3): 543. doi:10.2307/2862873. ISSN 0034-4338. https://www.jstor.org/stable/2862873.
- ↑ Cox, Virginia (1995). "The Single Self: Feminist Thought and the Marriage Market in Early Modern Venice". Renaissance Quarterly খণ্ড 48 (3): 513–581. doi:10.2307/2862873. ISSN 0034-4338. https://www.jstor.org/stable/2862873.
- ↑ Higginson, Thomas Wentworth (February 1959). "Ought Women to Learn the Alphabet?" (en-US ভাষাত). The Atlantic. https://www.theatlantic.com/magazine/archive/1859/02/ought-women-to-learn-the-alphabet/306366/। আহৰণ কৰা হৈছে: 2 November 2020.
- ↑ Kolsky, Stephen D. (1993). "Wells of Knowledge: Moderata Fonte'sIl Merito delle donne". The Italianist খণ্ড 13: 57–96. doi:10.1179/ita.1993.13.1.57. ISSN 0261-4340. http://dx.doi.org/10.1179/ita.1993.13.1.57.
- ↑ Richardson, Brian (2020). Women and the Circulation of Texts in Renaissance Italy. Cambridge University Press. পৃষ্ঠা. 80. ISBN 9781108477697. https://books.google.com/books?id=R9rNDwAAQBAJ.
- ↑ Ross, Sarah Gwyneth (2010). The Birth of Feminism: woman as intellect in Renaissance Italy and England. Harvard University Press. পৃষ্ঠা. 285. ISBN 9780674054530. https://books.google.com/books?id=8giPf4fOQ5oC&q=fonte.
- ↑ Fonte, Moderata (2018). "Publisher's Note". The Merits of Women : Wherein Is Revealed Their Nobility and Their Superiority to Men. University of Chicago Press. পৃষ্ঠা. 7. ISBN 9780226550770.
- ↑ Smarr, Janet Levarie (1995). "The Uses of Conversation: Moderata Fonte and Edmund Tilney". Comparative Literature Studies খণ্ড 32 (1): 11. ISSN 0010-4132. https://www.jstor.org/stable/40246974.
- ↑ Benckhuysen, Amanda W. (2019). The Gospel According to Eve : A History of Women's Interpretation. InterVarsity Press. পৃষ্ঠা. 35. ISBN 9780830873654.
- ↑ Minnis, Alastair (2015). From Eden to Eternity : Creations of Paradise in the Later Middle Ages. University of Pennsylvania Press. পৃষ্ঠা. 92. ISBN 9780812247237.
- ↑ Benckhuysen, Amanda W. (2019). The Gospel According to Eve : A History of Women's Interpretation. InterVarsity Press. পৃষ্ঠা. 35–41. ISBN 9780830873654.