ধদ
ধদ (ইংৰাজী: Dhadd) ভাৰতৰ পঞ্জাব অঞ্চলত প্ৰচলিত পাৰম্পৰিক সুৰাশ্ৰয়ী ঘাতবাদ্য। ধদ দেখিবলৈ ডম্বৰু আকৃতিৰ। সাধাৰণতে ধাদি সংগীত প্ৰদশৰ্ন কৰা ধাদি জাথা সমূহে ধদ বাদ্যযন্ত্ৰ বজায়।[1][2] ই ধাদি সংগীতৰ অবিচ্ছেদ্য অংশ। ধাদিৰ উপৰিও পঞ্জাব অঞ্চলৰ লোকগীত সমূহত ইয়াক ব্যৱহাৰ কৰা হয়। অঞ্চলভেদে ইয়াক ধদ্দ্ বা ধধ্ নামেৰেও জনাজাত।[3][4]
ধদ বাদ্যযন্ত্ৰ | |
আন নাম | ধদ্দ্, ধধ্ |
---|---|
শ্ৰেণী | সুৰাশ্ৰয়ী ঘাতবাদ্য |
আনুষঙ্গিক বাদ্য | |
উডুকাই | |
বাদ্যযন্ত্ৰী | |
অমৰ সিংহ শানুকি |
বৰ্ণনা
সম্পাদনা কৰকএটুকুৰা কাঠক ডম্বৰু আকৃতিৰ অৰ্থাৎ মাজৰ অংশৰ বেধ কম আৰু এই বেধ ক্ৰমান্বয়ে দুইমূৰৰ ফালে বাঢ়ি যোৱা আকৃতিৰ ধদ তৈয়াৰ কৰা হয়।[5][6] ইয়াক প্ৰস্তুত কৰিবলৈ সাধাৰণতে আম, নুনি বা চিচু গছৰ কাঠ ব্যৱহাৰ কৰা হয়। দুয়োফালৰ মূৰ ইটোৰ লগত সিটো কটকটীয়াকৈ ৰছীৰে মুখ্য গাঁথনিৰ সৈতে টানকৈ বান্ধি ৰখা হয়। ই বাদ্যবিধ দৃঢ়ভাৱে একেলগে ধৰি ৰখাত সহায় কৰে। মুখ দুখন বৃত্তাকাৰ আৰু ছাগলীৰ চামৰাৰে ঢকা। ইয়াৰ ডিজাইন অন্যান্য ভাৰতীয় সুৰাশ্ৰয়ী ঘাতবাদ্য যেনে ডম্বৰু, উদুকাই, ইডেকা আদিৰ দৰে যথেষ্ট একে। ডম্বৰুৰ সোঁমাজত, মূৰত দুটা টোপোলা আকৃতিৰ গাঁঠি থকা দুগছ সূতাৰে বন্ধা থাকে। ডম্বৰুৰ গা-টোৰ মাজত হাতেৰে ধৰি ডম্বৰুটো জোকাৰিলে সেই টোপোলা দুটাই ছাল দুখনৰ যথাস্থানত আঘাত কৰি শব্দ ধ্বনিৰ সৃষ্টি কৰে। কিন্তু ধদত এনে কোনো পৃথক ৰচী ব্যৱহাৰ কৰা নহয়। ডম্বৰু কঁপাই থাকিলে ঘূৰ্ণন কৰি অতি সোনকালে বজোৱা হয় যাতে ৰছীবোৰে শব্দ সৃষ্টি কৰিবলৈ ইয়াৰ কাষত আঘাত কৰে[2][6] আৰু কেতিয়াবা লাঠিৰেও বজোৱা হয়।[2] উদুকাই আৰু ধদ বজোৱাৰ কৌশল প্ৰায় একেই, কিন্তু তেওঁলোকৰ ভিন্ন ভিন্ন সামাজিক গুৰুত্ব আছে।
বাদনশৈলী
সম্পাদনা কৰকধদৰ এটা প্ৰান্তত আঙুলিৰ সহায়ত আঘাত কৰি বজোৱা হয়।[2][5][7] ধদৰ মাজভাগত মেৰিয়াই থোৱা সৰু কাপোৰ টান বা ঢিলা কৰি ইয়াৰ শব্দৰ তীব্ৰতা আৰু তীক্ষ্ণতা নিয়ন্ত্ৰণ কৰা হয়। হাতেৰে চামৰাৰ কম্পন নিয়ন্ত্ৰিত কৰি মুক্ত বা বন্ধ শব্দও প্ৰস্তুত কৰিব পৰা যায়।
সংস্কৃতিক গুৰুত্ব
সম্পাদনা কৰকশিখ ধৰ্মৰ লগত জড়িত আৰু ভাৰতৰ পঞ্জাব ৰাজ্যত প্ৰচলিত পাৰম্পৰিক সংগীতৰ ধাৰা ধাদিৰ ই অন্যতম মুখ্য বাদ্য। ধাদি সকলে পাৰম্পৰিক লোকবাদ্য ধদ আৰু সাৰংগী বজাই পঞ্জাবৰ বেলাড বা কাহিনীগীত গায়।[1][4] কাহ্ন সিং নাভাৰ মহান কোষৰ মতে ধাদিৰ সংজ্ঞা হৈছে "যি ধদ বজাই যোদ্ধাসকলৰ বেলাড বা কাহিনীগীত গায়।" অৰ্থাৎ ধদ ধাদি সংগীতৰ অবিচ্ছেদ্য অংগ। ধাদিৰ লগতে পঞ্জাবৰ লোকসংগীত সমূহত ধদ বজোৱা হয়।[6][7] ইয়াক শিশুসকলৰ বাবে পৰিৰ কাহিনীগীত আৰু ভাংৰা নৃত্যৰ সৈতেও বজোৱা হয়।
তথ্য উৎস
সম্পাদনা কৰক- ↑ 1.0 1.1 Nabha, Kahan Singh. Gur Shabad Ratnakar Mahan Kosh. প্ৰকাশক Amritsar: Bhai Chatar Singh, Jeewan Singh.
- ↑ 2.0 2.1 2.2 2.3 "Dhad of Punjab". www.rajsamandplus.com. http://www.rajsamandplus.com/dhad-of-punjab.html। আহৰণ কৰা হৈছে: 14 Mar 2012.[সংযোগবিহীন উৎস]
- ↑ "DHADD". www.vikramasentamritsar.com. Archived from the original on 2012-05-21. https://web.archive.org/web/20120521211810/http://www.vikramasentamritsar.com/bhangra.html। আহৰণ কৰা হৈছে: 10 Mar 2012.
- ↑ 4.0 4.1 "Dhadi and Dhadd Sarangi". www.punjabijanta.com. 30 Aug 2011. http://punjabijanta.com/lok-virsa/dhaddi-and-dhadd-sarangi/?nowap। আহৰণ কৰা হৈছে: 10 Mar 2012.
- ↑ 5.0 5.1 "DHAD". www.canteach.ca. http://www.canteach.ca/elementary/sikhism11.html। আহৰণ কৰা হৈছে: 13 Mar 2012.
- ↑ 6.0 6.1 6.2 "DHAD". www.chandrakantha.com. Archived from the original on 16 March 2012. https://web.archive.org/web/20120316022549/http://www.chandrakantha.com/articles/indian_music/dhad.html। আহৰণ কৰা হৈছে: 13 Mar 2012.
- ↑ 7.0 7.1 "Dhadi tradition". Informative article. www.esikhs.com. Archived from the original on 22 November 2010. https://web.archive.org/web/20101122222833/http://www.esikhs.com/articles/dhadi_tradition.htm। আহৰণ কৰা হৈছে: 13 Mar 2012.