ধন সিং গুৰ্জাৰ

মীৰাটত থকা ধন সিং গুৰ্জাৰৰ এটি মূৰ্তি
জন্ম পঞ্চলী বা পাঞ্চালী, মীৰাট, ইষ্ট ইণ্ডিয়া কোম্পানী
মৃত্যু ৪ জুলাই, ১৮৫৭
মীৰাট, ব্ৰিটিছ ভাৰত
ৰাজনৈতিক আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলন

ধন সিং গুৰ্জাৰ (ইংৰাজী: Dhan Singh Gurjar) যাক ধুন্না সিং বুলিও জনা যায়, তেওঁ মীৰাটৰ ভাৰতীয় কোতৱাল (আৰক্ষী প্ৰধান) আছিল। তেওঁ ১৮৫৭ চনৰ বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল আৰু মীৰাটত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে প্ৰাৰম্ভিক পদক্ষেপৰ নেতৃত্ব দিছিল।[1][2] তেওঁক ১৮৫৭ চনৰ বিপ্লৱৰ প্ৰৱৰ্তক হিচাপে জনা যায়।[3]

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

ধন সিঙৰ জন্ম হয় মীৰাট জিলাৰ পঞ্চলী বা পাঞ্চালী গাঁৱত।[4] মীৰাটৰ গুৰ্জাৰসকল পৰম্পৰাগতভাৱে এক শক্তিশালী সম্প্ৰদায় আছিল, যি অঞ্চলটোৰ ভূমি আৰু গৰুৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰিছিল। অৱশ্যে, কোম্পানীৰ শাসনকালত, তেওঁলোকে তেওঁলোকৰ গৰু চৰাবলৈ নিৰ্ভৰ কৰা বেছিভাগ ভূমি আন গোটলৈ নিলাম কৰা হৈছিল। ব্ৰিটিছ বিষয়াসকলে গুৰ্জাৰসকলক অপৰাধী জনজাতি আইনৰ অধীনত অভ্যাসগত অপৰাধী বুলি অভিহিত কৰিছিল।[5]

১৮৫৭ চনৰ বিদ্ৰোহত ভূমিকা সম্পাদনা কৰক

 
১৮৫৭ চনৰ বিদ্ৰোহৰ এক দৃশ্য।

১৮৫৭ চনৰ ১০ মে তাৰিখে মীৰাটত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ বিৰুদ্ধে এক বিদ্ৰোহ আৰম্ভ হয়। চহৰখনৰ কোতৱাল হিচাপে, ধন সিঙৰ কাম আছিল চহৰখন সুৰক্ষিত কৰা। কিন্তু সেইদিনা তেওঁৰ বহুতো বিষয়াই বিদ্ৰোহত যোগদান কৰিবলৈ বা বিদ্ৰোহীসকলৰ ক্ৰোধৰ পৰা ৰক্ষা পাবলৈ তেওঁৰ বাহিনী ত্যাগ কৰিছিল। চহৰখন বৃহৎ পৰিমাণৰ বিদ্ৰোহী কাৰ্যকলাপ, লুণ্ঠন আৰু হত্যা আদিৰ সাক্ষী হ'ব লগা হৈছিল। যেতিয়া তেওঁৰ দুজন চকীদাৰে ঘোঁৰা চুৰি কৰাৰ বাবে দুজন গুৰ্জাৰ লোকক আটক কৰিছিল, বিদ্ৰোহীসকলৰ দ্বাৰা প্ৰতিশোধৰ স্বীকাৰ হোৱাৰ ভয়ত তেওঁ তেওঁলোকক গ্ৰেপ্তাৰ নকৰিবলৈ কৈছিল। প্ৰায় মাজনিশা, তেওঁক এজন বঙালী লোকৰ ঘৰলৈ আহিবলৈ জনোৱা হৈছিল, যাৰ ওপৰত সশস্ত্ৰ গুৰ্জাৰৰ এটা বিশাল দলে লুণ্ঠন চলাইছিল। ধন সিঙৰ চকীদাৰসকলে ইয়াৰে দুজন লুণ্ঠনকাৰীক গ্ৰেপ্তাৰ কৰিছিল, কিন্তু সিঙে তেওঁলোকক গুৰ্জাৰসকলৰ বিৰুদ্ধে বল প্ৰয়োগ কৰাত বাধা দিছিল। তাৰ পিছত দলটো আঁতৰি যাবলৈ সন্মত হোৱাৰ পিছত তেওঁ আটক হোৱা লোক দুজনক মুকলি কৰি দিয়ে,[5]

ধন সিং আৰু আন কেইবাজনো আৰক্ষীয়ে পিছত আৰক্ষী বাহিনী (কোতৱালী) ত্যাগ কৰিছিল।[5] তেওঁ নেতৃত্বত আন্দোলনৰ অংশ হোৱা মীৰাট জিলাৰ হাজাৰ হাজাৰ গাওঁবাসী চহৰৰ কাৰাগাৰালৈকে আগবাঢ়িছিল। চৰকাৰী তথ্য অনুসৰি, বিদ্ৰোহীসকলে ৮৩৯জন বন্দীক কাৰাগাৰৰ পৰা মুকলি কৰি দিছিল। এই বন্দীসকল দিল্লীৰ অৱৰোধত অংশগ্ৰহণ কৰা বিদ্ৰোহীসকলৰ ভিতৰত আছিল।[6]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Crispin Bates (26 March 2013). Mutiny at the Margins: New Perspectives on the Indian Uprising of 1857: Volume I: Anticipations and Experiences in the Locality. SAGE Publications. পৃষ্ঠা. 236–. ISBN 978-81-321-1336-2. https://books.google.com/books?id=VJ-HAwAAQBAJ&pg=PA236. 
  2. Uday Rana (2015-05-09). "Farmers, cops and sadhus who aided sepoys in 1857". The Times of India. http://timesofindia.indiatimes.com/city/meerut/Farmers-cops-and-sadhus-who-aided-sepoys-in-1857/articleshow/47225728.cms. 
  3. Singh, Vineet. "धन सिंह गुर्जर ने शुरू किया था देश का पहला स्वतंत्रता संग्राम, अंग्रेजी हुकूमत के छूट गए थे पसीने" (hi ভাষাত). Patrika News. https://m.patrika.com/hot-on-web/dhan-singh-gurjar-was-the-first-revolutionary-of-india-4547693/। আহৰণ কৰা হৈছে: 2021-07-21. 
  4. Henderson, Carol E. (2013). "Spatial Memorialising of War in 1857: Memories, Traces and Silences in Ethnography". In Bates, Crispin. Mutiny at the Margins: New Perspectives on the Indian Uprising of 1857. I. SAGE Publications India. পৃষ্ঠা. 236. ISBN 9788132113362. https://books.google.com/books?id=VJ-HAwAAQBAJ&pg=PA236. 
  5. 5.0 5.1 5.2 Kim A. Wagner (2010). The great fear of 1857: rumours, conspiracies and the making of the Indian Mutiny. Peter Lang. পৃষ্ঠা. 162–165. ISBN 9781906165277. https://books.google.com/books?id=35sGgU8A4CEC&pg=PA28. 
  6. Uday Rana (2015-05-09). "Farmers, cops and sadhus who aided sepoys in 1857". The Times of India. http://timesofindia.indiatimes.com/city/meerut/Farmers-cops-and-sadhus-who-aided-sepoys-in-1857/articleshow/47225728.cms.