ধ্বনিতত্ত্ব (ইংৰাজী: Phonology) হৈছে ভাষাবিজ্ঞানৰ এটা শাখা য'ত ভাষা বিশেষত ব্যৱহাৰ হোৱা ধ্বনিসমূহ কি, কেনেদৰে, ক'ত আৰু কিহৰ সহায়ত উচ্চাৰণ কৰা হয়, এটা ধ্বনিগুণ আন এটা ধ্বনিতকৈ কিয় বেলেগ ইত্যাদি কথাবোৰ শৃঙ্খলাৱদ্ধ বিশ্লেষণ সামৰি লোৱা হয়। ধ্বনিতত্ত্বত কোনো এটা নিৰ্দিষ্ট ভাষাৰ বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিসমূহ, ধ্বনিৰ পৰিৱৰ্তন, বৰ্ণসমূহ আৰু বৰ্ণসমূহৰ বিভিন্নতাৰ বিষয়ে বিজ্ঞানসন্মতভাৱে সূক্ষ্মভাৱে বিশ্লেষণ কৰা হয়। "ভাষা অনুসৰি ধ্বনিৰ উচ্চাৰণৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। বৈশিষ্ট্যসম্পন্ন ভাষা বিশেষৰ ধ্বনি সম্পৰ্কে অধ্যয়ন কৰিবলৈ লওঁতে ধ্বনি অধ্যয়ন প্ৰণালী অৰ্থাৎ ধ্বনিতত্ত্বৰ আৱশ্যক।"[1] গতিকে দেখা যায় যে, ধ্বনিতত্ত্বৰ প্ৰধান কাম হৈছে- "কোনো এটা ভাষাত উচ্চাৰিত ধ্বনিসমূহৰ উচ্চাৰণগত ভাষিক বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰি এইবোৰক চিনাক্তকৰণ কৰা।"[2][3] "ধ্বনিতত্ত্ব হৈছে নিৰ্দিষ্ট বা বিশেষত্বপূৰ্ণ আৰু কাৰ্যকৰী।" ধ্বনিতত্ত্বত ভাষা বিশেষত উচ্চাৰিত বাগধ্বনিসমূহৰ উচ্চাৰণৰ প্ৰকৃতি বিচাৰ কৰি ইহঁতৰ প্ৰয়োগ বিশ্লেষণৰ জৰিয়তে বৰ্ণ নিৰ্ণয় কৰা হয়। ধ্বনিতত্ত্বত ধ্বনিৰ নিৰ্বাচন আৰু এই ধ্বনিসমূহৰ প্ৰয়োগ বিশ্লেষণেই অধ্যয়নৰ মূল বিষয়।[4] ধ্বনিতত্ত্বই ভাষা এটাৰ ধ্বনিবিজ্ঞান আৰু বৰ্ণবিজ্ঞানৰ সামগ্ৰিক আলোচনা কৰে। ধ্বনিতত্ত্বত ভাষাৰ ব্যৱহাৰিক ৰূপৰ বিষয়তহে গুৰুত্ব আৰোপ কৰা হয়।[5] ভাষাবিজ্ঞানী চাৰ্লচ এফ. হ'কেটে (Charles F. Hockett) ধ্বনিতত্ত্ব (Phonology) আৰু বৰ্ণবিজ্ঞান ৰ (Phonemics) মাজত পাৰ্থক্য ৰখা নাই। হ'কেটৰ মতে, "বাগধ্বনিৰ উৎপাদান, এইবোৰ বিচাৰ আৰু ব্যৱহাৰ সম্পৰ্কে ভাষাবিজ্ঞানৰ অন্তৰ্গত ধ্বনিতত্ত্ব বা বৰ্ণবিজ্ঞান শাখাত কৰা হয়।[6] আনহাতে, ব্লুমফিল্ডে ধ্বনিতত্ত্ব সম্পৰ্কে এনেদৰে কৈছে- "বাগধ্বনিৰ প্ৰণালীবদ্ধ আলোচনাই হৈছে ধ্বনিতত্ত্ব বা কাৰ্যকাৰী ধ্বনিবিজ্ঞানৰ ধাৰা।"[7]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. সম্পাদনা ড॰ কৰবী গগৈ,ড॰ দীপালি গগৈ. ভাষাবিজ্ঞানৰ পৰিচয়. পৃষ্ঠা. ৪৭. 
  2. ড॰ অৰ্পণা কোঁৱৰ. "অসমীয়া ভাষা-চিন্তন". পৃষ্ঠা. ৪. 
  3. Robins. "General Linguistics". পৃষ্ঠা. ১২৭. 
  4. ড॰ অপৰ্ণা কোঁৱৰ. পৃষ্ঠা. ১৩৬. 
  5. সম্পাদনা: ড॰ কৰবী গগৈ,ডক্তৰ দীপালি গগৈ. "ভাষাবিজ্ঞানৰ পৰিচয়". পৃষ্ঠা. ৪৬. 
  6. ড॰ অৰ্পণা কোঁৱৰ. অসমীয়া ভাষা-চিন্তন. পৃষ্ঠা. ৪. 
  7. সম্পাদনা ড॰ কৰবী গগৈ,ড॰ দীপালি গগৈ. ভাষাবিজ্ঞানৰ পৰিচয়. পৃষ্ঠা. ৪৭.