ধ্বনিবিজ্ঞান

মানৱ ভাষাৰ ধ্বনিসমূহৰ অধ্যয়ন

ভাষাবিজ্ঞানৰ যিটো শাখাত মানৱ বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত বাগধ্বনিসমূহৰ সমস্ত জ্ঞানৰ বিতংকৈ বিশ্লেষণ কৰা হয়, ভাষাবিজ্ঞানৰ সেই শাখাটোকে ধ্বনিবিজ্ঞান (ইংৰাজী: Phonetics) বুলি কোৱা হয়।

ধ্বনিবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Phonetics'। ইংৰাজীৰ 'Phonetics' শব্দটো গ্ৰীক ভাষাৰ শব্দ। এই শব্দটো দুটা শব্দৰে গঠন হৈছে- phone+istics=phonetics; 'phone' মানে ধ্বনি আৰু 'istics' মানে জ্ঞান বা বিজ্ঞান। অৰ্থাৎ ধ্বনিসমূহৰ জ্ঞান য'ত পোৱা যায় অথবা যি শাস্ত্ৰত ধ্বনিসমূহৰ বিশ্লেষণ আগবঢ়োৱা হয় তেনে শাস্ত্ৰক বুজাবৰ বাবেহে এই শব্দটো ব্যৱহাৰ কৰা হয়।[1]

ধ্বনিবিজ্ঞানত ধ্বনিৰ বিশ্লেষণ কৰা হয়। ধ্বনিৰ উচ্চাৰণ, উচ্চাৰণ কৰোঁতে প্ৰয়োগ হোৱা বাগিন্দ্ৰিয়, উচ্চাৰণৰ বিভিন্ন কৌশল বা ধৰণ আৰু স্থান, ধ্বনিৰ লক্ষণ আৰু গুণ, ধ্বনিৰ প্ৰকৃতি আৰু স্বৰূপ আদিৰ বিজ্ঞানসন্মত সূক্ষ্ম আলোচনা ধ্বনিবিজ্ঞানত কৰা হয়। মানুহে বিভিন্ন বাগযন্ত্ৰৰ দ্বাৰা কেনেকৈ ধ্বনি উৎপন্ন কৰে, ধ্বনিৰ গুণাগুণ কেনেকৈ সলনি কৰিব পাৰে, ধ্বনিয়ে কেনেকৈ এজনৰ মুখৰপৰা গৈ আনজনৰ শ্ৰৱণেন্দ্ৰিয়ত প্ৰতিক্ৰিয়া ঘটাব পাৰে আদি কথা ধ্বনিবিজ্ঞানত বিশ্লেষণ কৰা হয়। তদুপৰি ধ্বনিৰ উচ্চৰণত সংক্ৰমিত হোৱা বায়ুপ্ৰৱাহৰ তৰংগ অৰ্থাৎ বায়ুপ্ৰৱাহৰ গতি কিদৰে উচ্চাৰণাত্মক প্ৰক্ৰিয়াত জড়িত হৈ থাকে এনে দিশসমূহৰ বিষয়েও ধ্বনি বিজ্ঞানত বিশ্লেষণ কৰা হয়। একেদৰে, ধ্বনিবিজ্ঞানত ধ্বনিৰ প্ৰকাৰভেদ, ধ্বনিৰ হ্ৰস্ব-দীৰ্ঘ, অনুনাসিকতা, যুগ্মতা আদি সম্পৰ্কেও খৰচি মাৰি আলোচনা কৰা হয়। ধ্বনিৰ উচ্চাৰণ, ধ্বনি বৰ্ণনা, ধ্বনিৰ শ্ৰেণীবিভাজন, ধ্বনি উচ্চাৰণ আৰু গ্ৰহণৰ ক্ষেত্ৰত মানৱ শৰীৰৰ কেনে সম্পৰ্ক, এনে দিশসমূহৰ বিচাৰ-বিশ্লেষণৰ বাবে পদাৰ্থ বিজ্ঞানক সামৰি ধ্বনিবিজ্ঞানক এক প্ৰকৃত বিজ্ঞানৰ শাৰীত ধৰা হৈছে।[1]

ধ্বনিবিজ্ঞানৰ কাম

সম্পাদনা কৰক

ধ্বনিবিজ্ঞানত কোনো এটা বিশেষ ভাষাৰ অধ্যয়ন চলোৱা নহয়। সামগ্ৰিকভাৱে পৃথিৱীৰ ভাষাসমূহত উচ্চাৰিত ধ্বনিসমূহৰ সাধাৰণ বিশ্লেষণ আগবঢ়োৱা হয়। ধ্বনিবিজ্ঞানৰ প্ৰধান কাম সম্পৰ্কে থোৰতে এনেদৰে ক’ব পাৰি— (ক) বাগিন্দ্ৰিয়ৰ দ্বাৰা উৎপাদিত ধ্বনিসমূহৰ তাত্ত্বিক আৰু প্ৰায়োগিক দিশৰ অধ্যয়ন কৰা হয়। ধ্বনিসমূহৰ উচ্চাৰণৰ বিশেষত্ব অনুসৰি ধ্বনিৰ প্ৰকাৰ আৰু পৰিভাষা নিৰ্ণয় কৰা হয়। পৃথিৱীৰ সকলো ভাষাতে উচ্চাৰিত ধ্বনিসমূহৰ বিচাৰ-বিশ্লেষণ কৰা হয়। (খ) বাগিন্দ্ৰিয় (Organ of Speech) অৰ্থাৎ নাসিকাবিবৰ, ঘটিকা বা বাগযন্ত্ৰ, স্বৰতন্ত্ৰী, গলকোষ, তালুকা, ওঁঠ, দাঁত, জিভা আদিয়ে ধ্বনিসমূহৰ উৎপাদনত কেনেদৰে কাম কৰে এই সম্পৰ্কেও ধ্বনিবিজ্ঞানত আলোচনা কৰা হয়।

ধ্বনিবৈজ্ঞানিক বিশ্লেষণ

সম্পাদনা কৰক


সহায়ক গ্ৰন্থসমূহত

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. 1.0 1.1 ড॰ অৰ্পণা কোঁৱৰ (2016). "অসমীয়া ভাষা-চিন্তন". পৃষ্ঠা. ১.