মেজৰ ধ্যান চান্দ (ইংৰাজী: Dhyan Chand, ২৯ আগষ্ট ১৯০৫ – ৩ ডিচেম্বৰ ১৯৭৯) এজন ভাৰতীয় ফিল্ড হকী খেলুৱৈ আছিল। তেওঁক ভাৰতীয় ক্ৰীড়া ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণ্য কৰা হয়।[3] ১৯২৮, ১৯৩২ আৰু ১৯৩৬ চনত ভাৰতে ফিল্ড হকীত আধিপত্য বিস্তাৰ কৰা যুগত তিনিটা অলিম্পিক স্বৰ্ণ পদক অৰ্জন কৰাৰ উপৰিও তেওঁ তেওঁৰ অসাধাৰণ গ'ল-স্ক'ৰিং কৃতিত্বৰ বাবে জনাজাত আছিল। তেওঁৰ প্ৰভাৱ আৰু অৱদানৰ ফলস্বৰূপে ভাৰতে ১৯২৮ চনৰ পৰা ১৯৬৪ চনলৈ আঠটা অলিম্পিকৰ ভিতৰত সাতখনত ফিল্ড হকী ইভেণ্টত স্বৰ্ণ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ সুন্দৰ বল নিয়ন্ত্ৰণৰ বাবে 'হকীৰ যাদুকৰ'[4][5] বা 'দ্য মেজিচিয়ান'[6][7] নামেৰে জনাজাত ধ্যান চান্দে ১৯২৬ চনৰ পৰা ১৯৪৯ চনলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছিল। তেওঁৰ আত্মজীৱনী "গ'ল" অনুসৰি তেওঁ ১৮৫খন খেলত ৫৭০টা গ'ল কৰিছিল।[8] ভাৰত চৰকাৰে ১৯৫৬ চনত তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান কৰে।[9] তেওঁৰ জন্মদিন ২৯ আগষ্টক প্ৰতি বছৰে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা ২০২১ চনত তেওঁৰ নামেৰে পুনৰ নামকৰণ কৰা হৈছিল।[10]

মেজৰ
ধ্যান চান্দ
পদ্মভূষণ

ধ্যান চান্দ
ব্যক্তিগত তথ্যাৱলী
জন্ম নাম ধ্যান সিং
উপনাম হকীৰ যাদুকৰ
জন্ম ২৯ আগষ্ট, ১৯০৫[1]
এলাহাবাদ, ইউনাইটেড প্ৰভিন্সেছ অফ আগ্ৰা এণ্ড অৱধ, ব্ৰিটিছ ভাৰত
(বৰ্তমান প্ৰয়াগৰাজ, উত্তৰ প্ৰদেশ, ভাৰত)
মৃত্যু ৩ ডিচেম্বৰ, ১৯৭৯ (৭৪ বছৰ)[2]
সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লী
ধ্যান চান্দ
আনুগত্য  ভাৰত
 ভাৰত
চাকৰি/শাখা  British Indian Army
 ভাৰতীয় সেনা
চাকৰিৰ কাৰ্যকাল ১৯২২-১৯৫৬
পদমৰ্যদা মেজৰ
ইউনিট প্ৰথম ব্ৰাহ্মণ
চতুৰ্দশ পঞ্জাব ৰেজিমেণ্ট
পঞ্জাব ৰেজিমেণ্ট
ক্ৰীড়া
দেশ ভাৰত
ক্ৰীড়া হকী
দল ভাৰতৰ ৰাষ্ট্ৰীয় পুৰুষ ফিল্ড হকী দল

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Indian hockey's famous legend Dhyan Chand's resume". Mid-Day. 3 December 2015. http://www.mid-day.com/articles/indian-hockeys-famous-legend-dhyan-chands-resume/15527174. 
  2. Dharma Raja, M.K.. "Hockey Wizard Dhyan Chand Remembered". Press Information Bureau (Government of India). http://pib.nic.in/feature/feyr2000/faug2000/f220820002.html. 
  3. "Dhyan Chand (Indian athlete)". Encyclopædia Britannica. 
  4. "Find out about India's hockey wizard". http://news.bbc.co.uk/sportacademy/hi/sa/hockey/features/newsid_3493000/3493965.stm. 
  5. "Dhyan Chand  – The Legend Lives On". bhartiyahockey.org. http://www.bharatiyahockey.org/granthalaya/legend/encounters/page12.htm. 
  6. "National Sports Day: PM Narendra Modi pays tribute to Major Dhyan Chand on birth anniversary". Indian Express. 29 August 2017. https://indianexpress.com/article/sports/sport-others/national-sports-day-pm-narendra-modi-pays-tribute-to-major-dhyan-chand-on-birth-anniversary-4818607/. 
  7. "Remembering Dhyan Chand, the magician". rediff.com. 28 August 2010. http://sports.rediff.com/report/2010/aug/28/remembering-hockey-legend-dhyan-chand-magician.htm. 
  8. Chand, p. 255
  9. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015. 
  10. "Khel Ratna Award renamed after Dhyan Chand" (en-IN ভাষাত). The Hindu. Press Trust of India. 6 August 2021. https://www.thehindu.com/sport/other-sports/khel-ratna-award-renamed-after-dhyan-chand/article35760637.ece.