ধ্ৰুপদী বলবিজ্ঞান

(ধ্ৰুপদী বলবিদ্যাৰ পৰা পুনঃনিৰ্দেশিত)

পদাৰ্থ বিজ্ঞানত বলবিজ্ঞানৰ দুটা প্ৰধান ক্ষেত্ৰৰ এটা ক্ষেত্ৰ হৈছে ধ্ৰুপদী বলবিজ্ঞান। ধ্ৰুপদী বলবিজ্ঞানত সংশ্লিষ্ট কোনো বল প্ৰণালীৰ প্ৰভাৱত কোনো পদাৰ্থ বা অৱয়ব(ইংৰাজী: body)ৰ গতিৰ সৈতে জড়িত ভৌতিক নীতি আৰু সূত্ৰসমূহৰ সম্পৰ্কে আলোচনা কৰা হয়। পদাৰ্থৰ গতি বিষয়ক অধ্যয়নৰ বুৰঞ্জী অতি পুৰণি আৰু সেয়েই ধ্ৰুপদী বলবিজ্ঞান অভিযান্ত্ৰিক, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিষয়ত অধ্যয়নৰ অন্যতম প্ৰাচীন আৰু বৃহৎ ক্ষেত্ৰ হিচাপে পৰিগণিত হৈ আহিছে।

ধ্ৰুপদী বলবিজ্ঞানত বৃহৎ আকাৰৰ বস্তু, যেনে প্ৰক্ষেপকৰ পৰা আৰম্ভ কৰি যন্ত্ৰাংশ, জ্যোতিবৈজ্ঞানিক অৱয়ব যেনে- মহাকাশযান, গ্ৰহ, নক্ষত্ৰ, তাৰকাৰাজ্য ইত্যাদিৰ গতি বৰ্ণনা কৰা হয়। এইবিলাকৰ উপৰিও ধ্ৰুপদী বলবিজ্ঞানৰ পৰিসীমাৰ ভিতৰতে বহু বিশেষীকৃত শাখাত পদাৰ্থৰ গেছ, তৰল, কঠিন প্ৰাৱস্থা আৰু অন্যান্য নিৰ্দিষ্ট উপ-বিষয়সমূহো অধ্যয়ন কৰা হয়। অধ্যয়নৰ অনুক্ষেত্ৰ বৃহৎ আকাৰৰ বস্তুৰ ক্ষেত্ৰতেই সীমাবদ্ধ ৰাখিলে আৰু ইবিলাকৰ লগত জড়িত দ্ৰুতি পোহৰৰ গতিবেগৰ ওচৰ নচপা পৰ্য্যন্ত ধ্ৰুপদী বলবিজ্ঞানে অতিশয় নিৰ্ভুল ব্যাখ্যা তথা ফলাফল দিব পাৰে। অধ্যয়নীকৃত বস্তু যথেষ্টভাৱে সূক্ষ্ম হ'লে বলবিজ্ঞানৰ অন্যটো মুখ্য উপ-ক্ষেত্ৰ, কোৱাণ্টাম বলবিজ্ঞানৰ ব্যৱহাৰ অত্যন্ত প্ৰয়োজনীয় হৈ পৰে। কোৱাণ্টাম বলবিজ্ঞানপদাৰ্থ বিজ্ঞানৰ মেক্ৰ'স্ক'পিক সূত্ৰ আৰু নীতিসমূহক পদাৰ্থৰ পাৰমাণৱিক প্ৰকৃতিৰ সৈতে সংগবদ্ধ কৰা হয় আৰু অণু আৰু পৰমাণুতৰংগ-কণা দ্বৈত ধৰ্ম প্ৰকৃতিকো অন্তৰ্ভুক্ত কৰা হয়। উচ্চ গতি সম্পন্ন বস্তুৰ ক্ষেত্ৰত (যিবিলাকৰ বেগ পোহৰৰ গতিবেগৰ ওচৰ চাপে) ধ্ৰুপদী বলবিজ্ঞানক বিশেষ আপেক্ষিকতাবাদৰ জৰিয়তে বিস্তাৰিত কৰা হয়। সাধাৰণ আপেক্ষিকতাবাদ তত্ত্বই বিশেষ আপেক্ষিকতাবাদনিউটনৰ সাৰ্বভৌম মহাকৰ্ষণৰ সূত্ৰৰ সৈতে একত্ৰিত কৰে, আৰু ইয়াৰ জৰিয়তে পদাৰ্থবিদসকলৰ বাবে মহাকৰ্ষণ গভীৰভাৱে অধ্যয়ন কৰা সম্ভৱপৰ হৈ উঠে।

বিংশ শতাব্দীৰ আদিভাগতে আইজাক নিউটন আৰু সপ্তদশ শতাব্দীৰ তেওঁৰ বহু সমসাময়িক প্ৰাকৃতিক দাৰ্শনিকৰ প্ৰচেষ্টাৰ দ্বাৰা গঢ় লৈ উঠা পদাৰ্থবিজ্ঞান অধ্যয়নৰ ধাৰাটোক বুজাবৰ বাবে ধ্ৰুপদী বলবিজ্ঞান অভিধা সৃষ্টি হৈছিল। টাইক' ব্ৰাহেৰ সূক্ষ্ম জ্যোতিৰ্বৈজ্ঞানিক পৰ্য্যবেক্ষণ আৰু গেলিলিঅ' গেলিলিৰ ভূমিৰ পৰা প্ৰক্ষেপিত প্ৰক্ষেপকৰ গতি অধ্যয়নৰ ভেঁটিত জ'হান্স্ কেপলাৰজ্যোতি পদাৰ্থ বিজ্ঞানৰ তত্ত্বসমূহে গঢ় লৈ উঠিছিল আৰু কেপলাৰৰ এই তত্ত্বসমূহৰ ভিত্তিতেই নিউটন আৰু তেওঁৰ সমসাময়িকসকলৰ এই পদাৰ্থ বিজ্ঞানৰ বুনিয়াদ গঢ়ি উঠিছিল। যিহেতু কোৱাণ্টাম পদাৰ্থ বিজ্ঞান আৰু আপেক্ষিকতাবাদৰ বহু আগতেই পদাৰ্থ বিজ্ঞানৰ এই অধ্যয়নৰ দিশ আৰু দৃষ্টিভংগীসমূহ উদ্ভূত হৈছিল, সেইবাবে বহু উৎসত আইনষ্টাইনআপেক্ষিকতাবাদ অন্তৰ্ভুক্ত নোহোৱাকৈ থাকে। অৱশ্যে, বহু আধুনিক উৎসত আপেক্ষিকীয় বলবিজ্ঞানক অন্তৰ্ভুক্ত কৰা হয়, আৰু এই উৎস সমূহে ধ্ৰুপদী বলবিজ্ঞানক ইয়াৰ সৰ্বোকৃষ্ট আৰু নিৰ্ভুল ৰূপত উপস্থাপিত কৰে বুলি ক'ব খোজে।

টোকা সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক