ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ২০১৪ বৰ্ষত নিম্নোক্ত সকললৈ এই বঁটা আগবঢ়োৱা হৈছে।

# শাখা আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
পদাৰ্থ বিজ্ঞান
তাকাকি কাজিতা
(Takaaki Kajita)
 জাপান নিউট্ৰিন' দোলনৰ আৱিষ্কাৰৰ বাবে, যিয়ৈ দেখুৱাবলৈ সক্ষম হয় যে নিউট্ৰিন' কণাৰ ভৰ আছে ("for the discovery of neutrino oscillations, which shows that neutrinos have mass")
আৰ্থাৰ বি. মেক্‌ড'নাল্ড
(Arther B. McDonald)
 কানাডা
ৰসায়ন বিজ্ঞান
টমাছ লিণ্ডেল
(Tomas Lindahl)
 ছুইডেন
 যুক্তৰাজ্য
ডিএনএ মেৰামতিৰ কৌশল সম্বন্ধীয় গৱেষণাৰ বাবে ("for mechanistic studies of DNA repair"
পল মড্ৰিখ্‌
(Paul Modrich)
 আমেৰিকা যুক্তৰাষ্ট্ৰ
আজিজ ছেনকেৰ
(Aziz Sancar)
 তুৰস্ক
 আমেৰিকা যুক্তৰাষ্ট্ৰ
ফিজিঅ'লজী বা মেডিচিন
উইলিয়াম চি. কেম্পবেল
(William C. Campbell)
 আয়াৰলেণ্ড
 আমেৰিকা যুক্তৰাষ্ট্ৰ
ঘূৰণীয়া কৃমিৰ সংক্ৰমণৰ বিৰূদ্ধে এক নৱ্য চিকিৎসা পদ্ধতি আৱিস্কাৰৰ বিষয়ে কৰা গৱেষণাৰ বাবে ("for their discoveries concerning a novel therapy against infections caused by roundworm parasites")
শ্বাট'ছি ওমুৰা
(Satoshi Ōmura)
 জাপান
য়ুয়ু টু
(Youyou Tu)
 চীন মেলেৰিয়াৰ বিৰূদ্ধে এক নৱ্য চিকিৎসা পদ্ধিতৰ আৱিষ্কাৰৰ বিষয়ে কৰা গৱেষণাৰ বাবে ("for her discoveries concerning a novel therapy against Malaria")
সাহিত্য
স্বেতলানা এলেক্সিয়েভিচ্‌
(Svetlana Alexievich)
 বেলাৰুছ এই সময়ৰ দুখ-কষ্ট আৰু সাহসৰ প্ৰতিমূৰ্তিস্বৰূপ তেখেতৰ বহুধ্বনিক লিখনীৰ বাবে ("for her polyphonic writings, a monument to suffering and courage in our time")
শান্তিৰ ন'বেল বঁটা
নেশ্যনেল ডাইলগ কোৱাৰ্টেট
(National Dialogue Quartet)
 তুনিছিয়া ২০১১-ৰ জেছমিন বিপ্লৱৰ সময়ত টিউনিছিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে লোৱা সাহসী পদক্ষেপৰ বাবে ("for its decisive contribution to the building of a pluralistic democracy in Tunisia in the wake of the Jasmine Revolution of 2011")
অৰ্থনীতি
এংগাছ ডিটন
(Angus Deaton)
 যুক্তৰাজ্য
 আমেৰিকা যুক্তৰাষ্ট্ৰ
ভোগ, দাৰিদ্ৰ্য, আৰু কল্যাণৰ বিষয়ে কৰা বিশ্লেষণাত্মক গৱেষণাৰ বাবে ("for his analysis of consumption, poverty, and welfare")

তথ্য সংগ্ৰহ সম্পাদনা কৰক

http://www.nobelprize.org/nobel_prizes/lists/year/index.html?year=2015&images=yes

বাহ্যিক সংযোগ সম্পাদনা কৰক