নকুলচন্দ্ৰ ভূঞা
নকুলচন্দ্ৰ ভূঞা (ইংৰাজী: Nakul Chandra Bhuyan) (১৮৯৫-১৯৬৮) এজন অসমীয়া বুৰঞ্জীবিদ, নাট্যকাৰ আৰু গল্পকাৰ। চাহ বাগিছাৰ মেনেজাৰ হিচাপে কৰ্মৰত হৈয়ে অৱসৰ গ্ৰহণ কৰে। তেখেতৰ বিহুগীতৰ সংগ্ৰহ 'বহাগী' লোক-সাহিত্যৰ ভঁৰাললৈ এক অমূল্য অৱদান। অসম সাহিত্য সভাৰ ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা ১৯৬৭ চনৰ বাৰ্ষিক অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল।[1]
নকুলচন্দ্ৰ ভূঞা | |
---|---|
জন্ম | ১৮৯৫ চন চাৰিঙ, শিৱসাগৰ |
মৃত্যু | ১৬ জানুৱাৰী, ১৯৬৮ চন |
পেচা | বুৰঞ্জীবিদ, নাট্যকাৰ, গল্পকাৰ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰত |
নাগৰিকত্ব | ভাৰত |
জন্ম আৰু শিক্ষা
সম্পাদনা কৰকনকুলচন্দ্ৰ ভূঞাৰ জন্ম হয় ১৮৯৫ চনত শিৱসাগৰ জিলাৰ চাৰিঙত। তেখেতৰ দেউতাকৰ নাম আছিল গোপালচন্দ্ৰ ভূঞা। প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ চৰকাৰী চাকৰিত সোমায় যদিও পিছত চাহ বাগিছাৰ মেনেজাৰ হিচাপে কৰ্মৰত হয় আৰু সেই কামৰ পৰাই অৱসৰ গ্ৰহণ কৰে। তেখেতে কিছুদিন অসম বিত্ত নিগমৰো সদস্য হৈ আছিল।[1]
ৰচনা সমগ্ৰ
সম্পাদনা কৰক- বাৰভূঞাৰ বুৰঞ্জী, (১৯১৬)
- বহাগী (১৯২৩) (বিহুগীতৰ সংকলন)
- চাহ বাগিছাৰ বনুৱা,
- চোৰাংচোৱা চ’ৰা (১৯১৮) (গল্প সংকলন)
- শাহু আই (১৯২৫) (নাটক)
- বদন বৰফুকন, (১৯২৭) (নাটক),
- চন্দ্ৰকান্ত সিংহ, (১৯৩১)(নাটক)
- জোনোৱালি (১৯৩৩), (গল্প সংকলন)
- বিদ্ৰোহী মৰাণ,(১৯৩৮),(নাটক)
- গল্পৰ শৰাই (১৯৬২), (গল্প সংকলন)
- নুমলী কুঁৱৰী, (১৯৬৩)(নাটক)
অন্যান্য
সম্পাদনা কৰক- ৰাধাকান্ত সন্দিকৈৰ জীৱনী গ্ৰন্থ, (১৯৬১)
মৃত্যু
সম্পাদনা কৰকএই গৰাকী বিশিষ্ট নাট্যকাৰৰ ১৯৬৮ চনৰ ১৬ জানুৱাৰীত মৃত্যু হয়।