নকুলচন্দ্ৰ ভূঞা
(নকুল চন্দ্ৰ ভূঞাৰ পৰা পুনঃনিৰ্দেশিত)
নকুলচন্দ্ৰ ভূঞা (ইংৰাজী: Nakul Chandra Bhuyan) (১৮৯৫-১৯৬৮) এজন অসমীয়া বুৰঞ্জীবিদ, নাট্যকাৰ আৰু গল্পকাৰ। চাহ বাগিছাৰ মেনেজাৰ হিচাপে কৰ্মৰত হৈয়ে অৱসৰ গ্ৰহণ কৰে। তেখেতৰ বিহুগীতৰ সংগ্ৰহ 'বহাগী' লোক-সাহিত্যৰ ভঁৰাললৈ এক অমূল্য অৱদান। অসম সাহিত্য সভাৰ ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা ১৯৬৭ চনৰ বাৰ্ষিক অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল।[1]
নকুলচন্দ্ৰ ভূঞা | |
---|---|
![]() | |
জন্ম | ১৮৯৫ চন চাৰিঙ, শিৱসাগৰ |
মৃত্যু | ১৬ জানুৱাৰী, ১৯৬৮ চন |
পেচা | বুৰঞ্জীবিদ, নাট্যকাৰ, গল্পকাৰ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ![]() |
নাগৰিকত্ব | ভাৰত |
জন্ম আৰু শিক্ষা সম্পাদনা কৰক
নকুলচন্দ্ৰ ভূঞাৰ জন্ম হয় ১৮৯৫ চনত শিৱসাগৰ জিলাৰ চাৰিঙত। তেখেতৰ দেউতাকৰ নাম আছিল গোপালচন্দ্ৰ ভূঞা। প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ চৰকাৰী চাকৰিত সোমায় যদিও পিছত চাহ বাগিছাৰ মেনেজাৰ হিচাপে কৰ্মৰত হয় আৰু সেই কামৰ পৰাই অৱসৰ গ্ৰহণ কৰে। তেখেতে কিছুদিন অসম বিত্ত নিগমৰো সদস্য হৈ আছিল।[1]
ৰচনা সমগ্ৰ সম্পাদনা কৰক
- বৰাভূঞা,
- বৰাভূঞাৰ বুৰঞ্জী, (১৯১৬)
- চাহ বাগিছাৰ বনুৱা,
- বদন বৰফুকন, (১৯২৭) (নাটক),
- চন্দ্ৰকান্ত সিংহ, (১৯৩১)(নাটক)
- নুমলী কুঁৱৰী, (১৯৬৩)(নাটক)
- বিদ্ৰোহী মৰাণ,(১৯৩৮),(নাটক)
গল্প সংকলন সম্পাদনা কৰক
- জোনোৱালী,
- গল্পৰ শৰাই,
- চোৰাংচোৱাৰ চ'ৰা
- ৰাধাকান্ত সন্দিকৈৰ জীৱনী গ্ৰন্থ, (১৯৬১)
মৃত্যু সম্পাদনা কৰক
এই গৰাকী বিশিষ্ট নাট্যকাৰৰ ১৯৬৮ চনৰ ১৬ জানুৱাৰীত মৃত্যু হয়।